অসমৰ সংখ্যালঘু ৰাজনীতিৰ অঘোষিত ৰাজধানী

 মাইন উদ্দিন (সম্পাদিত সংগ্রহ): 
ভাৰতৰ মহামহিম ৰাষ্ট্রপতিয়ে প্রতিনিধিত্ব কৰা সমষ্টি , গোলাম ওছমানিৰ দৰে যুগ নায়কে প্রতিনিধিত্ব কৰা সমষ্টি , গতিকে এই সমষ্টিৰ ভোটাৰ সকলে শুদ্ধ সিদ্ধান্ত লোৱাত ভুল নকৰে।লাখোধিক ভোটাৰৰ মাজত এই নিঃকিনৰ এটা ভোটও আছে। অসমৰ সংখ্যালঘু ৰাজনীতিৰ অঘোষিত ৰাজধানী কলগাছিয়াক কেন্দ্র কৰিয়েই জনীয়া সমষ্টি।
 
কোনো জাতি-ধৰ্ম-জনগোষ্ঠীৰ সৈতে কোনো ৰাজনৈতিক দল সাঙোৰ খাই যোৱাটো এক অশুভ পৰম্পৰা। পৰিতাপৰ বিষয় এয়ে যে ভাৰতবৰ্ষৰ দৰে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত ৰাজনীতি এই চাকনৈয়াৰ পৰা বাহিৰ হ’ব পৰাই নাই। জাতি-ধৰ্ম-জনগোষ্ঠীবোৰৰ সৈতে ৰাজনৈতিক দলবোৰ যেন মাৰ্কামৰা হৈ পৰিছে। অসমত বহু প্ৰত্যাশিত পৰিবৰ্তনৰ সুচনা হৈছে। এই পৰিবৰ্তন ইতিবাচক ৰাজনৈতিক তথা সামাজিক হোৱাটো নিত্যান্তই সময়ৰ আহ্বান। ৰাজনীতিৰ পৰা ধৰ্মক যিমানেই দূৰৈত ৰাখিব পৰা যাব, এখন ধৰ্মনিৰপেক্ষ প্ৰগতিশীল সমাজ গঠনৰ পৰিকল্পনা সিমানেই সহজলভ্য হ’ব। ধৰ্মক ৰাজনীতি তথা সমাজনীতিৰ পৰা আতঁৰাই ৰাখিব পাৰিলে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্বা সমুহে নিৰ্ভয়ে বৰ অসমৰ মূল সোতঁত নিজকে চামিল কৰাৰ সাহস কৰিব। কাৰণ, সৰু-বৰ জাতিসত্বা সমুহৰ একত্ৰিকৰণ অবিহনে বৰ অসম বা প্ৰগতিশীল আধুনিক অসমৰ ভেঁটি গঢ় দিয়া অসম্ভৱ। বৰ অসম বাদেই দিলো বৃহত্তৰ অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ বাবে অতি জৰুৰী হ’ল ৰাজনীতিৰ পৰা জাতি-জনগোষ্ঠীয়ই হওক ধৰ্মীয়ই হওক তাক সমুলি পৃথক কৰাৰ প্ৰবনতা।
 
ব্যক্তিগতভাৱে মানুহ এজন কেনেকুৱা তাক চালি জাৰি চোৱাৰ সমল সাধাৰণ মানুহৰ নাথাকে। তেওঁৰ অভিব্যক্তি তথা ৰাজহুৱা ৰাজনৈতিক কাণ্ড কাৰখানাই নিৰ্ধাৰণ কৰে তেখেতৰ ৰাজনৈতিক চৰিত্ৰ। আজমল চাহাবৰ দলটোৰ জন্মলগ্নৰে পৰা ইতিহাস মুল্যাঙ্কন কৰিলেই ওলাই পৰিব যে তেওঁ মিঞা মুছলমানৰ আবেগক লৈ কেৱল ৰাজনীতিহে কৰিলে। প্ৰথমতে তেওঁ ৰাজনৈতিক মুনাফা লাভৰ বাবে সম্পূৰ্ণভাৱে ধৰ্মীয় সংগঠন ’জমিয়ত’ৰ ৰাজ্যিক সভাপতিৰ নাম-ভুমিকাত পৰোক্ষ বা প্ৰত্যক্ষ সংগঠনটোক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি সংখ্যালঘু ভোটাৰৰ মাজত সোমাই পৰিল। সংখ্যালঘু ৰাইজক ধৰ্মৰ দোহাই দিবলৈ ধৰ্মীয় সংগঠনৰ ব্যৱহাৰ কিমান গ্ৰহনযোগ্য?
 
