টোপনিত লালকাল : মাইন উদ্দিন

টোপনিত লালকাল

মাইন উদ্দিন

টোপনি নাই ওৰে ৰাতি উজাগৰে
নীল আকাশলৈ তন্ময় হৈ চাই থাকো
অমানিশাৰ অন্ধকাৰত এছাটি পোহৰৰ অপেক্ষাত
মৰুত মৰিচীকা বিচাৰি খিৰিকী খন খুলি দিলো।

ভাবিছিলো চন্দ্ৰৰ পোহৰত গা ধুম
নাই , সেয়া আচন্দ্রাৰ অলৌকিকতা মাথোন
শতাব্দীজোৰা এলান্ধু মুক্ত হোৱাৰ সপোন
অমাবশ্যাৰ জোনটোৰ দৰেই আশাহত কৰিলে।

নিশাচৰ পক্ষীকূলে বহি আছে গছৰ ডালত
প্রতিমুহূর্তে ইজনে সিজনক সংকেতেৰে মাতে
আমাৰ উজাগৰী প্রাণী কেইটা বাদে জাহান টোপনিত লালকাল
নগণ্য কেইজন সম্ভাব্য বিপদত কম্পিত ,অনুভুতিত সিক্ত ।

এয়া নিশ্চিত মৃত্যুৰ দুৱাৰদলিৰ সপোন গাথা
কেৱল মিছা মায়াৰ পৰিশ্ৰান্ত পথিকৰ অপেক্ষায় অপেক্ষমান
এয়া নহয়তো বিধিৰ বিধান আহাজাৰি দীর্ঘ নিঃশ্বাস ?
হয়তো আৰু দেখা পোৱা নাযাব তমোহৰ নাশিনী কিৰণ।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.