মাইন উদ্দিন : এখন ৰাষ্ট্রৰ বা ৰাজ্যৰ উন্নয়ন আৰু বিকাশ বুলি ক’লে ৰাষ্ট্র বা ৰাজ্যৰ সকলো শ্রেণীৰ লোকসকল আর্থসামাজিক, শৈক্ষিক দিশত সমানে আগবাঢ়িবই লাগিব আৰু সকলো শ্রেণীৰ লোকক সমান মর্দাৰে আগবঢ়াব পৰা হ’ব লাগিব৷ ৰাজ্যখনৰ এটা বৃহৎ জনগোষ্ঠীক বাদ দি ৰাজ্যৰ উন্নয়ন হৈছে বুলি ক’ব নোৱাৰি৷ আচলতে পূৰ্বৰ পৰাই এই বৃহৎ জনগোষ্ঠীটো অন্ন-বস্ত্ৰ আৰু বাসস্থানৰ সন্ধানত অসমলৈ প্ৰব্ৰজন কৰি বসতিৰ ভূমিখিনি পাইয়েই যথেষ্ট পোৱা বুলি ভাবি অনেক দিনলৈ বৰ্তি আছিল। চৰকাৰৰ পৰা পোৱা বাসস্থানৰ ভূমিৰ পৰিবৰ্তে নিজৰ ভাষা-সংস্কৃতি দান দি আত্মসন্তূষ্টিৰ লগতে স্থানীয় জনগণৰ লগত সমিল মিলেৰে চলাৰ মানসিকতাৰ ফায়দা লাভ কৰি, কেবলমাত্ৰ ভোট বেংক হিচাপে ব্যৱহৃত হৈ আহিয়েই আছে।পূর্বপুৰুষক সর্বনাশী পদ্মাই ঘৰ, মাটি-ভেঁটি উছন কৰি ব্রহ্মপুত্রৰ বুকুলৈ ঠেলি পঠাইছিল আৰু ১৫০ বছৰ পিছত ব্রহ্মপুত্রই এই জনগোষ্ঠীৰ সৰহ সংখ্যকক বিভিন্ন চহৰৰ অলি-গলি, নলা-নর্দমাৰ পাৰলৈ ঠেলি পঠিয়াইছে। এই মানুহখিনিক লৈ তথাকথিত মূলসুঁতিৰ অসমীয়া সমাজ তথা প্ৰভাৱশালী মিডিয়াৰ নেৰেটিভবোৰ ভয়ানকভাৱে অনৈতিহাসিক (ahistorical), বৰ্ণবাদী (racist) আৰু সাম্প্ৰদায়িক (communal)৷ সময়ে সময়ে নতুন নতুন নেৰেটিভ এওলোকৰ সৈতে সাঙুৰি থকা হয়৷ এই বিভিন্ন নেৰেটিভবোৰৰ ভিতৰত এই জনগোষ্ঠীৰ লোকসকলক বাংলাদেশী বোলাটো হৈছে আটাইতকৈ প্ৰভাৱশালী৷ চছিয়েল মিডিয়াৰ ব্যাপক প্ৰচাৰৰ সময়ত নতুন নতুন বৰ্ণবাদী মন্তব্য যেনে বাংলাদেশীৰ লগতে মিঞা, গেদা, গেদী, জিন্না পন্থী ইত্যাদিবোৰ শব্দ উগ্ৰজাতীয়তাবাদী বা হিন্দুত্ববাদী সোঁপন্থী কিছু লোকে ব্যাপকভাৱে ব্যৱহাৰ কৰা দেখা গৈছে৷ লগতে চৰকাৰে আৰু বেচৰকাৰী বাবে দান দি থকা হৈছে 3D সমস্যা (D-voter, D-citizen, Detention Camp).

