“‘এক দেৱ, এক সেৱ,
এক বিনে নাই কেৱ”
এই বিশ্বব্রহ্মান্দত এজনেই ঈশ্বৰ বা আল্লা ! এইয়াই জগৎ গুৰু শ্রীমন্ত শঙ্কৰদেৱৰ বাণী !একেদৰে ইছলাম ধর্মৰ কোৰানত লিখিছে যে –
“লা -ইলাহা ইল্লালা হু মহম্মদৰ ৰচুলুল্লাহ ” !
(আল্লা অবিহনে মাবুদ নাই , হজৰত মোহাম্মদ প্রেৰিত ৰছুল)

গুৰুজনাৰ ওপৰত আলোচনাত ভাগ লবলৈ আপত্তি নাই, অলপ কিঞ্চিৎ অধ্যয়ন ও আছে কিন্তু ‘হিন্দু ‘ আৰু ‘হিন্দুত্ব’ ৰ ওপৰত মন্তব্য কৰাত সদায়েই অপাৰগ। জগৎ গুৰুজনাৰ ওপৰত কিঞ্চিৎ আলোকপাত কৰাৰ প্রয়াস কৰিলো।
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাই ঈশ্বৰ বুলি একমাত্র তেওঁকেই কৈছে যি বিজ্ঞান মূর্ত্তি, সর্ব্বজ্ঞ, সর্ব্ব কর্ত্তা, নিৰাকাৰ, নিৰাময়, নিত্য নিৰঞ্জন, আনন্দ স্বৰূপ, যাক সকলোয়ে সেৱা কৰে, যি সমস্ত কর্ত্তাৰ শক্তিক অকলে ধাৰণ কৰি আছে। যাৰ দেহ ইন্দ্রিয় নাই কিন্তু তথাপি শুনে, কথা কয়, সমস্ত বস্তুক ধৰে, গতি কৰে, বহি থাকে, আৰু কাৰোবাক মাৰিবও পাৰে। এই ব্রহ্মাণ্ডৰ সৃষ্টি কৰে, পালন কৰে আৰু সংহাৰণো কৰে। যদিও সমস্ত সৃষ্টিৰ অধিকাৰী, মালিক তেওঁ তথাপি তেওঁৰ তাৰ লগত সঙ্গ নহয়, নির্ম্মল, নিশ্চল, তেওঁতকৈ শ্রেষ্ঠ আন কোনো নাই। তেওঁৰ দ্বাৰা সৃষ্টৰ দৰে কর্ম্মও নকৰে আৰু পৰিগ্রহও নাই। সমস্ত জগত সৃষ্টি কৰি তাতেই থাকে কিন্তু উদাসীন ভাৱে। কেতিয়াও ব্যাকুল নহয় বাবে সংসাৰৰ দোষে কেতিয়াও নুচুয়ে।
যত জীৱ জঙ্গম কীট পতঙ্গম
অগ নগ জগ তেৰি কায়া।
সবকহু মাৰি পূৰত ওহি উদৰ
নাহি কৰত ভূতদায়া।।
ওপৰোক্ত সমস্ত গুণ জীৱৰো আছে যদিও ঈশ্বৰ অংশী আৰু জীৱ অংশ; ঈশ্বৰ সেৱ্য আৰু জীৱ সেৱক; ঈশ্বৰ প্রভু, জীৱ ভৃত্য। তেওঁ সমস্ত জগতৰ পিতা-মাতা, গতি-মতি, পতি-প্রাণ। তেওঁ পৰমাত্মা, একমাত্র ঈশ। সমস্ত চৰ-অচৰ সম্পত্তিৰ তেওঁয়েই কার্য্য কাৰণ। সেইবাবে তেওঁ জীৱেশ্বৰ হিচাবে উপাদান কাৰণ, তেওঁ জগবীজ। আনহাতে সমস্ততে থাকি প্রকাশি আছে বাবে নিমিত্ত কাৰণ, তেওঁ আছে বাবে আমি থকা যেন বোধ হয়। একমাত্র অজ্ঞানতাৰ বাবে আমি পশু-পক্ষী, সুৰা-সুৰ, তৰু-তৃণ আদি ভিন্ন ভিন্ন দেখো। ঈশ্বৰ মায়াধীশ হোৱা বাবে তেওঁৰ মায়াৰ দ্বাৰা সর্ব্বক্ষণে মোহিত হৈ তেওঁক নাজানে। ঈশ্বৰ মন-ইন্দ্রিয়-বাণীৰ অগোচৰ। সমস্ত ভূতৰে হৃদয়ত আছে যদিও, অজ্ঞানতাৰ বাবে তত্ত্বক নাজানি জীৱই বাহিৰত বিচাৰি ফুৰে। ঈশ্বৰ একমাত্র সত্য, বাকী সমস্ত মিছা, এই জ্ঞান মায়ামোহত বন্দী হৈ এই দৃশ্যমান জগতকে সচাঁ বুলি প্রত্যয় যোৱা জীৱৰ বাবে দুর্লভ। জ্ঞানী সকলে এই তত্ত্বক জানি তেওঁক হৃদয়তে ধ্যান কৰে। অজ্ঞান, মূঢ় জীৱইও ঈশ্বৰত শৰণ লৈ সৎসঙ্গত ঈশ্বৰ সম্বন্ধে প্রশ্ন, পৰিপ্রশ্ন কৰি জানিব পাৰে। তাৰ বাবে সম্ভৃত শাস্ত্র জানিব লগীয়া নাই নাইবা দেৱতা বা ঋষি হোৱাৰো প্রয়োজন নাই। কেৱল—-
“ মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ।
এতেকে মুকুতি পাইবা কহিলো স্বৰূপ।।“
আকৌ—-
হৰিৰ চৰণ চিন্তিও চিত্ত হৃদয়ে সর্বথা্।
মুখে ৰাম বোলা কর্ণে শুনা কৃষ্ণ কথা।।
ঈশ্বৰে বিনোদ লীলা কৰাৰ ইচ্ছা কৰাৰ বাবেই চাৰিমুঠি জীৱ সৃষ্টি কৰি সমস্ততে অন্তর্য্যামী ৰূপে আছে। বৰগীতত গুৰুজনাই কৈছে—-
“নাৰায়ণ কাহে ভকতি কৰো তেৰা।
মেৰি পামৰু মন মাধৱ ঘন ঘন, ঘাটুক পাপ নাছোড়া।।
যত জীৱ জঙ্গম কীট পতঙ্গম
অগ নগ জগ তেৰি কায়া”
আকৌ কৈছে———
“ঈশ স্বৰূপে হৰি সৱ ঘটে বৈঠহ
যৈছন গগন বিয়াপি।
গতিকে ঈশ্বৰ এই অনন্ত কৌটি ব্রহ্মাণ্ডৰ অধিকাৰী, আদি, মধ্য আৰু অন্ত। জগতৰ পূর্ব্বে একমাত্র তেওঁয়েই আছিল, সৃষ্টি মধ্যতো তেওঁ আৰু অন্ততো কেৱল তেওঁয়েই থাকে। সেয়েহে সমস্ত কাৰণৰো কাৰণ অনাদি গোৱিন্দ। এই ব্রহ্মাণ্ডত তেওঁত বিনে আন একো নাই, আৰু আন একো সত্যও নাই। “তুমি কেৱলে সঞ্চা বাকী সৱো মায়াময়”। কুমাৰে মাটিৰ পাত্র বনোৱাৰ লেখীয়া। মাটিৰ পৰা নানা প্রকাৰৰ পাত্র বনায় কিন্তু ভাঙি পেলালে আকৌ সেই মাটিয়েই।
তুমিসে কেৱলে সত্য সৱে মায়াময়।
তুমি বিনে সত্য আন বস্তু নাহিকয়।।
যদিও তেওঁয়েই কেৱক সত্য তথাপি এই অসৎ, অসন্ত জগত তেওঁতেই উদ্ভৱ। সমস্ত জগতত হৃদিগত ৰূপে থাকে বাবে এই অসত্য, অনিত্য জগতো সত্য যেন প্রতিভাত হয়। আমাৰ নিচিনা কামী, কর্ম্মজড় মনুষ্যৰ মন এই মায়াময় বস্ততে মগ্ন হৈ নিত্য নিৰন্তৰ কর্ম্মফল ভোগাৰ নিমিত্তে নানা দেহত আৱহ গমন কৰি তিনি প্রকাৰৰ তাপত তাপিত হৈ আছো। নদীৰ চাকনৈয়াত পৰা, সাগৰৰ ঢৌত ককবকাই থকাৰ দৰে আছো।
