যিমান দূৰলৈ মনত আছে – খুব সম্ভৱ ১১ বছৰ বয়সৰ পৰা কবিতা পঢ়া আৰু লিখা আৰম্ভ কৰিছিলো আৰু সেই ধাৰা আজি ৪২ তো অব্যাহত আছে। স্কুল, কলেজ , বিশ্ববিদ্যালয় আদিত অধ্যয়নৰ বাবে বহিঃৰাজ্যত থাকিব লগা হোৱাৰ বাবে বিভিন্ন ভাষাৰ কবিতা অনুবাদ কৰাৰ অভ্যাস এটা গঢ়লৈ উঠিছিল আৰু আজিও অনুবাদ সাহিত্য ৰচনা কৰি ভাল লাগে। অতি কমেও ১১ টা ভাষাত কবিতা লিখিছো আৰু অনুবাদও কৰিছো কিন্তু নিজৰ ঘৰত ব্যৱহাৰ কৰা দোৱান (মিঞা দোৱান) ত অতি নগন্য সংখ্যক কবিতা লিখিছো। সাহিত্য এটা কলা আৰু এই কলাৰ উত্তম পন্থা হৈছে কবিতা। কবিতাই ব্যক্তি বা সমাজৰ দাপোনক কম শব্দৰে মানুহৰ মাজলৈ লৈ যোৱাৰ ক্ষমতা বহন কৰে।

নিজেই নাম বিহীন লাঞ্চিত , বঞ্চিত , অৱহেলিত আৰু কলংকিত জনগোষ্ঠীৰ এটি উপাদান হৈ ও সেই দোৱানত অতি নগণ্য সংখ্যক কবিতা কিয় লিখিলো ?
কোনোবাই অস্বীকাৰ কৰিলেও এয়াই বাস্তৱ যে – অসমত আগাপিছাকৈ প্রব্রজন কৰা সকলো জনগোষ্ঠীৰ নামাকৰণৰ পৰা আৰম্ভ কৰি ভাষা-সংস্কৃতিলৈকে চৰকাৰী বা বেচৰকাৰী বাবে সর্বজন গৃহীত হল কিন্তু বাদ পৰি থাকিল এই তথাকথিত “মিঞা জনগোষ্ঠী” . এই জনগোষ্ঠীৰ পৰা যেতিয়াই কোনোবাই নামাকৰণ বা তাৰ লগত জড়িত কিবা কর্মসূচী হাতত লৈছিল বা লয় তেতিয়াই কোনো “দৰদী” ব্যক্তি বা সংগঠনে প্রবল বিৰোধ কৰিবলৈ আৰম্ভ কৰে , কেতিয়াবা এই বিৰোধ ব্যক্তি শত্রুতা লৈ অৱনমিত হয়।
এই কাৰণেও বহুতে বহু খিনি আগুৱাই গৈয়ো নীৰৱ হৈ পৰে। শিল্পৰ কিবা ভাষা আছে জানো ? শিল্প বিশ্বজনীন বুলি জানিছিলো কিন্তু আমাৰ ৰাজ্যত সৃষ্টি কর্ম কেনেকৈ কৰিম সেয়াও কোনোবা প্ৰভুৱে শ্রুতিলিপি দিয়াৰ পিছতহে অনুমোদিত হব। কবি এজনে কি ভাষাত কবিতা লিখিব, সেই ব্যক্তিগত স্বাতন্ত্ৰ্যকণকো সন্মান নজনোৱা পৰিৱেশ সঁচাকৈয়ে দুঃখজনক।