অপ্রিয় হলেও এটা সত্য প্রকাশ কৰিম – বৈধ বা অবৈধ সকলো প্রব্রজনকাৰীক বা তেখেত সকলৰ স্বকীয়তাক অসমত সন্মান দিয়া হৈছে কিন্তু বঞ্চিত কৰা হৈছে কেৱল তথাকথিত ‘মিঞা’ (যদি ও আভিধানিক ভাবে মিঞা নামৰ কোনো জনগোষ্ঠী নাই, কেৱল বুজি পাবলৈ) খিনিক আদৰি লোৱা বহু দূৰৰ কথা নূন্যতম ভদ্ৰতা খিনি বজাই ৰাখি ও চলা দেখা নাযায়। এখেত সকলৰ পূর্বপুৰুষ সকলে এই আধুনিক অসম ভূমিৰ বাবে সকলো ত্যাগ কৰিছে – কলা-সংস্কৃতিৰ পৰা আৰম্ভ কৰি জন্মদাত্রী মাতৃৰ কোলাত সপোন দেখা ভাষাটোকো ত্যাগ কৰিছে। আজি পঞ্চমটো পুৰুষে (5th generation) নাজানে বাংলা কি , বঙালী জাতীয়তাবাদ কি। ইতিহাসৰ পাত লুটিয়াই চাওক – গ্রুপিংৰ বিৰোধিতা কৰা সকলৰ ১৩ সদস্যৰ ৯ জনেই আছিল এওঁলোকৰ পূর্বপুৰুষ নহলে আজি যোৰহাটলৈকে থাকিলেহেঁতেন পূর্ব পাকিস্তান, যিদৰে ভাৰতত থাকি গল – মালদাহ আৰু মুর্শিদাবাদ। ভাৰতীয় সংবিধান খন ধর্ম নিৰপেক্ষ হয় নে নহয় সেয়া পিছৰ কথা কিন্তু ব্যক্তি / ব্যক্তি সমষ্টিৰ ধর্ম চাই মানৱতা উদয় হোৱা কথাটো কেৱল মানৱতা বিৰোধীয়েই নহয় ভাৰতীয় সভ্যতা বিৰোধীও।হেজাৰ হেজাৰ স্বদেশী মানুহক ডি-ভোটাৰৰ নামত FT আদালতত যমৰ যাতনা দি থকা হৈছে। কেইবা হেজাৰক ডিটেনচন কেম্পত বন্দী কৰি ৰখা হৈছে। বহুজনে বিদেশীৰ অপবাদলৈ আত্মহত্যা কৰিছে। এইবোৰ চাই মানবাধিকাৰ আৰু মানৱতাৰ উদ্ভৱ নহয় কিয়? হয়তো, কোনোবাই কুযুক্তি আগবঢ়াব পাৰে – ‘নির্যাতিত মানুহক ঠাই দি আছো’, এয়াই মানৱতা কিন্তু সেই সকল ‘ভক্ত’ কুলক প্রতক্ষ্য ভাবে জনাব খোজো – যি জনগোষ্ঠীয়ে জন্মস্থানত নিজৰ অধিকাৰ বিচাৰিব নেজানি চোৰৰ দৰে পলাই আহে সেই সকলে সমাজ এখনৰ বাবে কিমান প্রয়োজনীয় দুনাই কোৱাৰ প্রয়োজনবোধ নকৰো। আপুনি আকৌ কুযুক্তি আগবঢ়াব পাৰে – ‘আপোনাৰ পূর্বপুৰুষও দেখোন সেই একে ঠাইৰে পৰা অহা , গতিকে আপুনি আপত্তি কিয় কৰি আছে?’ এই প্রশ্নৰ উত্তৰ একেবাৰে সহজ – আমাৰ পূর্বপুৰুষ অহা নাছিল, তদান্তীন চৰকাৰে ৫ টকীয়া ৰেলৰ টিকট দি আনিছিল অধিক খাদ্য আৰু মৰাপাট উৎপাদন কৰিবলৈ তাৰোপৰি তেতিয়া এখন দেশৰ একেই ৰাজ্যৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ গমনহে কৰিছিল। ইতিহাস পঢ়িলেই বুজি পোৱাত অসুবিধা নহব।’ মানবাধিকাৰ আৰু মানৱতাৰ যুক্তি দিলেও সেয়া কেৱল সাম্প্রদায়িক মনোভাৱক লুকাই ৰখাৰ কৌশলহে মাথোন।