আমাৰ মনত প্রশ্ন জাগিব পাৰে যে যদি জগত অসত্য তেন্তে সত্য যেন কিয় দেখি? ইয়াৰ কাৰণ হ’ল মায়াধীশে মায়াৰ গুণক আশ্রয় কৰি নানা ৰূপ ধৰিছে। তেওঁয়েই মাত্র এক অবিকাৰী সত্য আত্মা, বাকী সমস্ত বিকাৰী। জন্ম, মৃত্যু আদিৰ নিচিনা বিকাৰ তেওঁৰ নাই।
পুৰাণ পুৰুষ তুমি দেৱ সনাতন।
নাহি একো বিকাৰ তোমাত নাৰায়ণ।।
ঈশ্বৰ অচ্যুত, অক্ষয়, সদা সুখময়, পূর্ণকাম। তেওঁৰ ক্ষয় বৃদ্ধি নাই; তেওঁ অনন্ত, ভেদজ্ঞান ৰহিত। তেওঁ সর্ব্ব ব্যাপ্ত; দেশ, কাল, পাত্রই বান্ধিব নোৱাৰে। ইহ জগতৰ বস্তুৰ ব্যষ্টি, পৰিসীমা আছে কিন্তু ঈশ্বৰৰ নাই। তেওঁ অনাদি, অনন্ত। প্রকৃতার্থত একমাত্র কৃষ্ণ হে দেৱ। ‘দিৱ’ ধাতুৰ অর্থ অনুযায়ী, এই সমস্ত জগত যদি কোনোবাই প্রকাশিত কৰি আছে তেন্তে সেইয়া কেৱল কৃষ্ণই। সেয়েহে—–
এতেকেসে তুমি পূর্ণ আন নাহি কেৱ।
তুমিসি প্রকাশ প্রভু দেৱতাৰ দেৱ।।
ভগৱানৰ নাম আৰু ৰূপ আছে কিন্তু আমি জীৱৰ দৰে উপাধি ৰহিত। এই ঈশ্বৰ তত্ত্বৰ গুৰু ৰূপী জ্ঞান চক্ষুৰ দ্বাৰা দর্শন লাভ কৰিলেহে এই মিছা ভৱ সাগৰ তৰিব পাৰি। একমাত্র ঈশ্বৰৰ নামেহে এই সংসাৰ সিন্ধু তৰাব পাৰে।
হৰিসে আতমা হৰিসে বন্ধু।
তৰি হৰি নামে সংসাৰ সিন্ধু।।
এনেহেন নিত্য নিৰঞ্জন আত্মাত যিয়ে পৰ বুদ্ধি কৰি অনাত্মা দেহক আত্মা কৰি মানে সেই সকলৰ হিয়াত অন্তর্য্যামী ৰূপে ঈশ্বৰ থকা সত্ত্বেও হেৰাব লগীয়া হয়। ইয়াৰ বিপৰী্তে সেই সকল অজ্ঞানী জীৱই বাহিৰত ঈশ্বৰক বিচাৰি ফুৰে।
ঈশ্বৰ সমস্ত জগততে থকা সত্ত্বেও তেওঁ কায়বাঙমনসাৰ বাবে অচিন্ত্য। ঈশ্বৰ প্রভাৱ নাজানি তেওঁৰ কুক্ষিততে থকা জীৱ মায়ামোহত বন্দী হৈ যাতনা খাই আছে। কিন্তু যিয়ে গুৰু ৰূপী জ্ঞানক আশ্রয় কৰি ঈশ্বৰত শৰণাপন্ন হৈছে তেওঁলোকে সংসাৰৰ যাতনা গো-খোজৰ দৰে তৰি যায়। অভকত সকলেহে তেওঁক জানিব নোৱাৰে। এই জড় দেহত জীৱ অংশে ঈশ্বৰ থকা বাবেই এই দেহ প্রকাশিত হৈ আছে। সেয়েহে জীৱ ঈশ্বৰতকৈ ভিন্ন নহয় মাত্র জীৱ জীৱেশ্বৰৰ আধীন। ঈশ্বৰে মায়াক আশ্রয় কৰি সমস্ত গুণ সৃষ্টি কৰি এই মায়াময় জগতৰ সৃষ্টি, স্থিতি, লয় কার্য্য সাধি আছে। তেওঁৰ ইচ্ছা মাত্রকে সৃষ্টি হয়। গতিকে হৰিহে কেৱল দেহৰ নিজ আত্মা প্রিয়তম। জীৱ প্রকৃতি আৰু হৰি পৰম ঈশ্বৰ। সেয়েহে পৰম ফলো হৰি মাত্র, বাকী সকলো বিনাশী।