আপুনি মানি লবলৈ কষ্ট পালেও এয়া সচাঁ যে , অসমীয়া সাহিত্যত যে তথাকথিত মিঞাক খুব কমেই উল্লেখ কৰা হৈছে ( দুই এজন লিখক ব্যতিক্রম ) তাৰোপৰি যদি কাহিনীৰ প্রয়োজনত দুই এটা চৰিত্র অঙ্কন কৰিছে সেয়াও চোৰ , গুন্ডা , বদমাচ, ৰিক্সা চালক , ঠেলা চালক , ৰাজমিস্ত্রী আদি। চৰ-চাপৰিৰ পৰা উঠি আহি বিদ্যায়তনিক শিক্ষাৰ উচ্চ শিখৰ পাৰহৈ নিজৰ কর্ম ক্ষেত্রত প্রতিষ্ঠিত হোৱা কোনোবা মাইন উদ্দিন বা মহিন খান বা আব্দুল মজিদ শ্বেখক অঙ্কন কৰিছে নে ? ( যদি আছে কোনোবাই কিতাপৰ নাম আৰু লিখকৰ নাম উল্লেখ কৰিবলৈ অনুৰোধ কৰিলোঁ)
নিজৰ দুঃখ বেদনাবোৰ হৃদয়ত জমা নকৰি দুই চাৰিজন কবিয়ে কিছু খাদ্য আৰু কিছু অখাদ্য কবিতা ৰচনা কৰিছে সেই লৈ ৰাজ্যৰ মূধাফুটা বুদ্ধিজীবিৰ পৰা ফেচবুকাৰু বুদ্ধিজীৱি সকলে দিনে ৰাতিয়ে একাকাৰ কৰি “মিঞা” সমালোচনা অব্যাহত ৰাখিছে। এয়া নিশ্চয় ভাল লক্ষণ নহয়। আপোনালোকৰ কলমত আমাৰ দুঃখ বোৰ চিত্রায়িত নহয় ( ১৯৫০, ১৯৬১, ১৯৭৯, ১৯৮৩, ১৯৯৪, ১৯৯৭, ২০০৪, ২০১২,২০১৪, ২০১৯ আদি ) কিন্তু দুই চাৰিজনে নিজৰ দুঃখ বেদনা কবিতাৰ মাজেৰে উল্লেখ কৰিলেও মূৰৰ কামোৰণি উঠে কিন্তু ? মিঞাৰ ৰচনা বা কবিতা সচাঁকৈয়ে বিশ্বমানৰ নে ? নতুবা বিশ্বমানৰ কবিতা ৰচনা কৰাৰ বাবে jealous হৈ সমালোচনাৰ বৰষুণ বোৱাই দিছে ?
তথাকথিত মিঞাই ১৯২৬ তেই “অসমীয়া গ্রহণ” আন্দোলন কৰিছিল , ১৯৫১ ত হাতে কামে প্রমাণিত কৰিছিল , ১৯৬১ ত লিখিত ভাবে জনাই দিয়া হৈছিল আৰু ১৯৭২ ত প্রাণ বিসর্জন দি প্রমাণ দি থৈছে। এতিয়াও এই তথাকথিত মিঞাৰ অগ্রজ বুদ্ধিজীৱি সকলে প্রায় প্রতিদিনে ঘোষণা কৰিয়েই আছে যে ভাষাৰ ক্ষেত্রত ১৯২৬ ৰ স্থিতিত অটল আছে আৰু আগলৈ থাকিব তেন্তে কিয় এই শঙ্কা আৰু কাকলৈ এই শঙ্কা ?
আন এটা কথা কবলৈ বাধ্য হৈছো যে – তিনিটা পুৰুষৰ (generation) ৰ জন্ম এই অসম ভূমিত আৰু এতিয়া আমাৰ দৰে নিঃকিন সকল চতুর্থ পুৰুষ(fourth generation), গতিকে অন্য দহজন অসমবাসীৰ দৰেই আমি অসমৰ আৰু অসম আমাৰ। গতিকে নিজৰ জন্মভূমিত নিজৰ ইচ্ছামতে সাহিত্য চৰ্চাৰ পৰা বঞ্চিত কৰিব বিচাৰো টো অমানবীয় নহয় নে ?
বৰ ভাল কাম কৰিছে, চাৰ