জনীয়া বিধানসভা উপনিৰ্বাচন আৰু এক গুলীত ৫ টা চিকাৰ

ড: জাহিদ আহমেদ :

কালিলৈকে বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খানৰ বিজেপি দলৰ পৰা টিকট নিশ্চিত আছিল, কিন্তু আজি হঠাৎ সকলোকে আচৰিত কৰি সেই টিকট বাতিল কৰি উজনি অসমৰ এজন বিজেপি নেতা তৌফিকুৰ ৰহমানৰ টিকট নিশ্চিত হয়! ইয়াৰ দ্বাৰা বিজেপিয়ে প্ৰথমেই প্ৰমাণ কৰিলে যে বিজেপিয়ে গৰীয়া মুছলমানক নিৰ্বাচনত টিকট নিদিয়ে বুলি অসমৰ মুছলমান সমাজে ইমানদিনে যিটো অভিযোগ কৰি আহিছিল সেয়া আচলতে এক ভুল ধাৰণা আছিল। বিজেপিয়ে সদায় খিলঞ্জীয়া পৰিচয়ৰ গৰীয়া মুছলমানক লগত লৈ ৰাজনীতি কৰে!

দ্বিতীয়তে বিজেপিয়ে কেতিয়াও মিঞা মুছলমানৰ কাৰণে ৰাজনীতিৰ দৰ্জা খুলি নিদিয়ে সেয়া স্পষ্টকৈ প্ৰমাণ কৰিলে। কলগাছিয়াৰ নিচিনা ঠাইত গলেই নিজকে পাকিস্তান যোৱাৰ নিচিনা লাগে বুলি চিন্তিত দলটোৱে কেনেকৈ সেই অঞ্চলৰ এজন মিঞাক টিকট দিয়ে যিসকল মিঞাই ৰমজান মাহৰ নামত সম্পূৰ্ণ এটা মাহ দোকান পোহাৰ সকলো বন্ধ ৰাখে! কলগাছিয়াৰ এজন মিঞাই বিজেপিৰ টিকটত নিৰ্বাচন খেলিলে বিজেপিয়ে কেনেকৈ কলগাছিয়াক পাকিস্তান বাংলাদেশ বুলি উজনি অসমত প্ৰচাৰ কৰিব!

তৃতীয়তে, বিজেপি নিশ্চিত যে তৌফিকুৰ ৰহমান জনীয়াত নিশ্চিত ভাবে হাৰিব আৰু সেই পৰাজয়ৰ মূল কাৰণ হব এজন প্ৰাৰ্থী যিজনৰ জনীয়াৰ সমস্যাৰ বিষয়ে বিশেষ তেনে কোনো আইডিয়া নাই, সুদূৰ উজনিৰ মানুহ তেওঁ, যাৰ লগত সমষ্টিৰ কোনো এজন মানুহৰে উঠাবহা নাই, তেনে প্ৰাৰ্থী এজনক নিৰ্বাচনত সাধাৰণ ভোটাৰে প্ৰত্যাখ্যান কৰাৰ নিচিনা দলীয় মানুহেও প্ৰত্যাখ্যান কৰাটো খুবেই স্বাভাৱিক। সমষ্টিত দলীয় স্থানীয় মানুহ থকাৰ পিছতো কিয় অচিনাকি মানুহ এজনক ৰাইজে ভোট দিব! কিন্তু বিজেপিয়ে এই পৰাজয়ৰ কাৰণটো বাখ্যা কৰিব সম্পূৰ্ণ বেলেগ ধৰণে, তেওঁলোকে কব যে জনীয়া সমষ্টিৰ বিজেপি দল কৰা মিঞা সকল প্ৰকৃততে বিজেপি দলটোক ভাল নাপায়, আৰু আটাইতকৈ আচৰিত ধৰণৰ কথাটো হ’ল মিঞাই কেতিয়াও গৰীয়া মুছলমানক ভোট নিদিয়ে। ৯৫ শতাংশ মুছলমান থকা সমষ্টি এটাতো খিলঞ্জীয়া পৰিচয়ৰ মুছলমান এজনে হাৰিলে মানে গৰীয়া আৰু মিঞা কেতিয়াওঁ একে হব নোৱাৰে। গতিকে divide & rule policy ত বিজেপি সফলতা লাভ কৰাটো নিশ্চিত। বিজেপিৰ এই গুলীত ধৰ্মীয় সংখ্যালঘুৰ মাজৰ বিভাজনে এইবাৰ আনুষ্ঠানিকতা লাভ কৰিব।

