ইতিহাসৰ পাতত ২৪ ফেব্ৰুৱাৰী আৰু অসম

ইষ্ট ইণ্ডিয়া কোম্পানী ( East India Company) গঠিত হয় ১৫৯৯ চনৰ ২২ছেপ্তেম্বৰত ইংলণ্ডত। কেতিয়াবা এইটো কোম্পানীক ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰেও জনা যায়। ১৫৯৯ চনৰে ৩১ ডিছেম্বৰত ৰাণী এলিজাবেথে এই কোম্পানীক উত্তমাশা অন্তৰীপৰপৰা উত্তৰ-পূব ভাৰতৰ লগতে পূব আৰু দক্ষিণ-পূব এছিয়াৰ যিকোনো অঞ্চলতে ব্যৱসায় কৰাৰ অনুমতি দিয়ে। ১৬০০ চনৰপৰা ১৭০৮ চনলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীক “গৱৰ্নৰ এণ্ড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ লণ্ডন ট্ৰেডিং ইনটু দা ইষ্ট ইণ্ডিজ” (Governor and company of Merchants of London Trading into the East Indies) আৰু ১৭০৮ চনৰপৰা ১৮৭৩ চনলৈকে “ইউনাইটেড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ ইংলেণ্ড ট্ৰেডিং টু দা ইষ্ট ইণ্ডিছ” (United Company of Marchants of England Trading to The East Indies)নামেৰেও জনা গৈছিল। ১৭৭২ চনৰপৰা ১৮৫৬ চনৰ ভিতৰত,অৰ্থাৎ গৱৰ্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছ (Warren Hastings,১৭৩২-১৮১৮) আৰু লৰ্ড ডেলহাউছিৰ (Lord Dallhousie, ১৮১২-১৮৬০) শাসনকালত ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যই বিস্তাৰ লাভ কৰে। ১৮৫৮ চনত ব্ৰিটিছ সম্ৰাজ্ঞী ভিক্টোৰিয়াই (১৮১৯-১৯০১) এটা ঘোষণা যোগে ভাৰতৰ শাসনৰ দায়িত্ব ইংৰাজ চৰকাৰৰ হাতলৈ নিলে আৰু ইয়াৰ ফলত ভাৰতত কোম্পানীৰ শাসনৰ অৱসান ঘটিল।

ইয়াণ্ডাবু সন্ধি প্ৰথম এংলো-বাৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তিৰ চুক্তি আছিল। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এই সন্ধি স্বাক্ষৰিত হৈছিল। ব্ৰিটিছ বাহিনীৰ(ইষ্ট ইণ্ডিয়া কোম্পানী) ফালৰপৰা ‘ছাৰ আৰ্চিবল্ড কেম্পবেল’ আৰু ব্ৰহ্মদেশৰ ফালৰপৰা লেগাইৰ ৰাজ্যপাল ‘মহা মিন লা কিয়’ টিন’-এ এই সন্ধিত স্বাক্ষৰ কৰিছিল। ব্ৰিটিছ বাহিনী ৰাজধানী ‘আভা’ৰপৰা মাত্ৰ পঞ্চাছ মাইলমান আঁতৰত থকা ইৰাৱতী নদীৰ পাৰৰ ইয়াণ্ডাবু গাঁৱত উপস্থিত হোৱাত ব্ৰিটিছ বাহিনীয়ে আগবঢ়োৱা চৰ্তমতেই সন্ধি স্বাক্ষৰ কৰিবলৈ মানসকল বাধ্য হৈছিল।
এই সন্ধি অনুসৰি, মানসকলে নিম্নোক্ত চৰ্তসমূহ মানি লৈছিল:
(১) অসম, মণিপুৰ, আৰাকান আৰু টেনাছেৰিমকে ধৰি ছেলৱিন নদীৰ দক্ষিণ উপত্যকা ব্ৰিটিছক এৰি দিয়া হ’ব।
(২) কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত হস্তক্ষেপ নকৰা,
(৩) যুদ্ধৰ ক্ষতিপূৰণ হিচাপে ১ নিযুত ব্ৰিটিছ পাউণ্ড চাৰিটা কিস্তিত ব্ৰিটিছক দিয়া,
(৪) আভা আৰু কলিকতাৰ মাজত স্থায়ী ব্ৰিটিছ প্ৰতিনিধি ৰখা, আৰু
(৫) ব্ৰিটিছৰ লগত বেপাৰৰ চুক্তিত স্বাক্ষৰ কৰা।

এই সন্ধিয়ে ব্ৰিটিছে সেই সময়লৈ সম্পন্ন কৰা আটাইতকৈ খৰছী যুদ্ধখন শেষ কৰে। এংলো-বাৰ্মা যুদ্ধত ১৫০০০ ইংৰাজ আৰু ভাৰতীয় সৈন্য নিধন হৈছিল আৰু তাতকৈ বেছি সংখ্যক (সঠিক অংক জনা নাযায়) মান সৈন্য নিহত হৈছিল। এই যুদ্ধত ব্ৰিটিছৰ খৰছ হৈছিল পাঁচ নিযুত পাউণ্ড ষ্টাৰলিংৰপৰা (২০০৬ চনৰ আমেৰিকাৰ ডলাৰৰ হিচাপত: ১৮.৫ বিলিয়ন) ১৩ নিযুত পাউণ্ড ষ্টাৰলিঙৰ ভিতৰত। এই খৰছে ১৮৩৩ চনত ব্ৰিটিছ শাসনক তীব্ৰ অৰ্থনৈতিক সংকটলৈ নিক্ষেপ কৰিছিল।

