সংযত হওঁক:ঘৃণাৰ বেপাৰী সকল

ছচিয়েল মেডিয়াত যুৱ প্ৰজন্মৰ কিছুমানৰ অতপালিত অসন্তষ্ট কেৱল ময়েই নে ?
উত্তৰটো সহজ – অকল মই নহয় , লাখ, লাখ অসমবাসী অসন্তুষ্ট হৈছে। এই অসন্তুষ্টিৰ মূল কাৰণ সমূহ নো কি কি ?

১. অর্ধ সত্য বা অসত্য তথ্য প্রচাৰ।
২. অসমীয়া সংস্কৃতিৰ বহির্ভূত অশালীন বাক্যবাণ।
৩. ব্যক্তি স্বাধীনতা হৰণকাৰী মেমে (মীম) জাতীয় ব্যঙ্গ প্রচাৰ।
৪. ভুৱা বা বিকৃত তথ্যৰে তৈয়াৰ কৰা অডিও বা ভিডিও প্ৰচাৰ।
৫. ইতিহাসক বিকৃত ৰূপত নতুনকৈ উপস্থাপন
৬. অধ্যয়ন বিহীন ব্যক্তিও বিজ্ঞৰ ভাও দিয়া
৭. জ্যেষ্ঠ সকলক সন্মান দিব নজনা।
আৰু বহু আছে।

যোৱা কেইবছৰ হ’ল কিছুমান ৰাজনৈতিক দল /সংগঠনৰ কৰ্মীৰ অতপালি চচিয়েল মেডিয়াত বৃদ্ধি পাইছে। “আদাক দেখি উঠিল গা , কেতেৰীয়ে বোলে মোকো খা” ধৰণে কিছুমান সংখ্যালঘু যুৱক আৰু সংগঠনৰ সদস্যই সকলেও একেধৰণেই অতপালি কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। এইক্ষেত্ৰত কিছু অসামাজিক তত্বই FAKE একাউন্টৰ জড়িয়তেও এই কামত সাৰপানী যোগাইছে। ব্যক্তিগত ভাবে বহু জনক হকা-বাধা দি আহিছো যাতে এনেকুৱা অতপালি চচিয়েল মেডিয়াত নকৰে। কিন্তু বর্তমানে অতপালি কৰা ব্যক্তিৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈয়ে আছে। কেইদিন মান আগত আমাৰ অসন্তুষ্টি ৰাজহুৱা কৈ প্রকাশ কৰি বিনয়ী হবলৈ আহবান দিছিলো কিন্তু সিমান সুফল দেখা নাপালো। আকৌ ৩০ অনুর্ধ চেঙেলীয়া (বিশেষকৈ সংখ্যালঘু)সকলক সকীয়াই দিছো –

১. তথ্য বিহীন মন্তব্য দিয়াৰ পৰা বিৰত থাকক।
২. অশালীন মন্তব্য দিয়াৰ পৰা বিৰত থাকক।
৩. বয়োজ্যেষ্ঠ সকলক সন্মান সহকাৰে বিনয়ী ব্যৱহাৰ প্রদর্শন কৰক।
৪. সাম্প্রদায়িক যিকোনো লেখাৰ পৰা নিজকে আঁতৰাই ৰাখক।
আদি

যদি সংযত নহয় তেন্তে আমছু , KMSS, ছাত্র মুক্তি আদি সংগঠনৰ জৰিয়তে নহয় , আমি নিজাববীয়াকৈ তিনি তৰপীয়া ব্যৱস্থা গ্রহণ কৰিম – আইনী বিচাৰ(থানাতে সমাপ্তি), আদালতত বিচাৰ , আৰু সামাজিক বিচাৰ। যাৰ ফলত আপোনালোকৰ সন্মানীয় অভিভাৱক সকলেও লজ্জাত পৰিব লগা হব পাৰে।

সংযত হওঁক , নিজৰ লগতে সুস্থ সমাজ গঠনত সহযোগ কৰক।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.