আপোনাক বা আপোনাৰ দলক ভোট কিয় দিম ?

মাইন উদ্দিন:

আজি বিশেষ সকাম এটাত শহুৰেকৰ ঘৰত গৈছিলো। গাড়ীখন ৰখাই নুমুলীয়া খুলশালী (ল’ৰা) জনকলৈ ৰৈ আছিলো কাৰণ বেছি ভীৰৰ মাজত নিজে চলাব নোৱাৰো (চৰকাৰী ভাবে Learner সকলক অনুমতি দিয়া নাই).

পুৰণি চিনাকি বন্ধু এজন মোক alto ৮০০ৰ কাষত ৰৈ থকা দেখা পাই দামী Swift গাড়ী খন ৰখাই কাষত আহি বিভিন্ন খা খবৰ সুধিলে লগতে তেখেতৰ দলক অলপ কমকৈ বা মিহিকৈ সমালোচনা কৰাৰ অনুৰোধ কৰিলে। বন্ধুবৰে মোক বুজাই আছিল – তেখেতৰ দলক ভোট দিবই লাগিব আৰু নিশ্চয়তা দি কৈছিল যে আমাৰ (মিঞাৰ) কোনো বিকল্প নাই। আমাৰ দুয়োৰে ৰাজনৈতিক কথাৰ মাজত এজন চিনাকি ( নাম নাজানো কিন্তু শহুৰেকৰ ঘৰৰ আশে-পাশে ঘৰ বুলি অনুমান কৰিলো কাৰণ তেখেতে মোক জোবাই বুলি সম্বোধন কৰিছিল) মূখৰ পঞ্চাশর্ধো ব্যক্তি সোমাই আহিল। অচিনাকী ব্যক্তিজনে বন্ধুৰ পিনে ইঙ্গিত কৰি একে উশাহত কেইটামান প্রতক্ষ্য প্রশ্ন কৰিছিল –

১. আপোনাক বা আপোনাৰ দলক ভোট কিয় দিম?
২. লাখ লাখ ডি ভোটাৰ কোনে বনাইছিল ?
৩. ডিটেনচন কেম্প কোনে বনাইছিল ?
৪. গৰাগহনীয়া পীড়িত সকলক পুনৰ সংস্থাপনৰ পৰা বঞ্চিত কোনে কৰিছিল ?
৫. ভূমিহীনক ভু-দান আৰু চৰৰ মাটিৰ পট্টাৰ প্রতিশ্রুতি দিও ভঙ্গ কোনে কৰিছিল ?

মাজতে বন্ধুৱে তেখেতক কোৱাত বাধা দিলেই যদিও তেখেতে কৈয়েই থাকিল –

৬. ৰাইট (১৯৫০) কোনে কৰিছিল কাৰ স্বাৰ্থত কোন দল কৰিছিল ?
৭. “কুইট আসাম” নামেৰে কুখ্যাত নীতিৰে ১৯৬৯০১ মানুহক ৰাতিৰ আন্ধাৰত দেশান্তৰ কোনটো দলৰ চৰকাৰে কৰিছিল ?
৮ .নেলী , নাগবান্ধা , চাউলখোৱা, আমটেঙ্গা , লক্ষীপুৰ, বাঁশবাড়ী, নাৰায়ণগুড়ি, বালাপাড়া আদিত হত্যাযজ্ঞ কোনটো দলৰ চৰকাৰ প্রতক্ষ্য / পৰোক্ষ সহযোগত হৈছিল আৰু পীড়িত সকলে এতিয়াও ন্যায় কিয় পোৱা নাই ?
৯. মুঠ জনগাঁথনিত ৩৫% (প্রায় ) কিন্তু চৰকাৰী চাকৰিত ৪.২% কিয় ? কোনটো দলে এই discrimation কৰিলে ?
১০. ৰাস্তা-ঘাট , শিক্ষা -দীক্ষাত পিছ পেলাই ৰাখিলে কোনটো দলৰ চৰকাৰে ?
১১ . ধর্ম নিৰপেক্ষতাৰ দোহাই দি ভয়ৰ ৰাজনীতিৰ সূচনা কোনটো দলে কৰিছিল – এফালে ভয় দেখালে অসমীয়া জাতি নিঃশেষ হৈ যাব আনফালে ভোট নিদিলে দেশৰ পৰা খেদি দিয়া হব।
১২. উগ্র সাম্প্রদ্বায়িক দলক ৰুধিব লাগে বাৰু ঠিকেই আছে কিন্তু সেই ঠিকা কেৱল আমাক (মিঞাক) কোনে দিলে ? সচাঁ কব গলে – সাম্প্রদ্বায়িক দল / দলৰ চৰকাৰে এতিয়ালৈ বিশেষ চকুত লগা ক্ষতি কৰা নাই কিন্তু তোমালোকে যিমান খিনি কৰিছা তাৰ তুলনাত নগন্য।
১৩ . মানুহ হিচাবে জীয়াই থাকিবলৈ নূন্যতম সুবিধা কি কি দিছে আৰু আগলৈ কি কি সুবিধা দিব ?

তেখেতে আৰু কব বিচাৰিছিল যদিও মই বাধা দি কলো –

“চাচাজান, এয়া আমাৰ ব্যক্তিগত আলোচনা, এখেত মোৰ বন্ধু , আমি একেলগে পঢ়া। ”

” জোৱাই , তোমাক মই চিনি পাও , তুমি ‘ অমুক ‘ৰ জোৱাই নহয় নে ? ” তেখেতে নম্রভাবে কলে।

তেখেতৰ কথাত কেৱল হয়ভৰ দিলো।

“ঠিক আছে বাৰু , তোমালোকে ব্যক্তিগত আলোচনা কৰি থাকা কিন্তু এইবাৰ কোনো দল বা প্রার্থীকে ৰেহাই দিয়া নহয়। এয়া মোৰ প্রশ্ন নহয় – আমাৰ গৰিষ্ট সংখ্যকৰ প্রশ্ন আৰু ৰাজহুৱা ভাবে এনেকুৱা ৩০০ প্রশ্নৰ যথাযথ উত্তৰ লগত লৈহে ভোট খুজিব আহে যাতে অন্যথা ৰাইজে পহুখেদা দিব। ” তেখেতে লাহে লাহে কথাখিনি কৈ আমাৰ ওচৰৰ পৰা আঁতৰি গল।

আমি দুজনে থিয় হৈ লাল চাহ একাপকৈ খালো। ইতিমধ্যে খুলশালী (ল’ৰা) আহি সেইখিনি পালে। গাড়ীখন স্টার্ট দি গুচি আহিলো। হাইওয়েত আহি থাকোতে মনতে ভাবিলো – সচাঁকৈয়ে সাধাৰণ জনতাই এইবিলাক প্রশ্ন এইবেলি কৰিব নে ?

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.