অৰুণাচল প্রদেশ: বিবেকৰ আহবান

একো নিলিখো বুলি কৈছিলো কিন্তু নিলিখাকৈ থাকিবই নোৱাৰিলো । যেতিয়াই কৰবাত, কোনোবা মানৱ সন্তানে লাঞ্চিত, বঞ্চিত হয়, বিবেক নামৰ বস্তুটোৱে হাহাকাৰ কৰি উঠে।

অৰুণাচল প্রদেশ নেফা হোৱাৰ বহু আগৰে পৰাই নামচাই, চাংলাং আদি অসম সীমামূৰীয়া জিলা কেইখনত মৰাণ, দেউৰী, মিচিং আদি বহু কেইটা জনজাতীয় জনগোষ্ঠী স্থায়ী ভাবে বসবাস কৰাৰ চৰকাৰী তথ্যত প্রমাণ পোৱা যায়। তেন্তে এই সকল জনজাতীয় জনগোষ্ঠীৰ মানুহক PRC (স্থায়ী বাসিন্ধাৰ প্রমাণ পত্র) দিয়াত আপত্তি কোন খিনিত ?

মৰাণ, দেউৰী, মিচিং আদি জনজাতীয় জনগোষ্ঠীৰ মানুহ সকল ভাৰতীয় নহয় বুলি সন্দেহ কৰাৰ থল কোনখিনিত ?

আন্তঃৰাষ্ট্ৰীয় সীমামূৰীয়া ৰাজ্য খনত যথেষ্ট সামৰিক বাহিনীৰ উপস্থিতি থকা সত্বেও ৰাজ্যৰ মূখ্যমন্ত্রী , উপ মূখ্যমন্ত্রীক আক্রমণ কৰি বাসভৱন জ্বলাই দিয়াৰ সাহস কেনেকৈ পালে আৰু কোনে দিলে ?

অৰুণাচলী সকলে অধিকাৰ পাব লাগে, সেয়া হেজাৰবাৰ সমর্থন কৰিম কিন্তু সেইখিনি পাবলৈ অন্য কাৰোবাৰ অধিকাৰ খর্ব কৰাটো মানি লব নোৱাৰি।

হত্যা কেতিয়াও সমর্থন যোগ্য নহয় সেয়া চৰকাৰী বা বেচৰকাৰী যি ধৰণেই নহওঁক কিয়। অসম চৰকাৰ , অৰুণাচল প্রদেশ চৰকাৰ আৰু ভাৰত চৰকাৰলৈ আহবান ৰাখিছো যাতে জনজাতীয় লোক সকলৰ মাজত থকা সমস্যা অতিশীঘ্ৰে সমাধান কৰে।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.