বদৰুদ্দিন চাহাবৰ ৰাজনীতিৰ বাবেই মিঞা মুছলমানসকলৰ মুলসুতিৰ অসমীয়া জাতি-জনগোষ্ঠীৰ সৈতে আত্মীয়কৰণ প্ৰক্ৰিয়াত যতি পৰিল। আজি এনে এক পৰ্যায় পালেহি যে মিঞা মুছলমানে চাৰি দশক পাছলৈ পশ্চাদগমন কৰিবলৈ বাধ্য হ’ল। মিলনসুতিত আজি মহামিলন অসম্ভৱ হৈ পৰিল। আজি পুণৰ ১৯৫১ আৰু ১৯৭১ৰ প্ৰসঙ্গই ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগোৱা পৰিবেশ আহিল। আনকি গড়িয়া মুছলমানো সন্দেহৰ আৱৰ্তত সোমাই পৰিল। কংগ্ৰেছৰ সুদীৰ্ঘ অৰ্ধশতিকা শাসনে সংখ্যালঘুৰ মৃদু ভাবে জ্বলাই ৰখা শলিতা ডাল নুমাই দি মৃতুদেহ বনাই,
কফিনত শেষ গজাল টো মাৰি দিলে আজমল চাহাবে।
বদৰুদ্দিন আজমল লৈ মুকলি প্রশ্ন :
* নাৰিকত্ব সমস্যাৰ সমাধান
১. অতি কমেও তিনিখন বিশ্ববিদ্যালয় (minority status)
২ .তিনি খন কাৰিকৰী মহাবিদ্যালয় (minority status)
৩. অতিকমেও ২খন চিকিৎসা মহাবিদ্যালয় (minority status)
৪ . সামাজিক জীৱন (socialogy) গৱেষণা কেন্দ্র (minority status)
৫. কলা সংকৃতি বিকাশ কেন্দ্র ( সামাজিক সজাগতাৰ কাৰণে চিনেমা , নাটক প্রযোজনা আৰু পৰিচালনা প্রকল্প) (minority status)
৬. ক্রীড়া বিকাশ কেন্দ্র (minority status)
৭. সামাজিক যোগাযোগ মাধ্যম – টিভি , পেপাৰ , পত্রিকা প্রকাশন আদিৰ পৃষ্ঠপোষকতা
৮. ৰাজনৈতিক ভাবে discrimation ৰোধৰ বাবে আইন প্রণয়নৰ ক্ষেত্রত আগভাগ লোৱা।
৯ .শিক্ষিতক যোগ্যতা অনুহাৰে প্রশিক্ষণৰ মাজেৰে স্বাবলম্বী কৰা।
১০. অকল চিলেটিয়া আৰু দাড়ি টুপিবালা বাদেও অন্য সকলেও অগ্রাধিকাৰ পাব
 
ওপৰত উল্লেখিত সমস্যা সমূহৰ এটা সমস্যা যোৱা ১৪ বছৰত সমাধান কৰিছে নে ? যদি কৰা নাই তেন্তে নীৰৱে থাকক। আজমল কোম্পানীক ভোট দি জিকাই নতুনকৈ গেৰুৱা বাহিনীক অক্সিজেন যোগান ধৰিলে আমাৰে (সংখ্যালঘূৰ) বেছি ক্ষতি হব।
 
আতৰ ব্যবসায় চলাই নিয়াৰ স্বাৰ্থতে তেওঁ সংখ্যালঘুসকলৰ আবেগকলৈ জুৱা খেলিলে। অপ্ৰিয় হলেও সত্য যে তেওঁ বিগত নিৰ্বাচনবোৰত আম অশিক্ষিত মুছলমান জনসাধাৰণৰ লগতে শিক্ষিতসকলকো বুৰ্বক সজালে। তেওঁ নিজৰ ব্যৱসায়িক স্বাৰ্থসিদ্ধিৰ বাবে নিকৃষ্ট ৰাজনীতি কৰা বুলি বহুতে অভিযোগ কৰে। তেওঁ মিঞা মুছলমানৰ ত্ৰাণকৰ্তা হবলৈ গৈ সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰতীক হোৱাৰ পৰিপ্ৰেক্ষিতত সংখ্যাগুৰু মুলসুতিৰ অসমীয়া ৰাইজৰ চকুত তেওঁ এজন খলনায়ক হৈ পৰিল আৰু সংখ্যালঘু সকলৰ এটা সমস্যাও সমাধান কৰাত ব্যর্থ হৈ থাকিল।
 
