মাইন উদ্দিন:
সেয়া কিজানো আছিল ১৯৮৮ চনৰ ডিচেম্বৰ মাহৰ কোনোবা এটা দেওবৰীয়া আবেলি পৰৰ ঘটনা। ছি ছি ছি (চান্দমামা কমিউনিটি চেন্টাৰ) ৰ সন্মুখৰ উন্মুক্ত চোতালত এজাক যুৱ ছাত্ৰৰ জুম আৰু সেই জুমত কিছু অচিনাকি মূখ চেয়াৰত বহি আছিল। এক দুই কদম আগুৱাই গৈ নিজেও সেই জুমত যোগ দিছিলো আৰু জানিবলৈ চেষ্টা কৰিছিলো যে আচলতে ডেকা -আদহীয়া মানুহ খিনি তাত কি কৰি আছে। সেই মানুহ বোৰৰ মাজত আমাৰ অঞ্চলৰ দুটাকৈ চিনাকি আৰু জয়প্রিয় মূখ আছিল – আবুল হুছাইন (নর্মাল চাচা) মৌলানা মনছেৰ আলী। আমাৰ সমবয়সীয়া সকলৰ লগত নিজেও দুবৰি বনত বহি লৈছিলো। এটা সময়ত মৌলনা চাহাবে থিয় হৈ ঘোষণা দিলে- “আজিৰ এই সভা খন চলাই লবলৈ আবুল হুছাইন নর্মাল চাহাবৰ নামটো প্ৰস্তাৱ কৰিলো। ” তেখেতৰ প্ৰস্তাৱৰ পিছতে সাহাজুল চাচা (চাহ দোকানী) কে আদি কৰি দুজন মানে সমর্থন জনালে। সভাপতিয়ে আসন গ্রহণ কৰি আব্দুল আওবাল (বামুনটাৰী) ক উদ্দেশ্য ব্যাখ্যা কৰিবলৈ আহবান জানায়। আব্দুল আওবাল চাহাবে সম্বোধনত “ছামছুল হক” , বি এইচ কলেজ ছাত্র একতা সভাৰ উপ সভাপতি তথা সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক বুলি উল্লেখ কৰিছিল। চাফাৰী পৰিহিত বগা নাতিদীর্ঘ সুঠাম এজন ডেকালৈ মূখ কৰি কৈছিল আৰু ডেকাজনে হাতযোৰ কৰি সদনলৈ সম্ভাষণ জনাইছিল। সভাখনত অসমৰ বিভিন্ন সমস্যা লৈ আলোচনা হৈছিল তাৰ ভিতৰত বার্নিং টপিক আছিল – হেয়াৰিঙ নামৰ তথাকথিত বিদেশী (বাংলাদেশী চিনাক্তকৰন) প্রক্রিয়া. সেই সময়ত ৰাজনীতিৰ অ -আ বেছি বুজি পোৱা নাছিলো যদিও হেয়াৰিঙ প্রক্রিয়াত মাৰ লগত বাঘবৰ আৰু কলগাছিয়া লৈ খোজকাঢ়ি গৈ ভাল খিনি কষ্ট পাইছিলো। অৱশেষত সেইখন সভাত সিদ্ধান্ত লোৱা হ’ল যে বৰভিঠাত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ এটা আঞ্চলিক গঠন হব লাগে আৰু কথা মতেই কাম। অতি কম বয়সত সভা সমিতি কথা কোৱাৰ সক্ষমতা থকাৰ বাবেই নে লিখা পঢ়াত অলপ ভাল বুলিয়েই নে স্বাধীনতা সংগ্রামী পৰিয়ালৰ সদস্য হিচাবেই নাজানো এই অভাজনক বৰভিঠা আঞ্চলিকৰ প্রথমজন সাধাৰণ সম্পাদকৰ দায়িত্ব দিছিল আৰু আমজাদ আলী (বর্তমানে ফাৰ্মাচী চলায়) ক সভাপতিৰ দায়িত্ব দিছিল। পিছত গম পাইছিলো – ছামছুল হক চাহাবে নিজে সাধাৰণ সম্পাদকৰ দায়িত্ব দিবলৈ জোৰ দিছিল। প্রায় তিনিটা বছৰ সেই দায়িত্ব পর্য্যমানে সুচাৰুপে পালন কৰাৰ চেষ্টা কৰিছিলো। আঞ্চলিক কমিটিত থাকোতে তেখেতক বহু বাৰ লগ পাইছো আৰু যিকোনো মেল-মিটিংত গধূলি খবৰ দিলেই ৰাতিপুৱাই হাজিৰ হৈছিল। তেখেতৰ বাক-পটুতাই সেই সময়ত বহুতকে মোহিত কৰিছিল যাৰ বাবে যিকোনো অনুষ্ঠান সফল কৰিবলৈ বেছি কষ্ট কৰিবলগীয়া হোৱা নাছিল। তাৰ পিছত কলেজত ভৰি দিলো – অসমৰ সংখ্যালঘু ছাত্র আন্দোলনৰ অঘোষিত ৰাজধানী নৱজ্যোতি মহাবিদ্যালয় আৰু তাতেই নিজকে এজন ছাত্র নেতা হিচাবে প্রতিষ্ঠা কৰাত আগভাগ লোৱা ব্যক্তিজন আছিল – সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ উপ সভাপতি এই একেজন ছামছুল হক।