মিঞা বা বঙ্গমূলীয় মুছলমান শিক্ষাবিদ ওচমান আলী সদাগৰ

হাফিজ আহমেদ : বংগমূলীয় অসমীয়া মুছলমান জনগোষ্ঠীৰ জনকস্বৰূপ ওচমান আলী সদাগৰ চাহাবৰ জন্ম অবিভক্ত বংগৰ মৈমনসিং জিলাৰ ৰামেৰকান্দি নামৰ গাওঁ খনত ১৮৫৬ চনৰ মে মাহৰ ১৯ তাৰিখে।তেওঁৰ পিতৃৰ নাম মহম্মদ দৌলৎউল্লা সেখ আৰু মাতৃৰ নাম মুলুকজান বিবি।


১৮৮৫ চনত মহম্মদ দৌলৎউল্লা সেখে তেওঁৰ পৰিয়াল-পৰিজনসহ নগাঁও জিলাৰ আলীটাঙনীলৈ প্ৰব্ৰজন কৰি স্হায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে।
কৃষি কৰ্মৰে নিজৰ অৰ্থনৈতিক ভেটি মজবুত কৰি তোলাৰ পিছত সদাগৰ চাহাবে সমাজসেৱাৰ প্ৰতি মনোযোগ দিয়ে।১৯০২ চনত তেওঁ নিজা মাটি দান কৰি নিজ গাওঁত মোক্তাৱ বিদ্যালয় এখন আৰম্ভ কৰে।বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰ দায়িত্ব গ্ৰহণ কৰি সদাগৰ ডাঙৰীয়াই তাত অসমীয়া শিকোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।এই সিদ্ধান্ত মৰ্মেই বৰদোৱাৰ পৰা পন্ডিত মহেন্দ্ৰ চন্দ্ৰ মহন্তক তেওঁ আমন্ত্ৰণ কৰি আনি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক অসমীয়া ভাষা-সাহিত্যৰ শিক্ষা দিবলৈ আৰম্ভ কৰে।উল্লেখযোগ্য যে,এইখনেই আছিল বংগীয়মূলৰ অসমীয়া সমাজত প্ৰতিষ্ঠা কৰা দ্বিতীয় খন অসমীয়া মাধ্যমৰ বিদ্যালয়। ১৯১০ চনত এইখন বিদ্যালয়ে চৰকাৰী স্বীকৃতি লাভ কৰে।ইয়াৰ পূৰ্বে ১৮৯৯ চনত মৈৰাবাৰীত চৰ-চাপৰিৰ প্ৰথম পুৰুষৰ অইন এগৰাকী প্ৰখ্যাত লোক হোছেইন আলী চৰকাৰে বৰ্তমানৰ মৰিগাঁও জিলাৰ মৈৰাবাৰীত প্ৰথমখন বিদ্যালয় স্হাপন কৰিছিল।
সদাগৰ চাহাবে ইয়াৰ পিছত ১৯২৪ চনত নিজৰ ভূমিতেই আলিটাঙনী মিডিল স্কুল স্হাপন কৰে।১৯২৮ চনৰ ৫এপ্ৰিল তাৰিখে এইজনা শিক্ষানুৰাগী লোকে প্ৰতিষ্ঠা কৰে আলিটাঙনী ওচমানীয়া হাইস্কুল প্ৰতিষ্ঠা কৰে।এইখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰো তেওঁ প্ৰতিষ্ঠাপক সভাপতি আছিল।হাইস্কুল খন প্ৰতিষ্ঠা কৰা আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা Affiliation লাভ কৰাৰ ক্ষেত্ৰত সেইসময়ৰ নগাঁও জিলাৰ স্কুলসমূহৰ পৰিদৰ্শক ,প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ শৰৎ চন্দ্ৰ গোস্বামী দেৱে যথেষ্ট অৰিহণা আগবঢ়াইছিল।১৯৮৫ চনত এইখন বিদ্যালয় উচচতৰ মাধ্যমিকলৈ উন্নীত কৰা হয়।
এইদৰে বিদ্যালয় স্হাপণ কৰি,ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰি ,শিক্ষা লাভ কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলক স্বগৃহত বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্হা কৰি দি ওচমান আলী সদাগৰ চাহাবে অনগ্ৰসৰ চৰ-চাপৰিত জ্ঞানৰ বন্তি জ্বলাই ছিল।

এইজন ব্যক্তিয়েই প্রথমে জনগোষ্ঠীটোক “বৃহত্তৰ অসমীয়া জাতি” ৰ লগত একাত্ম হোৱাৰ প্ৰস্তাৱ হাতে কামে কৰি দেখুৱাইছিল। আলি টাঙনি বা কটন মহাবিদ্যালয় বা অসম সাহিত্য সভাত তেখেতৰ কর্মৰাজি স্বগৌৰৱেৰে আজিও জিলিকি আছে।

তেখেতৰ সিদ্ধান্ত শুদ্ধ আছিল নে ভুল সেয়া বিচার্য বিষয় নহয় কিন্তু তেখেতৰ কৰ্মৰাজিৰ মূল্যায়ণ হোৱাটো সময়ৰ আহবান।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.