মাইন উদ্দিন :
কলম্বিয়ান ঔপন্যাসিক গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ-এ নেৰুদাক বিংশ শতাব্দীৰ সকলো ভাষাৰে ভিতৰত শ্ৰেষ্ঠ কবি আখ্যা দিছিল”।
পাবলো নেৰুদা (নেফটালি ৰিকাৰ্ড’ ৰেইচ বাচ’লাট’) 12 জুলাই , ১৯০৪ Parral, Chile ত জন্ম গ্রহণ কৰিছিল। হেৰল্ড ব্লুমে তেওঁৰ কিতাপ The Western Canon: The Books and School of the Ages-অত নেৰুদাক মুখ্য ২৬ জনৰ ভিতৰত এজন আখ্যা দিছিল।

নেৰুদাৰ ভাৰতৰ প্রতি আছিল অপৰিসীম প্রেম। আনকি যি সময়ত ৰেংগুনত নেৰুদা কূটনৈতিক বিষয়া হিচাপে আছিল সেই সময়ত কবিগুৰু ৰবীন্দ্র নাথ ঠাকুৰক লগ ধৰাৰ মানসেৰে তেওঁ কলকাতালৈ আহিছিল। কিন্তু সেই সময়ত কবিগুৰু কলকাতাত নথকা বাবে তেওঁক লগ ধৰিব নােৱাৰিলে। তাৰ পিছতে নেৰুদাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাত যােগ দিয়ে, য’ত তেওঁ মহাত্মা গান্ধী, মতিলাল নেহৰু, জৱাহৰলাল নেহৰু আৰু সুভাষ চন্দ্র বসুক লগ পাইছিল। নেৰুদাই গান্ধীক এগৰাকী বিচক্ষণ ৰাজনীতিবিদ বুলি অভিহিত কৰিছে।(কিশোৰ জীৱনী চয়ন,২০১৬, পৃষ্ঠা-৩৮৫) নেৰুদাক আটাইতকৈ বেছি আকর্ষিত কৰিছিল সুভাষ চন্দ্র বসুৰ সাম্রাজ্যবাদ বিৰােধী মনােভাৱে। লেটিন আমেৰিকাৰ অমৰ কবি পাবলাে নেৰুদাৰ ১৯৭৩ চনৰ ২৩ ছেপ্টেম্বৰ তাৰিখে ছান্তিয়াগােৰ ছান্তা মেৰিয়া হাস্পতালত মৃত্যু হয়। মানৱ দৰদী কবি পাবলাে নেৰুদা অমৰ হৈ ৰ’ল তেওঁৰ কালজয়ী ৰচনাৰ মাজেৰে জনসাধাৰণৰ অন্তৰত।
কলা সার্বজনীন আৰু সর্বকাল ব্যাপি এক অনুভূতিৰ সংমিশ্রণ।গতিকে কবিতা ও এবিধ কলা ইয়াৰো পৰিধি সার্বজনীন আৰু সর্বকাল ব্যাপি। এতিয়া কথা হ’ল – কবিতাৰ ভাষা কি হব সেয়া কবিয়ে নিৰ্ধাৰণ কৰে কিন্তু সংকীর্ণতা থাকিব নালাগে বা সাধাৰণতে নাথাকে। অতি কম বয়সৰ পৰা কবিতা পঢ়া আৰু অনুবাদ কৰা আৰম্ভ কৰিছিলো আৰু আজি ৪২ ত সেই ধাৰা অব্যাহত আছে। কবিতা লিখাতকৈ অনুবাদ কৰাত বেছি আমেজ পাও কাৰণ নিজে লিখা কবিতা “অখাদ্য” ও হব পাৰে কিন্তু বেলেগৰ কবিতাত সেই ভয় নাই। কবিতা যি ভাষাৰেই নহওক , যি দোৱনৰেই নহওক , যদি সেইবোৰ কবিতা তেন্তে কবিতাৰ পক্ষত কিন্তু সেইবোৰ কবিতাই
নহয় তেন্তে পক্ষত থকাৰ প্রশ্নই নাহে। কবিতালৈ বিতর্ক হোৱাটো বেয়া নাপাওঁ কিন্তু সেয়া গঠন মূলক হোৱাটো বিচাৰো।
নেৰুদাৰ জন্ম দিনত কবিতা লিখাৰ বাবে ১০ জন কবিৰ বিৰুদ্ধে এজাহাৰ দিয়া কথাটো হজম হোৱাত কষ্ট হৈছে। বাকী আইনৰ কাম আইনে নিজৰ ধাৰামতে নিশ্চয় কৰিব।