মহাবিদ্যালয় খনত সহ সাধাৰণ সম্পাদকৰ পৰা উপ সভাপতি লৈকে নির্বাচন খেলাৰ পৰা জিকা লৈকে আহোপুৰুষাৰ্থ কৰা ব্যক্তিজন আছিল সেই একেজন ছামছুল হক। কলেজৰ প্রতিটো ৰাজহুৱা অনুষ্ঠানৰ তেখেত আছিল আমন্ত্রিত অতিথি। তেখেতৰ পৰামৰ্শই বহু জটিল সমস্যা সমাধান হৈছিল আৰু আমছুৰ বৰপেটা জিলা সমিতিৰ সম্পাদকৰ পৰা পোনে পোনে ৰাজ্যিক সমিতিৰ সম্পাদকৰ দায়িত্ব দিছিল। তেখেত ১৯৯৬ চনত আমছুৰ সভাপতিৰ দায়িত্ব লৈছিল আৰু অসমৰ সংখ্যালঘু জনসাধাৰণৰ কঠিন সময় আৰম্ভ হৈছিল অর্থাৎ ১৯৯৭ চনত ডি-ভোটাৰ নামৰ ব্যাধি ভূমিষ্ঠ হৈছিল। তেখেতে এই ব্যাধিৰ চিকিসৎসাৰ চেষ্টা কৰিছিল কিন্তু সম্পূর্ণ ৰূপে সফল হব পৰা নাছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত আমছু গোট গঠন কৰোতে শাৰীৰিক ভাবে অপদস্ত হৈয়ো পিছ হুঁহুকি অহা নাছিল এইজন ছামছুল হক চাহাবে। ছাত্র হিচাবে বেয়া নাছিল যদিও গোটেই অসমৰ সংখ্যালঘু জনগণৰ কাৰণে জীৱনৰ সোনালী দিনবোৰ উচ্চৰ্গা কৰিছিল। যিয়েই নহওঁক -১৯৯৮ চনত উচ্চ শিক্ষাৰ কাৰণে অসমৰ বাহিৰত যাব লগা হোৱাৰ বাবে আমছুৰ পৰা অব্যাহতি লৈছিলো আৰু দ্বিতীয়বাৰ আমছুত যোগ দিয়া নহ’ল। শিক্ষা সাং কৰি পেটৰ ভাত মুঠিৰ ভাবে জীৱন সংগ্রামত ব্রতী হৈ পৰিলো আৰু ছামছুল হক চাহাবৰ লগতো প্রায় যোগাযোগ বিচ্ছিন্ন হৈ গৈছিল।

ইদানিং তেখেত ৪৪ নং জনীয়া বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনত শতিকা গচকা ৰাষ্ট্ৰীয় দল এটাৰ মনোনীত প্রার্থী। শতিকা গচকা ৰাষ্ট্ৰীয় দলটো ভাল নে বেয়া সেয়া ৰাইজে বিবেচনা কৰিব কিন্তু জনীয়া সমষ্টিৰ এজন ভোটাৰ হিচাবে কব বিচাৰো – ছামছুল হক চাহাব কেৱল জনীয়া নহয় গোটেই অসমৰ সংখ্যালঘু মানুহৰ সমস্যা আন আন প্রার্থী সকলোতকৈ বেছি জানে আৰু দুঃখ বেদনাবোৰ ভালকৈ বুজি পায়।
আমছুৰ প্রাক্তন সভাপতি ছামছুল হক চাহাবৰ আটাইতকৈ ভাল লগা গুণ আছিল – যোগ্যজনক উপযুক্ত স্থান দিছিল আৰু সমালোচনা কৰা সকলৰ বক্তব্য কানপাতি শুনিছিল আৰু সমালোচনাৰ পৰ্য্যালোচনা কৰি বিহীত ব্যৱস্থা লৈছিল। বৰ্তমানৰ এটা ৰাজনৈতিক দলৰ নেতা ছামছুল হক কেনে সেয়া ভালকৈ নাজানো কিন্তু মাত্র ২০ বছৰৰ ব্যবধানে মানুহৰ চাৰিত্রিক বৈশিস্ট বহুল পৰিবৰ্তন হয় বুলি বিজ্ঞানে নকয়।