চুকে কোণে সিঁচৰিত হৈ থকা ‘মিঞা পোয়েট্রি” একত্রিত কৰিলেও কিজানো এহেজাৰ নহব কিন্তু মই নিজেই এহেজাৰতকৈ অধিক অসমীয়া কবিতা লিখিছো(খাদ্য নে অখাদ্য সেয়া পিছৰ কথা)। আমি জনা মতে অতি কমেও প্রতি দিনে এহেজাৰ জনে এটাকৈ অসমীয়া কবিতা লিখে । তেন্তে সেই অসমীয়া ভাষা কেইটামান “মিঞা কবিতা” ই কেনেকৈ ধ্বংস কৰিব পাৰিব , অসম্ভৱ কল্পনা। তাৰোপৰি “মিঞা” সকলৰ মাতৃভাষা সম্বন্ধীয় স্থিতি ১৯২৬, ১৯৫১, ১৯৭২, ২০১৯ একেই আছে(তেতিয়া ও অসমীয়া আছিল, এতিয়াও অসমীয়া আছে আৰু আগলৈ থাকিব)। তেন্তে সাধাৰণ জনতাক বিপথে পৰিচালনা কৰিব বিচৰাৰ কাৰণ কি ?

“মিঞা কবিতা” লিখিলে পইচা দিয়ে বুলি আজি জানিলো, অসমীয়া সংবাদ পত্রই মিঞা সকলক ইমান ঘৃণা কৰে বুলি আজিহে দকৈ অনুভৱ কৰিব পাৰিলো।
“নিয়মীয়া বার্তা” ৰ সম্পাদক মহোদয় – আপুনি অনুমান আৰু মনে সজা কাহিনী লিখি থাকক, আমাৰ আপত্তি আছে যদিও আপোনাক বা আপোনাৰ মালিকক “হিৰো” সজাবলৈ FIR নিদিওঁ।
পিছে যিকোনো ভাল লগা “মিঞা কবিতা” মোৰ দৃষ্টি গোচৰ হলে সেয়া অসমীয়া লৈ অনুবাদ কৰা মোৰ অভ্যাস। উদাহৰণ হিচাবে তলত এটা দিলো।
==========
নব্বৈৰ অসম
মূল @ কাজী নীল
অনুবাদ @ মাইন উদ্দিন
.
কোনোবাই ঘৰৰ পিছফালে চুচুক চামাক শব্দ কৰি আছে
কোনোবাই খোজকাঢ়ি যায় দোভাগৰাতি , মাঘ মাহৰ শীত
ধানখেতিৰ মাজত কুঁৱলীৰ পাহাৰ পাৰ হৈ কোনোবাই খোজকাঢ়ি যায়
মোৰ হাত ভৰি কপি উঠে।
কোনোবাই টোকোৰ দিয়ে বাঁহৰ বেৰত, মিহিকৈ মাতে
ওই ৰহিম কাই , দুৱাৰ খুলি দিয়া, মই , মই অম্লান
সিহঁতে নতুন দিনৰ কথা কয়, এই দুর্ভিক্ষৰ দিনত সপোন দেখায়
সিহঁতে কয় -একমাত্র বন্ধুকেই দিব পাৰে এমুঠি অন্নৰ ঠিকনা
নতুন পতাকাৰ জোৱাৰ আহে,মানুহৰ মূখে মূখে স্বাধীনতাৰ শ্লোগান।
হাবিৰ মাজত কোনোবাই বন্তি প্রজ্বলন কৰে
গাঁৱে-ভুঁৱে বুটজোতাৰ শব্দ গোটেই ৰাতি
কাৰোবাৰ ভন্টিৰ আর্তনাদ শুনা যায়- আই ঐ
কাৰোবাৰ ভাইটিৰ লাশ পোৱা যায়।
তেজৰ সোঁতত ভাঁহি যায় নব্বৈৰ অসম
শুকান পচোৱাৰ শুমশুম শব্দত মোৰ টোপনি নাহে
কোনোবাই খোজকাঢ়ি যায়,কোনোবাই টোকোৰ দিয়ে
বাঁহৰ বেৰত।
======================
९० दशक की ‘असम’
अनुबाद @ माईन उद्दीन
मूल @ काजी नील
===============
कोई आवाज़ कर रहा था घर के पीछे से
कोई पैदल जा रहा था रात दोपहर को,
माघ महीने की ठंडी में, धान खेत में धुआं छाए थे पहार के भाति,
कोई पैदल जा रहा था ।
मेरा हाथ पैर कप रहा था……
कोई ठोकर देता है बांस के दीवार पे, धीरे से बोलते है– हे रहीम कका, दरवाजा खोल दो,मैं। मैं अम्लान
वे नए दिन के बात करते है, संकट समय मैं सपने दिखाते है, बोलते है सिर्फ बन्दुक ही दे सकते है दो वक्त की रोटी।
नया झंडा की आहट आ रहा था, लोगो मैं आजादी की जयगान
जंगल में कोई रोशनी की मशाल जलाते है,
सारी रात भर गांव मैं बूटजुते की आवाज़
किसी की बहन की आवाज़ आती है – “हे माई”
किसी की भाई की लाश मिलती है
खून की बूंदो से लहरते है ९० दशक की ‘असम’
फालगुनी हवा की शोर से मेरा नींद नही आते
कोई पैदल जा रहा था, कोई ठोकर देता है
बांस के दीवार पे।
==================
নব্বৈৰ অসম
@কাজী নীল
.
