15 Commandments of Miya Mythology

EVM ত বুটাম টিপাৰ আগতেই, বেলেগে নকৰিলেও মই কিন্তু তলত দিয়াবোৰ মুখস্ত কৰিম : (15 Commandments of Miya Mythology) ১. প্ৰবজনকাৰী (immigrant) ২ .অভিবাসী মুছলমান ৩. সন্দেহজনক নাগৰিক ৪. বাংলাদেশী মিঞা ৫. বাংলাদেশী মূলৰ গেদা ৬. মিঞা গোলাম ৭. অবৈধ প্ৰবজনকাৰী, ৮. বাংলাদেশী মুছলমান ৯. পমুৱা মুছলমান ১০. জিন্নাৰ বংশধৰ ১১. আগকটা মিঞা ১২. কাঠমোল্লা মিঞা ১৩. নেলী, নাগবান্ধা, চাউলখোৱা, মুকালমুৱা, বাঁশবাড়ী, লক্ষীপুৰ, আমতেঙ্গা, নাৰায়ণগুড়ি , বালাপাড়া ১৪. বিমলা চালিহা, কুইট আসাম, আনোৱাৰা তাইমুৰ, কাটাতাঁৰৰ চিহ্ন ১৫. থ্রী ডি ( ডি ভোটাৰ , ডিটেনচন কেম্প, ডাউটফুল চিটিজেন)

AIUDF ৰ দৰে দলৰ প্রয়োজন আছে কিন্তু বদৰুদ্দীন আজমলৰ নাই

মাইন উদ্দিন: আপুনি স্বীকাৰ কৰক বা নকৰক এইটো কথা সত্য যে অসমৰ ধর্মীয় সংখ্যালঘু জনগণৰ মাজত বৰাকৰ ছিলেটিয়া সকল শৈক্ষিক আৰু আর্থিক ভাবে বেছি স্বচ্ছল। এই কথাৰ প্রমান মইনুল হক চৌধুৰীৰ পৰা গোলাম ওছমানী হৈ বদৰুদ্দীন আজমল লৈকে পাব পাৰি। সেইদৰে বৌদ্ধিক জগত খনও প্রায় একেই – অধ্যাপক আব্দুল মান্নান চাৰৰ পৰা মনিৰুল হাছান ছাৰ লৈকে দিব পাৰি। স্বাধীনতাৰ আগৰ সময়ত ব্রহ্মপুত্র উপত্যাকাৰ অবিসম্বাদী নেতা মৌলনা ভাসানীৰ এটা অবিবেচক সিদ্ধান্তই সংখ্যালঘু জনতাক নেতা বিহীন কৰিছিল কিন্তু সাধাৰণ দুখীয়া জনতাই মৌলনা ভাসানীৰ সিদ্ধান্তক অগ্রাহ্য কৰি এই অসমকে নিজৰ মাতৃভূমি বুলি ৰৈ গৈছিল। এই নেতা বিহীনতাৰ সুযোগ লৈছিল তদান্তীন চিলেট জিলাৰ পৰা […]

আপোনাক বা আপোনাৰ দলক ভোট কিয় দিম ?

মাইন উদ্দিন: আজি বিশেষ সকাম এটাত শহুৰেকৰ ঘৰত গৈছিলো। গাড়ীখন ৰখাই নুমুলীয়া খুলশালী (ল’ৰা) জনকলৈ ৰৈ আছিলো কাৰণ বেছি ভীৰৰ মাজত নিজে চলাব নোৱাৰো (চৰকাৰী ভাবে Learner সকলক অনুমতি দিয়া নাই). পুৰণি চিনাকি বন্ধু এজন মোক alto ৮০০ৰ কাষত ৰৈ থকা দেখা পাই দামী Swift গাড়ী খন ৰখাই কাষত আহি বিভিন্ন খা খবৰ সুধিলে লগতে তেখেতৰ দলক অলপ কমকৈ বা মিহিকৈ সমালোচনা কৰাৰ অনুৰোধ কৰিলে। বন্ধুবৰে মোক বুজাই আছিল – তেখেতৰ দলক ভোট দিবই লাগিব আৰু নিশ্চয়তা দি কৈছিল যে আমাৰ (মিঞাৰ) কোনো বিকল্প নাই। আমাৰ দুয়োৰে ৰাজনৈতিক কথাৰ মাজত এজন চিনাকি ( নাম নাজানো কিন্তু শহুৰেকৰ ঘৰৰ আশে-পাশে ঘৰ […]

কবিতা : এয়া আমাৰো দেশ (এই দ্যাশেৰ আমৰা)

