মাইন উদ্দিন : বঙ্গমূলীয় কওক বা চৰ চাপৰি বাসী বুলি কওক বা গেদা বুলিয়েই কওক নতুবা মিঞা বুলিয়েই কওক, এই ইছলাম ধর্মী মানুহ খিনিক লৈ সকলোৱে নিজৰ ইচ্ছামতে খেল খেলি ৰাতি টোৰ ভিতৰত নেতা হৈ পৰে। এনেকি কিছুমানে মন্ত্রী, এম এল এ হোৱাৰ উপৰিও জাতীয় নায়ক উপাধিও পায়। অতীতলৈ অকণমান ঘূৰি চালেই দেখা যায় –
১৯১৯ চনত কিছুমানে এই মানুহ খিনিৰ অন্ন -বস্ত্র -বাসস্থানৰ বিৰোধ কৰাৰ কাৰণে বহু জনে সন্মানীয় উপাধি লাভ কৰিছিল আৰু সেই সময়ৰ চৰকাৰে “লাইন প্রথা -১৯২০” জাপি দিছিল। অসম বিধান সভাৰ সদস্য মৌলনা আব্দুল হামিদ খান ভাসানীৰ প্রচেষ্টাত কিছু সকাহ পাইছিল যদিও “চেগু খান” খ্যাত ভাসানীৰ “পাকিস্তান” প্ৰীতিয়ে আকৌ অসুবিধাত পেলাইছিল। ভূতৰ ওপৰত দানৱ দেখা দিয়া দি “লোকপিয়লৰ অধীক্ষক C.S. Mullan ৰ উদ্দেশ্য জড়িত ৰিপোৰ্ট -১৯৩১” আৰু “W Hockenhull-ৰ জনসংখ্যাৰ প্রতিবেদন-১৯৩৯” এ এই মানুহ খিনিক বেছিকৈ ক্ষতিগ্রস্ত কৰিছিল। ছাৰ ছাদুল্লাই কিছু পৰিমানে আশাৰ বতৰা দিছিল যদিও, তেখেতৰ “Grow More Food Scheme” – ১৯৪৩ এ মানুহ খিনিক অধিক জুৰুলা কৰিছিল কাৰণ এই মানুহ খিনিৰ কামৰ (খেতি-বাতি) বাদে অন্য কোনো সুবিধা দিয়া নাছিল। গোপীনাথ বৰদলৈ (কংগ্রেছ)ৰ ‘ট্রাইবেল বেল্ট আৰু ব্লক’ গঠন-১৯৪৬ প্রক্রিয়াই এই মানুহ খিনি আৰু জনজাতীয় সকলৰ মাজত এক বৃহৎ প্ৰাচীৰ সৃষ্টি কৰিছিল যিটো আজিও বিদ্যমান হৈ আছে। চলিহা আৰু মেধি ডাঙৰীয়াই চৰকাৰী ভাবে প্রয়োগ কৰা “কুইট ইন্ডিয়া আসাম” অভিযানে কম নুগুৰ নাকতি কৰা নাছিল।

১৯৭১ চনত কেন্দ্রীয় কংগ্ৰেছ চৰকাৰে আছুক অৱগত দহবছৰীয়া অনুপ্রবেশকাৰীৰ পৰিসংখানে (১৯৬১-১৯৭১ সময়ছোৱাত ৯,৬৭,০০০ জন ) পৰিস্থিতি অধিক ভয়াবহ কৰি তুলিছিল। আওপকীয়াকৈ কব গলে – “অসম আন্দোলন’ ৰ অন্যতম কাৰক আছিল এই পৰিসংখান। কোনোটো জনগোষ্ঠীয়ে নতুন কৈ প্রব্রজন কৰিছিল সেয়া সকলোৱে জানে যদিও আক্রমণৰ লক্ষ্য মাত্র এই মানুহ খিনিয়েই হৈছিল। এই মানুহ খিনিৰ নূন্যতম মানবাধিকাৰৰ কথা উত্থাপন কৰা বাবে বহু কেইজন বাঁও মানবাধিকাৰ কর্মী লাঞ্চিত হব লগা হৈছিল। নেলী,নাগবান্ধা,চাউলখোৱা, মুকালমুৱা, বাঁশবাড়ী, আমটেঙ্গা, নাৰায়ণগুৰি আদি সৃষ্টি কৰি আতংকিত কৰিয়েই ৰাখিছে। ১৯৮৮ চনৰ পৰা আৰম্ভ হোৱা “হেয়াৰিঙ” প্রক্রিয়া প্রতি বছৰে আহে নতুন নতুন নাম লৈ। আমোদজনক ভাবে বর্তমানে – এই জনগোষ্ঠীৰ সকলোৱে অঘোষিত ভাৱে উপাধি এটা পায় “সন্দেহযুক্ত নাগৰিক” বা “সন্দেহজনক বাংলাদেশী”, সাৰি নাযায় ১৭৯৩ চনৰ গৌৰিনাথ সিংহ আৰু কেপ্তেইন ৱেলছৰ মাজত মাজত সম্পাদিত চুক্তি মর্মে অহাখিনিৰ সতি-সন্ততি ও।
১৯৯৭ চনত ‘ডি ভোটাৰ ‘ক এজিপিয়ে জন্ম দিছে,কংগ্ৰেছে তাক পোহ-পাল দি জীয়াই ৰখিছে,ইউডি এফে তাক শেষ কৰাৰ প্ৰতিশ্ৰুতি দি ৰক্ষা কৰিব নোৱাৰিলে এতিয়া বিজেপিয়ে ‘ডি’ ৰ গইনালৈ এই মানুহ খিনিক যমৰ যাতনা দিছে। আনহাতে গেৰুৱা বাহিনীয়ে “OI” নামৰ “দিল্লী কা লাড্ডূ” টোৰে অসমৰ মুছলমান সমাজৰ মাজত ভাগ বতৰা কৰা অভিযানত সম্পূর্ণ সফল হৈছে।
জাতীয়তাবাদী শিবিৰে বাংলাদেশী খেদিব নোৱাৰে সেয়া ধুৰূপ সত্য, এনেকি এই সময়ত চৰকাৰে ও নোৱাৰে। লাখ লাখ বিদেশী(যদি আছে) খেদাৰ কিছুমান আন্তর্জাতিক নিয়ম আছে যিটো কেৱল দিল্লীৰ কেন্দ্রীয় চৰকাৰ মান্তি হলেই নহব সংশ্লিষ্ট দেশ আৰু আন্তর্জাতিক মহল(মানবাধিকাৰ গোষ্ঠী) সম্মত হব লাগিব।
.
শেষত ৰিভাৰেন্ট আজিজুল হক চাহাবৰ ভাষাত কব বিচাৰিলে –
.
“অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰিব নোৱাৰিলেও ‘সন্দেহযুক্ত নাগৰিক’ৰ লেবেল লগাই অনেক বৈধ নাগৰিকক যে হাৰাশাস্তি কৰিব পৰা গৈছে। তাৰবাবে বাহবা নিদিব নেকি?”
#অসম্পাদিত