কষ্টসহিষ্ণু তথা কৃষি কৰ্মত আপেক্ষিকভাৱে অসমৰ থলুৱা লোকসকলতকৈ পাকৈত এইসকল লোকে বান, খহনীয়া ইত্যাদি প্ৰাকৃতিক দুৰ্যোগৰ লগত প্ৰতিবছৰে হোৱা সংঘাতৰ সৈতে সহৱস্থান কৰি আহিছে৷ ঔপনিৱেশিক সময়ৰ পৰাই প্ৰবহমান বিভিন্ন সাহিত্যত উল্লিখিত বৰ্ণবাদী কথাবোৰক আমি আজিৰ তাৰিখলৈ চলাই থাকিব পৰাটো এক জাতীয় লজ্জা যদিও অসমীয়া জাতীয়তাবাদ নিৰ্মাণত বহু সময়ত প্ৰয়োজনীয় এনে ধ্যান ধাৰণবোৰ বেছ গৌৰৱৰেই উদযাপন কৰা হয়৷ নৃগোষ্ঠীয়তা, খিলঞ্জীয়া ইত্যাদিবোৰৰ লগত জড়িত বিভিন্ন একাডেমিক বিৰ্তক বা বাকধাৰাবোৰলৈ নগৈ – আধুনিক ৰাষ্ট্ৰ, সংবিধান, নাগৰিক বা নাগৰিকত্ব ইত্যাদিৰ মৌলিক কথাবোৰকে আমি বহু সময়ত ভেঙুচালি কৰি আছো৷ সন্দেহ নাই, নৃগোষ্ঠীয়তা, খিলঞ্জীয়া ইত্যাদিবোৰ উপনিৱেশিক কেটেগৰী৷ উপনিৱেশবাদে সৃষ্টি কৰা সেই বিভিন্ন ধাৰণাসমূহৰ পৰা অহা বৰ্তমানৰ এই বাকধাৰাবোৰক আমি সমালোচনাত্মকভাৱে নলৈ গোটে গোটে হজম কৰিলে সি আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাত আমাৰ সমস্যাৰ সমাধানৰ বাট দিয়াৰ বিপৰীতে পাকঘূৰণি খাই থকাৰ সম্ভাৱনাই প্ৰৱল৷ একে সময়তে আধুনিক ৰাষ্ট্ৰ, সংবিধান, নাগৰিক বা নাগৰিকত্ব ইত্যাদিও পশ্চিমীয়া ধাৰণা যিবোৰ আমি উপনিৱেশবাদৰ পিছৰ পৰ্যায়ত লাভ কৰিলো৷ কিন্তু জাতি নিৰ্মাণ বা নৃগোষ্ঠীয়তা, খিলঞ্জীয়া, নাগৰিকত্বৰ সংজ্ঞাকৰণত আমি চিলেকটিভ হৈ পৰো- এফালে নিজৰ সুবিধা অনুযায়ী ঔপনিৱেশিক কথা-বতৰাবোৰক কিছু গ্ৰহণ কৰোঁ আৰু একেসময়তে আধুনিক ৰাষ্ট্ৰৰ অন্য কিছু সুবিধা ল’বলৈ ঔপনিৱেশিক কথা-বতৰাবোৰকে উপনিৱেশিকবাদৰ আগৰ ধাৰণা বুলি প্ৰচাৰৰে জাতি নিৰ্মাণ, খিলঞ্জীয়া আদি ধাৰণাৰে এচামক বহিৰ্ভুক্তকৰণৰ প্ৰক্ৰিয়াত অংশ লওঁ৷
এখন গণতন্ত্র ৰাষ্ট্রত সকলো নাগৰিকৰ সমান পদমর্যদা থাকে আৰু নাগৰিকৰ সহযোগতহে দেশৰ গণতন্ত্র, শান্তি-সম্প্রীতি আৰু ঐক্য নিশ্চিত হৈ থাকে৷ ঠিক একে ধৰণে ৰাজ্যৰ উন্নয়ন নির্ভৰ কৰে ৰাজ্যৰ সকলো বর্গৰ বা জনজাতিৰ সমমর্যদা , সমাধিকাৰ আৰু সম দায়িত্ব অর্পণ কৰাৰ ওপৰত৷ সমমর্যদা , সমঅধিকাৰ আৰু সকলো নাগৰিকক সম গুৰুত্ব আৰোপ কৰাৰ বিষয়ত প্রতিজন নাগৰিকে চিন্তা কৰাৰ আৱশ্যক হৈ পৰে৷ ইয়াৰ বাবে আকৌ নাগৰিকৰ মাজত সমন্বয় আৰু পৰস্পৰে পৰস্পৰৰ মাজত সহযোগিতা নীতি-আদর্শ আৰু নৈতিকতাৰ আৱশ্যক৷ কিন্তু বর্তমান দেখা গৈছে ভাৰতৰ লগত অসম ৰাজ্যৰ নাগৰিকসকলৰ মাজত বিশেষকৈ আর্থ-সামাজিক দিশত সমভাৱাপন্ন নহয়৷ সাংবিধানিক দিশত ভাৰত এখন ধর্মনিৰপক্ষ ৰাষ্ট্র হোৱাৰ লগে লগে ভাৰতৰ নাগৰিকসকলৰ মাজত বহুতো পিছপৰা জনজাতি আৰু সম্প্রদায়ৰ লোক আছে৷ আৰু সংবিধানে স্বীকৃতি প্রদান কৰিছে৷
