লকডাউন, ক’ৰনা আৰু নিম্ন মধ্যবিত্তৰ ট্রেজেডি

সীমিত আয়, এটা কোঠাতে বহুকেইজনৰ বিছনা, দ্রব্যমূল্যৰ উর্ধ্বগতি, লিখা-পঢ়াৰ খৰচ, আৰু প্রত্যাশাৰ লগত প্রাপ্তিৰ মিল নথকা আদি প্রায় প্রতিটো নিম্ন মধ্যবিত্ত পৰিয়ালৰ জীৱনত দৈনন্দিন সঙ্গী।বহুতেই “ইজ্জত” যোৱাৰ ভয়ত লিখিব পৰা নাই “নিম্ন মধ্যবিত্তৰ ট্রেজেডি” (lower middle class tragedy). কিন্তু উপায় নাই বাবেই অকণমান উনুকিয়ালো।

বিশেষ কোনো আর্থিক পেকেজ নিদিয়াকৈ আৰু যদি কিছুদিন এনেকৈ থাকে , ক’ৰনা নালাগে – বেঙ্ক আৰু ধাৰ দিয়া ব্যক্তি সকলৰ চাপত- হয় পলাই ফুৰিব লাগিব নতুবা আত্মহনন কৰিব লাগিব। ইতিমধ্যে “কামোৰ” দিয়া আৰম্ভ কৰিছেই। জীৱনত মোবাইলৰ switch off কৰি নোপোৱা ব্যক্তিজনেও আজিকালি অফ কৰিবলৈ বাধ্য হৈ যাও। কি উত্তৰ দিম? ধাৰ খিনি কেতিয়া উভতাই দিম আৰু কেনেকৈ ?

ক্লায়েন্টৰ কাম সম্পূর্ণ কৰিব পৰা নাই। এতিয়া কাম দিব লাগে নহলে অ্যাডভান্স ৰিটার্ন কৰিব লাগে। কৰ পৰা ৰিটার্ন কৰিম ?

বেলেগ ডাঙৰ কোম্পানীক outsource কৰিলো – তিনিমাহ লৈ কাম সম্পূর্ণ নকৰিলে চাপ দিব নোৱাৰো – আইনী ব্যবস্থাও লব নোৱাৰো- চৰকাৰী নির্দেশ। কিন্তু এই নির্দেশ মানিবলৈ বা বুজিবলৈ ইচ্ছুক নহয় আমাৰ B২C ক্লায়েন্ট

ধাৰত লৈ প্রজেক্টৰ কাম আধৰুৱা কৈ কৰিলোঁ কিন্তু সম্পূর্ণ কৰিব পৰা নাই। ধাৰ দিয়া ব্যক্তি সকলৰ ফোন উঠাবলৈ ভয় লাগে।

চাৰিচকীয়াৰ EMI , CC বিল আদি moratorium হলেও দিবই লাগিব তথা অতিৰিক্ত সুতসহ।
এশ এবুৰি সমস্যা। মাথা হেঙ হৈ গৈছে। কোনোবাই অলপ বহলাই নিম্ন মধ্যবিত্তৰ ট্রেজেডি খন ফালিব নেকি ?

 

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.