প্ৰথমাৱস্থাত বাৰ্মা ৰজাই তেওঁলোকৰ চৰ্তসমূহ মানি লবলৈ টান পাইছিল যদিও সেই সময়ত মানৰ সৈসেনাবল প্ৰায় ভাগি পৰিছিল, ফলস্বৰূপে ব্ৰিটিছৰ আগত নতি স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰিছিল। বাৰ্মা সিদ্ধান্তবোৰ ব্ৰিটিছ চৰকাৰলৈ এনেদৰে জনোৱা হৈছিল-

১ .অসম আৰু মনিপুৰ ব্ৰিটিছক গটাই দিবলৈ সিদ্ধান্ত
২. মণিপুৰী ৰজাক সৈমান কৰোৱা
৩. তনিনথ্যায়ী গটাই দিবলৈ সিধান্ত কিন্তু ৰাখিন নিজৰ লগত ৰখিবলৈ সিদ্ধান্ত

ইয়াণ্ডাবুৰ সন্ধি, ২৪ ফেব্ৰুৱাৰী ১৮২৬
এফালে সন্মানীয় ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আনফালে আভাৰ ৰজাৰ মাজত হোৱা শান্তিৰ চুক্তি। কোম্পানীৰ হৈ আছে মেজৰ-জেনেৰেল ছাৰ আৰ্চিবল্ড কেম্পবেল, K.C.B.,আৰু K.C.T.S., অভিযানৰ নেতৃত্ব লওঁতা তথা পেগু আৰু আভাৰ উচ্চ আয়ুক্ত; থমাছ কেম্পবেল ৰবাৰ্টছন, ESQ., পেগু আৰু আভাৰ অসামৰিক আয়ুক্ত; আৰু হেনৰী ডুচি চাড, ESQ., কেপ্টেইন, ইৰাৱতী নদীত ব্ৰিটিছ ৰাজ আৰু কোম্পানীৰ নৌ বাহিনীৰ নেতৃত্ব লওঁতা। আভাৰ ৰজাৰ হৈ আছে মেংগ্যি-মহা-মিন-লা-কিয়’-টিন ৱুংগ্যি, লাইকাইঙৰ শাসক, আৰু মেংগ্যি-মাৰা-লাহ-থু-হাহ-থু-হাহ-থু-আটৱিন-হুন, ৰেবিনিউৰ শাসক। দুয়োপক্ষই আভাৰ ৰাজ্যৰ ইয়াণ্ডাবুত এহেজাৰ আঠশ আৰু ছাব্বিছ বছৰৰ ফেব্ৰুৱাৰীৰ চৌবিছ তাৰিখে, আৰু এহেজাৰ এশ সাতাশী গৰুমা বৰ্ষৰ টাবং চন্দ্ৰ টুটি অহাৰ চতুৰ্থ দিনা এই চুক্তি স্বাক্ষৰ কৰিছে।

দফা ১
শান্তি-শৃংখলাৰ স্বাৰ্থত দুয়োটা পক্ষ ইষ্ট ইণ্ডিয়া কোম্পানী, ব্ৰিটিছ আৰু মানৰ ৰজা বুজাপৰালৈ আহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

দফা ২
চুক্তিৰ মতে মানৰ ৰজাই আগতে আৰোপ কৰা সকলোবোৰ ৰাজকীয় ঘোষণা, কৰ ইত্যাদিবোৰ উঠাই লবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

দফা ৩
দুয়োখন দেশৰ মাজত শান্তি-শৃংখলা বজাই ৰখা কাম্য। স্থায়ী সীমাৰেখা নিৰ্ধাৰণ কৰা হয় আৰু আৰকন গিৰিমালাকে দুয়োখন দেশৰ সীমা হিচাবে পঞ্জীভূত কৰা হয়।

দফা ৪
আভাৰ ৰজাই য়েহ, টাভয়, মেৰগুই আৰু চেনাচেৰিম প্ৰদেশ আৰু সেইবোৰৰ অধীনৰ সকলো এলেকাৰ অধিকাৰ ছেলৱিন নদীক সীমা হিচাপে ধৰি ব্ৰিটিছ চৰকাৰক এৰি দিব। সিবোৰৰ সীমা লৈ কোনো সন্দেহৰ উদ্ভৱ হ’লে তৃতীয় অনুচ্ছেদৰ শেষ অংশ মতে নিষ্পত্তি কৰা হ’ব।