অসমীয়াত্বৰ (অসমীয়া জাতীয়তাবাদ) সংকটক কেন্দ্ৰ কৰিয়েই বিগত এটা শতিকাজুৰি অসমৰ ৰাজনৈতিক ইতিহাস ৰচিত হৈছে ।বহুতো উত্থান পতন, আপোচ-আপোচহীনতা , ক্ষমতাৰ খোৱাকামোৰা-হতাশা-ষড়যন্ত্ৰৰ সাক্ষী হৈ আছে অসমৰ জনগন । অসমীয়াৰ সংকটক কেন্দ্ৰ কৰিয়েই এচামৰ ৰাজনীতিত অসম খণ্ড বিখণ্ড হৈছে , অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত হাতুৰি পৰিছে , গোষ্ঠীসংঘাত আৰু সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পিছে । ছয় বছৰীয়া বহিৰাগত বিতাড়ন পিছলৈ মুছলমান বিতাড়ন আন্দোলনলৈ পৰ্যবসিত হোৱা ছবছৰীয়া অসম আন্দোলনৰ সবাতকৈ ক্ষতিকাৰক দিশসমূহৰ এটা হৈছে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সংগ্ৰামী অসমীয়াৰ আস্থা হেৰাই যোৱা। যাৰ বাবেই কিজানো নেকিবুৰ জামান, নুৰুল হুছাইন আদি নেতাই আছুৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। সেই আবেগিক শ্লোগান বোৰ আজি কেৱল ইতিহাস –
মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন’,
‘অসম মৰিলে আমিও মৰিম’
তেজ দিম , তেল নিদিও , ….. আদি
শ্লোগান দি ৰাজপথলৈ ওলাই অসমীয়াই চকুৰ সন্মুখতে দেখিলে নিৰ্মম প্ৰতাৰণা। ক’ব নোৱাৰাকৈ আন্দেলনৰ প্ৰতি অনীহা জন্মিল আৰু ইয়াৰ কু−প্ৰভাৱ আজি আমাৰ সন্মুখত। অখিল বা অন্য নেতাই ন্যায্য দাবী কৰিলেও সাধাৰণ জনতাৰ আগভাগ শুন্য বুলি কলেও ভুল নহব। সেই আন্দোলনৰ নেতৃত্ব লোৱা সকলৰ বেছি ভাগেই বর্তমান মন্ত্রী, বিধায়ক , বিয়োগম ঠিকাদাৰ আদি। আটাইতকৈ হাস্যকৰ দিশটো হৈছে – সেই নেতাসকলৰ কিছুমানে জাতীয়তাবাদ এৰি ৰাষ্ট্রীয়বাদৰ গেৰুৱা বসন পৰিধান কৰি একনিশাতে ধোৱা তুলসীৰ পাত হৈ পৰিছে। মুঠতে কব গলে ৰাইজে কিবা পাওঁক বা নাপাওঁক নেতা সকলে কিন্তু ধনকুবেৰ হোৱাত কৃপণালি কৰা নাই। আজিকালি আকৌ কেইজনমান ওলাইছে ‘খিলঞ্জীয়া’ নামৰ নতুন tool এটা লৈ আৰু এই নতুন tool টোৱে হয়তো জন্ম দিব নতুন শব্দ ‘ Default Khilonjiya’. মহামান্য সর্ব্বোচ্চ ন্যায়ালয় বা ভাৰতৰ সংসদে স্বীকৃতি দিয়া চুক্তিক নস্যাৎ কৰিবলৈ উঠি পৰি লাগিছে। ‘খিলঞ্জীয়া’, ‘ভূমিপুত্র’ থলুৱা’ থলগিৰি’ আদি শব্দই ৰাজনৈতিক পথাৰত প্রবেশ কৰিলেই বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াক ব্যাহত কৰিব। সাম্প্রদায়িকতাৰ জোৱাৰ ভাটাত মানুহ বুলি স্বীকৃতিই নাপালো যেতিয়া মানৱতা আৰু মানৱাধিকাৰ দাবী কৰাটো কেৱল অৰণ্যৰোদন মাথোন। শেষত – এইখিনিকে কম , সময় বৰ নিষ্ঠূৰ, ই কাকো ক্ষমা নকৰে।