কবিতা : এয়া আমাৰো দেশ (এই দ্যাশেৰ আমৰা)

এয়া আমাৰো দেশ

@ মাইন উদ্দিন

আমাৰ দেউতাৰ ককাদেউতাই কৈছিল
এয়া কোন দেশত আহিলো
কেৱল হাবিয়েই হাবি
মাছ-কাছ সকলো পোৱা যায়
কেৱল নাপায় মৰমৰ ভাটিয়ালি গান।

কালি গৈছিলো এটা সমদলত
প্রমান দিবলৈ আমিও এই দেশৰ
দেশখনৰ কি হৈছে নাজানো
প্রতিবাৰেই কেৱল অমিয়েই প্রমান দিব লাগে
এইখন আমাৰ দেশ আৰু আমি এই দেশৰ।

সৌৱা চোৱা, আহিছে চৰকাৰী নিমন্ত্রণ
এন আৰ ছি হিয়াৰিঙ নোটিছ
কিমানবাৰ যে প্রমান দিলো
তথাপি মহাশয় সকল সন্তুষ্ট নহয়
এইবাৰ চিধা কথা, আগলৈ আৰু প্রমান নিদিওঁ।

১৯৫০ ৰ ৰাইট কিন্তু পাহৰি যোৱা নাই
বিমলা প্রাসাদ চলিহাৰ কুইট অসমৰ ফল
ৰাতিৰ এন্ধাৰত ১৯৬৯০১ দেশান্তৰ কৰা
নেলী, নাগবান্ধা ,চাউলখোৱা, নাৰায়ণগুৰি
বালাপাড়া, লক্ষীপুৰ, মুকালমুৱা এতিয়াও অন্তৰত ভাঁহি উঠে।

3 D ৰ যাতনা ভোগ কৰি জীয়াও নে মৰো চিন্তা নাই
এতিয়া আৰু তোমালোকৰ গোলামী নকৰো
দেশী বিদেশী যিয়েই নোকোৱা কিয় পিছে খেদিব নোৱাৰা
এয়া আমাৰো দেশ
জীৱনে-মৰণে এইদেশৰ আমি।

=======================
মূল কবিতা : এই দ্যাশেৰ আমৰা

=======================

আংগো বাবাৰ দাদা কৈছিলো

এ কোন দ্যাশে আইলাম ৰে

শুদু জঙ্গল আৰ জঙ্গল

মাছ-কাছ সবেই পাই

নাইৰে সাদেৰ ভাটিয়ালি গান।

কালকা আমি গেছিলাম এক সমদলে

প্রমাণ দিতে আমৰাও এই দ্যাশেৰ

এই দ্যাশ টাৰ কি হৈছে জানিনা

বাৰে বাৰে আমাগোই প্রমাণ দেওয়া নাগে

এইডা আমাগো দ্যাশ আৰ আমৰাও এই দ্যাশেৰ।

ঐতো দেহো আইছে সৰকাৰী জিয়াপত

এন আৰ ছি হিয়াৰিঙ নোটিশ

কতবাৰ যে প্রমাণ দিলাম

তাও কর্তা বাবুৰা খুশি হয়না

এইবাৰ সিধা কথা আৰ প্রমান দিমুনা।

১৯৫০ এৰ ৰাইট কিন্তু বুলি নাই

বিমলা প্রাসাদ চলিহাৰ কুইট অশ্যাম এৰ ফল

ৰাতেৰ আন্ধাৰে ১৯৬৯০১ জনেৰ দেশান্তৰ

নেলী, নাগবান্ধা ,চাউলখোৱা, নাৰায়ণগুৰি

বালাপাড়া, লক্ষীপুৰ, মুকালমুৱা আজও অন্তৰে ভাসে।

3 D ৰ যাতনা খাইয়া বাঁচি আৰ মৰি চিন্তা কৰি না

এহন আৰ তোগো গোলামী খাটুমনা

দেশী বিদেশী যাইকস খেদাইবাৰ পাৰবিনা

এইড্যা আমাগো দ্যাশ

জীৱনে মৰণে এই দ্যাশেৰ আমৰা।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.