এয়া আমাৰো দেশ @ মাইন উদ্দিন আমাৰ দেউতাৰ ককাদেউতাই কৈছিল এয়া কোন দেশত আহিলো কেৱল হাবিয়েই হাবি মাছ-কাছ সকলো পোৱা যায় কেৱল নাপায় মৰমৰ ভাটিয়ালি গান। কালি গৈছিলো এটা সমদলত প্রমান দিবলৈ আমিও এই দেশৰ দেশখনৰ কি হৈছে নাজানো প্রতিবাৰেই কেৱল অমিয়েই প্রমান দিব লাগে এইখন আমাৰ দেশ আৰু আমি এই দেশৰ। সৌৱা চোৱা, আহিছে চৰকাৰী নিমন্ত্রণ এন আৰ ছি হিয়াৰিঙ নোটিছ কিমানবাৰ যে প্রমান দিলো তথাপি মহাশয় সকল সন্তুষ্ট নহয় এইবাৰ চিধা কথা, আগলৈ আৰু প্রমান নিদিওঁ। ১৯৫০ ৰ ৰাইট কিন্তু পাহৰি যোৱা নাই বিমলা প্রাসাদ চলিহাৰ কুইট অসমৰ ফল ৰাতিৰ এন্ধাৰত ১৯৬৯০১ দেশান্তৰ কৰা নেলী, নাগবান্ধা ,চাউলখোৱা, নাৰায়ণগুৰি […]

ভূপেনদাই স্বীকৃতি দিয়া অসমৰ তথাকথিত ‘মিঞা’

“পদ্মা নদীৰ ধুমুহাত পৰি কত শতজন আহিলে লুইতৰ দুয়ো পাৰে কতনা অতিথি আদৰিলে কিছু ল’ব লাগে, কিছু দিব লাগে, জীণ যাবলে’ হ’লে মিলিব লাগে, মিলাব লাগে, ৰবীন্দ্রনাথেও ক’লে ” ভূপেনদাই স্বীকৃতি দিয়া তথাকথিত ‘মিঞা’ (ন-অসমীয়া , চৰুবা, লোহিত্য সম্প্রদায়, ভাটিয়া, চৰ চাপৰি বাসী ,গেদা আদি) জনগোষ্ঠীটোক লৈ আপোনালোকৰ কলম সাধাৰণতে নীৰৱ(দুই এজন বাদে)। আজিৰ এই পবিত্র (ভূপেনদাৰ ওপজা) দিনত আপোনালোকৰ পৰা স্পষ্ট মতামত বিচাৰো, সেয়া ইয়াত মন্তব্য আকাৰে নহয় , নিজৰ নিজৰ টাইম লাইনত article আকাৰে। কেইটামান বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰিবলৈ অনুৰোধ কৰিলো। ১. অসমত মিঞা(?) সকল স্থায়ী বাসিন্ধা হয় নে? (১৯৭১, ২৪ মাৰ্চৰ পিছৰ অবৈধ বিদেশী খিনিক আলোচনালৈ […]

অসমত বেবেৰিবাং আকাৰে কিছু অপ্রিয় সত্য

মাইন উদ্দিন : আজিৰ তাৰিখত ‘অসমীয়া ভাষা’ এনেকুৱা এটা পৰ্যায়ত আছে যে এজন ব্যক্তিও অসমীয়া ভাষাত কথা নকলেও ‘অসমীয়া ভাষা’ লুপ্ত হৈ নাযায় । অসমীয়া ভাষা ইতিমধ্যেই লব্ধপ্রতিষ্ঠিত হৈছে। গতিকে ভাষাৰ নামত ‘ইম’চনেল ব্লেকমেইলিং’ যুক্তিযুক্ত নহয় আৰু কোনো লাভালাভ ও নহব। পিছে ‘অসমীয়া জাতি’ গঠনত কি হব সেয়া মোৰ বোধগম্যৰ বাহিৰত। সীমিত অধ্যয়নে কৈ আছে – অসমীয়া বুলি নির্দিষ্ট কোনো জনগোষ্ঠী নাই ,১৩০+ জনগোষ্ঠীৰ সংমিশ্রণত গঠিত হৈছে অসমীয়া জাতি আৰু বেছি ভাগ জনগোষ্ঠীৰে আছে নিজৰ নিজৰ ভাষা-সংস্কৃতি কেৱল তথাকথিত মিঞা খিনিৰ বাদে। প্রতক্ষ্য ভাবে কবলৈ গলে, মিঞা নামৰ কোনো জনগোষ্ঠীক প্রচলিত সমাজ ব্যৱস্থাই স্বীকৃতি দিয়া নাই আৰু ইতিহাসৰ পাতত ও […]

