মিঞা সকলৰ বিৰুদ্ধে তথাকথিত জাতীয়তাবাদী সকলে ব্যৱহাৰ কৰা তাচ্ছিল্য আৰু কিছু শব্দ

মাইন উদ্দিন :

উগ্ৰ হিন্দুতত্ববাদে আজিকালি উগ্র জাতীয়তাবাদৰ ভাও লৈছে আৰু কিছুমান অতি অসমীয়াই নিজকে খিলঞ্জীয়াৰ লেবেল মাৰি মুচলিম নাম মাত্ৰেই ‘গেদা’ বাংলাদেশী,গেদীয়, ইত্যাদি নামেৰে তুচ্ছ তাচ্ছিল্য কৰা দেখা যায় । সেই সকল ছদ্মৱেশী মুখা পিন্ধা ভদ্ৰ লোক সকলোক চৰ চাপৰি পেজৰ ফালৰ পৰা কব বিচাৰিছো ।

‘গেদা’ এটা শব্দ নহয় । ই কেৱল মাত্ৰ তেজৰ সম্পৰ্ক থকা মানুহ খিনিয়ে নিজ ল’ৰা সন্তানক গেদা বুলি মাতে ।লিখিত বাবে নহয় কেৱল মাত্ৰ ঘৰুৱা বাবে এটা নিৰ্দিষ্ট জনজাতিৰ লোকে এই শব্দ টো ব্যৱহাৰ কৰে নিজৰ লৰাৰ প্ৰতি মৰমতে ।
যেনেকৈ নেপালী সকলে নিজৰ ল’ৰাক ‘গেটা’ বুলি মাতে ।যেনেকৈ অসমীয়া সমাজত ল’ৰাক বাবা বুলিও বহুতে মাতা দেখা যায় ।
তেনে ক্ষেত্ৰত এটা নিৰ্দ্দিষ্ট জাতিক সততে গেদা ,গেদীয় বুলি কিয় কটাক্ষ কৰা হয় ।যি সময়ত অসমত নান ভাষা গোষ্ঠীৰ প্ৰত্যেকৰ একোটা কৈ নিজস্ব ভাষা আছে । তেনে ক্ষেত্ৰত এটা নিৰ্দ্দিষ্ট জাতিক সততে ইতিকিং কৰা হয় কিয় ?মিঞা সম্প্ৰদায়ৰ মানুহ খিনিয়ে অতি অসমীয়া সকলোৰ ক্ষতি কত কৰিছে ।দুমুঠি ভাতৰ কাৰনে মূৰৰ গাম মাটিত পেলাই উপাৰ্জন কৰে ।মিঞা সকল নহ’লে আজিৰ দিনত সেই সকল একো একোজনে ভাতে খাব নোৱাৰো।কাৰন ঘৰৰ কাম কৰাৰ পৰা শাক পাচলি লৈকে সকলোতে।

গেদা (মানে লৰা) শব্দ যাৰ লগতে কোনো তেজৰ সম্পৰ্ক নাই কিহৰ ভিত্তিত গেদা বুলি কৈ মূৰ্খৰ পৰিচয় কিয় দিব আহিছে । সেই সকল মূৰ্খ অন্ধ ভক্তক সকিয়নি দিছো ।এজন দেউতাই বা এজনী মাকে হে লৰা জনক গেদা বুলি মাতাৰ অধিকাৰ আছে ? তঁহতৰ এনে এটা শব্দক ব্যঙ্গত্মক কৰাৰ অধিকাৰ নাই ।

এই জানো নিৰ্লজ্জ অতি অসমীয়াৰ ভাষাৰ পৰিচয় ।এই শব্দ টো কেৱল ঘৰুৱা হিচাপে ব্যৱহাৰ হয়।সততে লিখিত হিচাপে ব্যৱহাৰ কৰা এই শব্দ টো কোন টো অভিধানত আছে ? যদি নাই তেতিয়া হলে অসমীয়া ভাষা বিকৃত কৰাৰো অধিকাৰ নাই।অসমীয়া অসমীয়া বুলি চিঞৰি থকা মূৰ্খ বোৰে এই জানো অসমীয়া ভাষা বিকৃত কৰা নাই ?
সততে বাংলাদেশীৰ ভুত দেখা সকলে আমাক কিহৰ বিত্তিত বাংলাদেশী কবলৈ আহিছো । সেই সকলোৰ হাতত কিবা প্ৰমাণ আছে নে কিহৰ কাৰনে এই তিৰস্কাৰ ।সেই সকলোৰ NRC কিমান চনৰ আছে তাতকৈ আমাক যদি পৰিকল্পিত বাবে ডি ভোটা নাই বা নাম ভুলৰ বাবে যাতনা নিদিয়ে আমাৰ এজনো বাদ নপৰে (ডুপ্লিকেট নহয় অৰিজিনেল ডকোমেন্ট) আমি ডাঠি দি কব পাৰো আমিও খিলঞ্জীয়া অসমীয়া ।আমি যুগ যুগ ধৰি অসমত বসবাস কৰি আহিছোঁ ।এই নহয় অসমৰ বাকী থকা জনগোষ্ঠী মাটি ফুটি ওলাইছে সিহতেও আমাৰ দৰে যুগে যুগে কোনোবা নহয় কোনোবা দেশৰ পৰা প্ৰব্ৰজন হৈছে ঠিক আমিও হৈছোঁ ।তাৰো এটা সময় নিৰ্ধাৰণ কৰা আছে ।তেনেক্ষেত্ৰত কিহৰ ভিত্তিত বাংলাদেশী কবলৈ আহিছা ।

তঁহতে যেনেকৈ আমাক ইতিকিং কৰা আমিও তহঁতক কৰিব পাৰো কিন্তু কিয় নকৰো জানে নে ওপৰলৈ থু পেলালে নিজৰ গাতে পৰে ।কাৰন আমি নিজকে অসমীয়া বুলি পৰিচয় দিওঁ ।লগতে গৌৰৱ অনুভৱ কৰো । শেষত আকৌ কৈছো তুচ্ছ তাচ্ছিল্য ৰ দ্বাৰাই নহয় ।বুজাবুজিৰ মাজেৰে হাতে হাত ধৰি অসম খন আগুৱাই লৈ যাও আহক ।
জয় আই অসম ।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.