কেৰা জানি খচমচ কৰে ঘৰেৰ পাছে
কেৰা জানি হাইটা যায় ৰাইত দপুৰে।মাঘ মাইসা জাৰ। ধানেৰ খেতে ঊশেৰ পাহাৰ পাৰ হইয়া কেৰা জানি হাইটা যায়
আমাৰ হাত পাও কাপে—
কেৰা জানি টোকা দেয় বাশেৰ বেৰায়। ফিসফিসিয়া ডাকে— অই ৰহিম কাই!দুৱাৰ খোল। মই। মই অম্লান!
ওৰা নতুন দিনেৰ কতা কয়। এই চৰম আহালেৰ দিনে স্বপ্ন দেহায়। কয় একমাত্ৰ বন্দুকই দিবাৰ পাৰে দুইমুঠ অন্নেৰ ঠিকানা—
নতুন পতাকাৰ জোৱাৰ আহে। মানুষেৰ মুখে মুখে স্বাধীনতাৰ শ্লোগান—
জঙ্গলেৰ ভিতৰে কেৰা জানি মশাল জ্বালায়
গ্ৰামে গ্ৰামে বুটজোতাৰ শব্দ সাৰাৰাইত
কাৰ বুইনেৰ চিল্লানি শুনা যায়— আই ঐ—
কাৰ ভাইয়েৰ লাশ পাওয়া যায়—
ৰক্তে ৰক্তে ভাইসা যায় নব্বইয়েৰ আসাম—
শুকনা বাতাসেৰ শুমশুম শব্দে আমাৰ ঘুম আহেনা
কেৰা জানি হাইটা যায় — কেৰা জানি টোকা মাৰে
বাশেৰ বেৰায়—
অনুবাদকৰ টোকা : কবিতাৰ বিষয় বস্তু আৰু প্রকাশভংগীৰ ভাবে অনুবাদক দায়ী নহয়।
“মিঞা দোৱান” অসমীয়াৰ বেছি ওচৰ চপা নে বঙালীৰ ওচৰৰ?
এয়া নিশ্চিত ভাবে অবান্তৰ প্রশ্ন নহয় কিন্তু আমি স্পষ্ট কৰিব খোজো যে , সম্পূর্ণ বাঙালী ভাষী মানুহ খিনি যদি ১০০+ বছৰত সম্পূর্ণ অসমীয়া ভাষী লৈ ৰুপান্তৰ হব পাৰে তেন্তে মিঞা দোৱান অসমীয়াৰ উপভাষালৈ ৰুপান্তৰ হোৱাত কোনো বাধা নাই আৰু সেই কামফেৰা মোৰ দৰে হেজাৰ হেজাৰ জনে নীৰৱে কৰি আছে। প্রতিটো মিঞা দোৱানৰ কবিতা অসমীয়ালৈ অনুবাদ হৈ গৈছে আৰু আগলৈ হৈ থাকিব। তথ্যগত ভাবে বেছিভাগ কবিতাত অসমীয়া শব্দ প্রয়োজনতকৈ বেছি ব্যৱহাৰ কৰা দেখা যায়।
কৰবাত দুই এটা মিঞা কবিতা অসমীয়ালৈ অনুবাদ নোহোৱাকৈ ৰৈ গৈছে যদি আমাৰ দৃষ্টিলৈ আনিবলৈ অনুৰোধ থাকিল, সেয়াও (খাদ্য -অখাদ্য বুলি কথা নাই) আমি অসমীয়ালৈ অনুবাদ কৰি দিম।