চতুৰ্থতে, বিজেপিয়ে কেতিয়াও নিবিচাৰে যে কংগ্ৰেছ দলৰ কোনো এজন প্ৰাৰ্থী কৰবাৰ পৰা জয়ী হওক। তাতকৈ এআইইউডিএফৰ প্ৰাৰ্থী জয়ী হলেহে বিজেপিয়ে শৰাইঘাটৰ তৃতীয়খন ৰণ জয়ী হব লাগিব বুলি চিঞৰি পুনৰ এবাৰ polarization ৰ ৰাজনীতি কৰিব পাৰিব। এআইইউডিএফ জয়ী হোৱা মানেই ভয়, মানে মোগল আহি পালেই, গতিকে শৰাইঘাটৰ তৃতীয় চতুৰ্থ যুদ্ধবোৰ কৰিবই লাগিব। ফলাফল অনায়াসে শৰাইঘাট বিজয়!!

পঞ্চমতে, যোৱা কিছুদিনৰ পৰা জনীয়া সমষ্টিৰ বহু মানুহে কংগ্ৰেছ এআইইউডিএফৰ প্ৰতি মোহভংগ হৈ বিকল্প বিচাৰি বিজেপিত যোগদান কৰি সেই দলৰ তৃণমূল কৰ্মী হিচাপে আত্মনিয়োগ কৰিছিল। এতিয়া সেই সকল বিজেপি সমৰ্থকক প্ৰত্যক্ষ ভাবে অগ্নি পৰীক্ষাত অবতীৰ্ণ কৰাইছে বিজেপিৰ শীৰ্ষ নেতৃত্বই! সমষ্টিৰ যিমান মানুহে বিজেপিৰ সদস্য পদ লৈছিল সেই পৰিমাণৰ ভোট বিজেপিয়ে লাভ নকৰিলে তেওঁলোকে প্ৰমাণ কৰি দিব যে নামনিৰ মিঞাই কেতিয়াও প্ৰকৃততে বিজেপি নকৰে, অৰ্থাৎ তেওঁলোক প্ৰকৃততে দেশপ্ৰেমিক নহয়, মাত্ৰ ক্ষন্তেকীয়া স্বাৰ্থৰ কাৰণে বিজেপি দলৰ পিছে পিছে ঘুৰি থাকে। পাকিস্তান সদৃশ নামনি কেতিয়াও পৰিবৰ্তন নহয়, তাত প্ৰকৃততে বাংলাদেশীহে থাকে!!! সেইকাৰণে সিহঁতে অসমীয়া মূলৰ মানুহক ভোট নিদিয়ে!

মুঠতে বিজেপিয়ে জনীয়া সমষ্টিৰ কাৰণে তৌফিকুৰ ৰহমানৰ টিকট নিশ্চিত কৰি পলিটিক্সৰ নামত এটা মাষ্টাৰ ষ্ট্ৰোক খেলিলে যিটো কংগ্ৰেছ এআইইউডিএফে কল্পনাই কৰিব নোৱাৰে। ব্যক্তিগত ভাবে মই কিন্তু ভাৱোঁ যে বিজেপিয়ে পলিটিক্সৰ নামত তৌফিকুৰ ৰহমানক মাত্ৰ মোহৰা হিচাপে ব্যৱহাৰ কৰিবলৈ আগবাঢ়িছে। কিন্তু আমাৰ এইবোৰ চিন্তা বা পৰ্যালোচনা মূল্যহীন! ডিউটি কৰিলেহে পৰিয়ালৰ সৈতে দুবেলা খাবলৈ পাম।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.