সেইদৰে গেৰুৱা বাহিনীয়েও জনীয়া বিধানসভা উপনিৰ্বাচন আৰু এক গুলীত ৫ টা চিকাৰ কৰিছে।
১. গেৰুৱা বাহিনীয়ে সদায় খিলঞ্জীয়া পৰিচয়ৰ গৰীয়া মুছলমানক লগত লৈ ৰাজনীতি কৰে!
২. গেৰুৱা বাহিনীয়ে কেতিয়াও মিঞা মুছলমানৰ কাৰণে ৰাজনীতিৰ দৰ্জা খুলি নিদিয়ে সেয়া স্পষ্টকৈ প্ৰমাণ কৰিলে।
৩. জনীয়াৰ সমস্যাৰ বিষয়ে বিশেষ তেনে কোনো জ্ঞান নথকা এজনক নিৰ্বাচনত সাধাৰণ ভোটাৰে প্ৰত্যাখ্যান কৰাৰ নিচিনা দলীয় মানুহেও প্ৰত্যাখ্যান কৰাটো খুবেই স্বাভাৱিক। কিন্তু বিজেপিয়ে এই পৰাজয়ৰ কাৰণটো বাখ্যা কৰিব সম্পূৰ্ণ বেলেগ ধৰণে- জনীয়া সমষ্টিৰ বিজেপি দল কৰা মিঞা সকল প্ৰকৃততে বিজেপি দলটোক ভাল নাপায়, আৰু আটাইতকৈ আচৰিত ধৰণৰ কথাটো হ’ল মিঞাই কেতিয়াও গৰীয়া মুছলমানক ভোট নিদিয়ে।
৪. গেৰুৱা বাহিনীয়ে কেতিয়াও নিবিচাৰে যে কংগ্ৰেছ দলৰ কোনো এজন প্ৰাৰ্থী কৰবাৰ পৰা জয়ী হওক। তাতকৈ এআইইউডিএফৰ প্ৰাৰ্থী জয়ী হলেহে বিজেপিয়ে শৰাইঘাটৰ তৃতীয়খন ৰণ জয়ী হব লাগিব বুলি চিঞৰি পুনৰ এবাৰ polarization ৰ ৰাজনীতি কৰিব পাৰিব। এআইইউডিএফ জয়ী হোৱা মানেই ভয়, মানে মোগল আহি পালেই, গতিকে শৰাইঘাটৰ তৃতীয় চতুৰ্থ যুদ্ধবোৰ কৰিবই লাগিব। ২০২১ ৰ ফলাফল অনায়াসে শৰাইঘাট বিজয়!!
৫. গেৰুৱা বাহিনীয়ে তৌফিকুৰ ৰহমানক জয়ী হোৱাৰ বাবে টিকট দিয়া নাই। কাৰণ – টিকট পোৱাৰ পিছত দিয়া দীঘলীয়া ইন্টাৰভিউ এটাত মিঞাৰ ভাবে ডিটেনচন কেম্প আৰু হিন্দুৰ(বঙালী) বাবে নাগৰিকত্বৰ পোষকতা কৰা দেখিলো।
দেখা দেখি কৈ অসাংবিধানিক ভাবে ধৰ্মৰ ভিত্তিত বিভাজন কৰা ব্যক্তিক জনীয়াৰ ভোটাৰে আকোঁৱালি লোৱাৰ কোনো নজিৰ নাই। ফলত গেৰুৱা বাহিনীয়ে আকৌ এবাৰ প্রচাৰ কৰিব পাৰিব –
পাকিস্তান সদৃশ নামনি কেতিয়াও পৰিবৰ্তন নহয়, তাত প্ৰকৃততে বাংলাদেশীহে থাকে!!! সেইকাৰণে সিহঁতে অসমীয়া মূলৰ মানুহক ভোট নিদিয়ে!
 
সদায় নিজকে অ-কংগ্ৰেছ, অ-এইউডিএফ, অ-বিজেপি বা অৰাজনৈতিক হ’ব লাগিব বুলি কথা নাই। নিজকে অসহায় বুলি প্রতিপন্ন কৰাৰ প্রয়োজন নাই। যাৰ একোকে নাই , সেইজনৰ হেৰুৱালগীয়া কিবা থাকে জানো? সংখ্যালঘু ভোটাৰসকলৰ চিন্তাধাৰা সলনি হৈছে বুলিয়েই কব লাগিব। ইতিবাচকভাৱে সকলো দিশ চালি জাৰি চাইহে নিজৰ বহুমুলীয়া ভোট প্ৰদান কৰা উচিত। দেশৰ জনসাধাৰণৰ ৰাজনৈতিক প্ৰৱনতা অনুধাৱন কৰক। আমি প্রাণ লৈ জীয়াই আছো , এয়াই ডাঙৰ প্রাপ্তি ধৰণৰ মানসিকতা ত্যাগ কৰাৰ সময় সমাগত।
Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.