আজি অসমীয়া মানুহ Confused কিয়?

মাইন উদ্দিন:
সম্প্ৰতি আমাৰ ভাৰতৰ অসম ৰাজ্যত চলি থকা NRC আৰুCAB লৈ চলা নাটক খনেই কিজানি আটাইতকৈ ভাল অভিনয়,কেইবা দশক জোৰা অভিনয়।#CAB গৃহীত কৰাৰ কথা BJP ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলেই ।সেয়া দেখি , জানি বুজিয়েই শিল দৌল ভাঙি তিনিটা নিৰ্বাচনত ধৰ্মীয় সংখ্যাগৰিষ্ঠ অঞ্চলতBJP ৰ জয় হ’ল। কিন্তু আকৌ বিৰোধ কৰাৰ নাটক কিহৰ?

Image may contain: 2 people, people standing and indoor
ক . CAB মানৱতাৰ সপক্ষে পদক্ষেপ (২০১৪ লৈ আহা সকলো অমুছলমান ভাৰতীয়)
খ . CAB ভাৰতৰ সংবিধানৰ মৌলিকতাৰ বিপক্ষে (আইনৰ সন্মুখত সকলো সমান)

১. নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ ৰ জৰিয়তে ২০১৪ ৰ ডিচেম্বৰলৈ ভাৰতভূমিত প্রবেশ কৰা সকলো অমুছলমানক নাগৰিকত্ব দিয়া হব।
২. নতুন NRC ৰ জৰিয়তে ১৯৫১ চন ভিত্তি বর্ষ কৰি সকলো মুছলমানৰ নাগৰিকত্ব প্রমাণ কৰা হব আৰু কাগজ পাতিত অলপ বিসংগতি থাকিলে বিতাড়ন কৰা হব নতুবা ডিটেনচন কেম্পত ভৰাই থোৱা হব। (যিহেতু বাংলদেশে ইতিমধ্যে চৰকাৰী ভাবে ঘোষণা কৰিছে যে অসমত তেখেত সকলৰ কোনো নাগৰিক অবৈধ ভাবে বসবাস কৰা নাই। )
৩. অসম চুক্তিৰ আধাৰ মতে ১৯৭১ চনৰ ২৪ মার্চ বা তাৰ আগৰ বৈধ নথি থকা সকলে ভাৰতীয় নাগৰিক বুলি স্বীকৃতি পাব।
৪. উচ্চতম ন্যায়ালয়ৰ আদেশ মতে বঙ্গমূলৰ বাদে বাকী সকলোৱে পোনে পোনে “ডিফল্ট খিলঞ্জীয়া” হিচাবে NRC ত নাম অন্তর্ভুক্ত হব।
৫. অসম চুক্তিৰ ৬ নং দফা মতে অসমীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব কিন্তু আজিলৈ “অসমীয়া” গ্রহণযোগ্য সূত্র কোনোৱে দিব নোৱাৰিলে।
৬. ভাৰতৰ সংবিধানৰ অধ্যায় ১৪, ১৫, ১৬, ১৭,আৰু ১৮ ত সমতাৰ কথা কোৱা হৈছে কিন্তু নির্দিষ্ট ভাষা বা ধার্মিক গোষ্ঠীৰ ওপৰত ডি ভোটাৰ, ডিটেনছন কেম্প, ডি এন আৰ ছি আদি বাৰে বাৰে জাপি দিয়া হৈ আছে।
৭. ভাৰতীয় সংবিধানৰ ২৯, ৩০ আৰু ৩৬ অধ্যায়ত সংখ্যালঘু সম্প্রদাযয়ৰ অধিকাৰ ৰাষ্ট্ৰৰ দ্বাৰা সুৰক্ষিত কথা কোৱা হৈছে যদিও বর্তমানে সংখ্যালঘু সকলক শাৰীৰিক, মানসিক আৰু আর্থিক হাৰাশাস্তিৰ নতুন নতুন ফর্মুলা ডি ভোটাৰ, ডিটেনছন কেম্প, ডি এন আৰ ছি আদিৰ জৰিয়তে উলিয়াই থকা হৈছে।
৮. বিদেশী মুক্ত অসম লাগে বুলি ও দাবী কৰে আকৌ CAB জৰিয়তে সকলো অমুছলমানক নাগৰিকত্ব দিলেও সুখী হয়।
৯. অসম আন্দোলনৰ দৰেই বিদেশী বিতাড়নক প্রতক্ষ ভাবে মুছলমান বিতাড়ন আন্দোলন লৈ পর্যবেশিত কৰাত প্রায় সকলোৱে হাত উজান দিয়ে।
১০. তথ্যক গুৰুত্ব নিদি কেৱল আৱেগেৰে এটা জনগোষ্ঠীৰ ওপৰত আন এটা জনগোষ্ঠীৰ প্রভুত্ব বিস্তাৰ কৰাৰ মানসিকতা গঢ় দিয়াত প্রায় সকলোৱে আগভাগ লোৱা দেখা গৈছে।

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰাৰ্থে ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ নিমন্ত্ৰণ মৰ্মে আজি অসম সাহিত্য সভা, সদৌ বড়ো ছাত্ৰ সন্থা, জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিসহ আমি আমছুৱে দিল্লীস্থিত অসম হাউচৰ সভাকক্ষত অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসমৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগত বৈঠকত মিলিত হয়। বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিভিন্ন সংশোধনী আনি সংশোধিত ৰূপত কেব উপস্থাপন কৰিব বুলি কৈ উপস্থিত সংগঠন সমূহৰ প্ৰতিনিধিক পতিয়ন নিয়াব যত্ন কৰে আৰু আমছু বাদে প্রায় সকলো প্রতিনিধিয়ে আওপকীয়াকৈ প্রস্তাৱত সম্মতি দিয়াও দেখা গল। 

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.