দফা ৫
দুয়োপক্ষৰ মাজত শান্তি আৰু বন্ধুত্ব বজাই ৰখাত বাৰ্মাৰ চৰকাৰৰ আগ্ৰহৰ চিনস্বৰূপে আৰু যুদ্ধত হোৱা খৰছৰ ক্ষতিপূৰণ হিচাপে আভাৰ ৰজাই দহ লাখ পাউণ্ড পৰিশোধ কৰিব।

দফা ৬
যুদ্ধত অংশ লোৱাৰ বাবে দেশী বা বিদেশী কোনো লোককে কোনো পক্ষই অত্যাচাৰ নকৰিব।

দফা ৭
দুয়োখন চৰকাৰৰ মাজত স্থাপন হোৱা বন্ধুত্ব আৰু শান্তিৰ পৰিবেশ অধিক উন্নত কৰিবৰ বাবে দুয়ো পক্ষৰ দ্বাৰা অনুমোদিত মন্ত্ৰী বা বিষয়াই পঞ্চাছজনীয়া দেহৰক্ষীৰ দল এটা লৈ বিপক্ষৰ দৰবাৰত থাকিব আৰু তেওঁলোকে পাৰস্পৰিক বিনিময় প্ৰথাৰ যোগেদি স্থায়ী সামগ্ৰীৰ বাসস্থান কিনিব পাৰিব বা সাজিব পাৰিব। পাৰস্পৰিক লাভালাভলৈ চাই দুই পক্ষই এখন ব্যৱসায়িক চুক্তি কৰিব।

দফা ৮
দূয়োখন চৰকাৰে যুদ্ধৰ আগৰ কালছোৱাত চুক্তিবদ্ধ হোৱা ৰাজহুৱা বা ব্যক্তিগত ঋণক স্বীকৃতি দিব। মান ৰজাৰ অধীনৰ কোনো ঠাইত থকা কোনো ইংৰাজ নাগৰিকৰ মৃত্যু হ’লে আৰু তেওঁৰ কোনো উত্তৰাধিকাৰী নাথাকিলে তেওঁৰ সকলো সম্পত্তি ইংৰাজ প্ৰতিনিধিৰ হাতত মান ৰজাই গতাই দিব লাগিব। একেদৰে ব্ৰিটিছ শাসিত অঞ্চলত থকা কোনো বাৰ্মাৰ নাগৰিকৰ মৃত্যু হ’লে তেওঁৰ সম্পত্তি বাৰ্মাৰ ৰজাৰ প্ৰতিনিধিৰ হাতত গতাই দিয়া হ’ব।

দফা ৯
ব্ৰিটিছৰ নাও বা জাহাজে বাৰ্মাৰ বন্দৰত দিবলগীয়া কৰ আভা ৰজাই উঠাই ল’ব আৰু বাৰ্মাৰ জাহাজ বা নাৱেও ব্ৰিটিছ বন্দৰত কৰ দিব নালাগিব। ইউৰোপীয় বা ভাৰতীয় ব্ৰিটিছ প্ৰজাৰ জাহাজ বা নাওৰ বয়-বস্তু বাৰ্মাৰ বন্দৰত নমাব পাৰিব।

দফা ১০
যুদ্ধত ব্ৰিটিছক সহযোগ কৰা শ্যাম দেশৰ ৰজা আৰু প্ৰজা সকলোকে এই চুক্তিৰ আওতাত সামৰি লোৱা হ’ব।

দফা ১১
এই চুক্তি কাৰ্যকৰী কৰাৰ বাবে বাৰ্মা চৰকাৰে দেশী, আমেৰিকান বা ইউৰোপীয় সকলো বন্দীকে ব্ৰিটিছ আয়ুক্তৰ হাতত গতাই দিব। ব্ৰিটিছ আয়ুক্তইও বাৰ্মাৰ বন্দীসকলক বংগৰ পৰা ঘূৰাই অনাৰ পাছত বাৰ্মা চৰকাৰ প্ৰতিনিধিৰ হাতত গতাই দিব। চাৰিমাহৰ ভিতৰত এয়া কাৰ্যকৰী কৰাৰ বাবে গৱৰ্ণৰ-জেনেৰেলে দায়িত্ব ল’ব।

এই সন্ধিৰ লগতে ব্ৰহ্মদেশৰ মানসকলৰ স্বাধীনতাৰ অৱসান হ’বলৈ আৰম্ভ কৰে। সেই সময়ৰ ব্ৰিটিছৰ তীব্ৰ প্ৰতিদ্বন্দ্বী তৃতীয় মান সাম্ৰাজ্যৰ কঁকাল এই সন্ধিয়ে ভাঙি পেলাইছিল। সন্ধিমতে দিবলগীয়া ১ নিযুত ক্ষতিপূৰণে মান সাম্ৰাজ্যত তীব্ৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰিছিল।ইয়াৰ পাছত ব্ৰিটিছে আৰু দুবাৰ ব্ৰহ্মদেশৰ লগত যুদ্ধৰ লিপ্ত হয় আৰু ১৮৮৫ চনত সমগ্ৰ ব্ৰহ্মদেশ নিজৰ অধীনলৈ আনে।

টোকা : তথ্য বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। ফটো উইকিমিডিয়াৰ পৰা লোৱা হৈছে।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.