কাজী নীলৰ নব্বৈৰ অসম

নতুনকৈ অহা “অসম ৰাইফলছৰ বিশেষ ক্ষমতা” আৰু বহু আগৰে পৰা বলবৎ থকা “সামৰিক বাহিনী বিশেষ ক্ষমতা আইন” [Armed Forces (Special Powers) Act] ৰ শেহতীয়া ৰেহৰূপ চাই বহুদিন আগতেই অনুবাদ কৰা “নব্বৈৰ অসম” নামৰ কবিতা এটা বাৰে বাৰে মনত পৰিল, সেয়া পাঠকলৈ আকৌ আগবঢ়ালোঁ।
=============
নব্বৈৰ অসম

মূল @ কাজী নীল

অনুবাদ @ মাইন উদ্দিন
.
কোনোবাই ঘৰৰ পিছফালে চুচুক চামাক শব্দ কৰি আছে
কোনোবাই খোজকাঢ়ি যায় দোভাগৰাতি , মাঘ মাহৰ শীত
ধানখেতিৰ মাজত কুঁৱলীৰ পাহাৰ পাৰ হৈ কোনোবাই খোজকাঢ়ি যায়
মোৰ হাত ভৰি কপি উঠে।

কোনোবাই টোকোৰ দিয়ে বাঁহৰ বেৰত, মিহিকৈ মাতে
ওই ৰহিম কাই , দুৱাৰ খুলি দিয়া, মই , মই অম্লান
সিহঁতে নতুন দিনৰ কথা কয়, এই দুর্ভিক্ষৰ দিনত সপোন দেখায়
সিহঁতে কয় -একমাত্র বন্ধুকেই দিব পাৰে এমুঠি অন্নৰ ঠিকনা
নতুন পতাকাৰ জোৱাৰ আহে,মানুহৰ মূখে মূখে স্বাধীনতাৰ শ্লোগান।

হাবিৰ মাজত কোনোবাই বন্তি প্রজ্বলন কৰে
গাঁৱে-ভুঁৱে বুটজোতাৰ শব্দ গোটেই ৰাতি
কাৰোবাৰ ভন্টিৰ আর্তনাদ শুনা যায়- আই ঐ
কাৰোবাৰ ভাইটিৰ লাশ পোৱা যায়।

তেজৰ সোঁতত ভাঁহি যায় নব্বৈৰ অসম
শুকান পচোৱাৰ শুমশুম শব্দত মোৰ টোপনি নাহে
কোনোবাই খোজকাঢ়ি যায়,কোনোবাই টোকোৰ দিয়ে
বাঁহৰ বেৰত।
======================

९० दशक की ‘असम’

अनुबाद @ माईन उद्दीन
मूल @ काजी नील
===============
कोई आवाज़ कर रहा था घर के पीछे से
कोई पैदल जा रहा था रात दोपहर को,
माघ महीने की ठंडी में, धान खेत में धुआं छाए थे पहार के भाति,
कोई पैदल जा रहा था ।

मेरा हाथ पैर कप रहा था……
कोई ठोकर देता है बांस के दीवार पे, धीरे से बोलते है– हे रहीम कका, दरवाजा खोल दो,मैं। मैं अम्लान
वे नए दिन के बात करते है, संकट समय मैं सपने दिखाते है, बोलते है सिर्फ बन्दुक ही दे सकते है दो वक्त की रोटी।

नया झंडा की आहट आ रहा था, लोगो मैं आजादी की जयगान
जंगल में कोई रोशनी की मशाल जलाते है,
सारी रात भर गांव मैं बूटजुते की आवाज़
किसी की बहन की आवाज़ आती है – “हे माई”
किसी की भाई की लाश मिलती है
खून की बूंदो से लहरते है ९० दशक की ‘असम’
फालगुनी हवा की शोर से मेरा नींद नही आते
कोई पैदल जा रहा था, कोई ठोकर देता है
बांस के दीवार पे।
==================
নব্বৈৰ অসম

@কাজী নীল
.
কেৰা জানি খচমচ কৰে ঘৰেৰ পাছে
কেৰা জানি হাইটা যায় ৰাইত দপুৰে।মাঘ মাইসা জাৰ। ধানেৰ খেতে ঊশেৰ পাহাৰ পাৰ হইয়া কেৰা জানি হাইটা যায়
আমাৰ হাত পাও কাপে—
কেৰা জানি টোকা দেয় বাশেৰ বেৰায়। ফিসফিসিয়া ডাকে— অই ৰহিম কাই!দুৱাৰ খোল। মই। মই অম্লান!
ওৰা নতুন দিনেৰ কতা কয়। এই চৰম আহালেৰ দিনে স্বপ্ন দেহায়। কয় একমাত্ৰ বন্দুকই দিবাৰ পাৰে দুইমুঠ অন্নেৰ ঠিকানা—
নতুন পতাকাৰ জোৱাৰ আহে। মানুষেৰ মুখে মুখে স্বাধীনতাৰ শ্লোগান—
জঙ্গলেৰ ভিতৰে কেৰা জানি মশাল জ্বালায়
গ্ৰামে গ্ৰামে বুটজোতাৰ শব্দ সাৰাৰাইত
কাৰ বুইনেৰ চিল্লানি শুনা যায়— আই ঐ—
কাৰ ভাইয়েৰ লাশ পাওয়া যায়—
ৰক্তে ৰক্তে ভাইসা যায় নব্বইয়েৰ আসাম—
শুকনা বাতাসেৰ শুমশুম শব্দে আমাৰ ঘুম আহেনা
কেৰা জানি হাইটা যায় — কেৰা জানি টোকা মাৰে
বাশেৰ বেৰায়—

অনুবাদকৰ টোকা : কবিতাৰ বিষয় বস্তু আৰু প্রকাশভংগীৰ ভাবে অনুবাদক দায়ী নহয়।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.