মিঞা সকলৰ বিৰুদ্ধে তথাকথিত জাতীয়তাবাদী সকলে ব্যৱহাৰ কৰা তাচ্ছিল্য আৰু কিছু শব্দ

মাইন উদ্দিন : উগ্ৰ হিন্দুতত্ববাদে আজিকালি উগ্র জাতীয়তাবাদৰ ভাও লৈছে আৰু কিছুমান অতি অসমীয়াই নিজকে খিলঞ্জীয়াৰ লেবেল মাৰি মুচলিম নাম মাত্ৰেই ‘গেদা’ বাংলাদেশী,গেদীয়, ইত্যাদি নামেৰে তুচ্ছ তাচ্ছিল্য কৰা দেখা যায় । সেই সকল ছদ্মৱেশী মুখা পিন্ধা ভদ্ৰ লোক সকলোক চৰ চাপৰি পেজৰ ফালৰ পৰা কব বিচাৰিছো । ‘গেদা’ এটা শব্দ নহয় । ই কেৱল মাত্ৰ তেজৰ সম্পৰ্ক থকা মানুহ খিনিয়ে নিজ ল’ৰা সন্তানক গেদা বুলি মাতে ।লিখিত বাবে নহয় কেৱল মাত্ৰ ঘৰুৱা বাবে এটা নিৰ্দিষ্ট জনজাতিৰ লোকে এই শব্দ টো ব্যৱহাৰ কৰে নিজৰ লৰাৰ প্ৰতি মৰমতে । যেনেকৈ নেপালী সকলে নিজৰ ল’ৰাক ‘গেটা’ বুলি মাতে ।যেনেকৈ অসমীয়া সমাজত ল’ৰাক বাবা […]

অসমীয়া জাতি গঠন আৰু কিছু চিন্তা

মাইন উদ্দিন: নিজে এজন সমাজ বিজ্ঞানীও নহয় , ভাষাবিধ ও নহয় বা স্বীকৃত সমাজ সেৱক ও নহয়। কলেজত জীৱ বিজ্ঞান পৰিছিলো আৰু তাৰ পিছত B. Th আৰু MBA (e-ccomerce) কৰি সম্পূর্ণ ভাবে তথ্য প্রযুক্তিত সোমাই দুবেলাৰ দুসাজ অন্ন যোগানতেই ব্যস্ত থাকিব লগা হয়। এজন মানুহ হিচাবে কেতিয়াবা দুই এষাৰ মানৱতাৰ সপক্ষে লিখো সেয়া ইংৰাজী , অসমীয়া , মালায়ালাম, তামিল বা হিন্দী ভাষাৰ কোনোবা News Portal বা দৈনিক বা সাপ্তাহিক বা মাসিক কাগজত। সময় পালে সৰু সুৰা দুই এটা আপডেট ফেচবুক বা টুইটাৰতো দিয়া যায়। আজি কেইমাহ মানত এটা প্রশ্নই বাৰে বাৰে বিব্রত কৰি আছে (প্রায় ১০০০ জনে কৰিছে) কিন্তু সময় […]

পুনৰ মুদ্রণ : কাক নো ধোৱা তুলসীৰ পাত বুলি কম ?

মাইন উদ্দিন : বঙ্গমূলীয় কওক বা চৰ চাপৰি বাসী বুলি কওক বা গেদা বুলিয়েই কওক নতুবা মিঞা বুলিয়েই কওক, এই ইছলাম ধর্মী মানুহ খিনিক লৈ সকলোৱে নিজৰ ইচ্ছামতে খেল খেলি ৰাতি টোৰ ভিতৰত নেতা হৈ পৰে। এনেকি কিছুমানে মন্ত্রী, এম এল এ হোৱাৰ উপৰিও জাতীয় নায়ক উপাধিও পায়। অতীতলৈ অকণমান ঘূৰি চালেই দেখা যায় – ১৯১৯ চনত কিছুমানে এই মানুহ খিনিৰ অন্ন -বস্ত্র -বাসস্থানৰ বিৰোধ কৰাৰ কাৰণে বহু জনে সন্মানীয় উপাধি লাভ কৰিছিল আৰু সেই সময়ৰ চৰকাৰে “লাইন প্রথা -১৯২০” জাপি দিছিল। অসম বিধান সভাৰ সদস্য মৌলনা আব্দুল হামিদ খান ভাসানীৰ প্রচেষ্টাত কিছু সকাহ পাইছিল যদিও “চেগু খান” খ্যাত ভাসানীৰ […]

হোলী আৰু দৌল উংসৱৰ অনুভৱ

ঞ্চলৰ সন্তান হিচাবে “মিনি ইন্ডিয়া ” ত আমাৰ বাল্যকাল অতিবাহিত কৰিছিলো। প্রতিটো লোক উৎসৱত জাতি-ধর্ম , ভাষা নির্বিশেষে অংশ গ্রহণ কৰিছিল আৰু সেই পৰম্পৰা আজিও অক্ষত আছে বুলি বন্ধুবৰ Sudip Kumar Choudhury জনাইছে।