মানসিকতা: একেই পৰিয়ালৰ এজনকলৈ গৌৰৱ, এজনক বাংলাদেশীৰ দালাল আৰু এগৰাকীক ডি ভোটাৰ

আজিজুৰ ৰহমান (উপদেষ্টা, আমছু):
“খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা” নীতিৰ বাস্তৱ কাহিনী এটা কব মন গল।নৰৱে’ৰ অস্কাৰ বিবেচিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা “আমান্দা”ৰে সন্মানীত হ’ল অসম সন্তান বিশ্ব বিখ্যাত অভিনেতা আদিল হুছেইন। ‘হোৱাট উইল পিপুল ছে’ (What will people say) নামৰ ছবিত কৰা অভিনয়ৰ বাবে অসম সন্তান আদিল হুছেইনক প্ৰদান কৰা হয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। নৰৱে’ৰ অস্কাৰ বিবেচিত “আমান্দা” বঁটা লাভ কৰি অসম তথা ভাৰতবৰ্ষৰ নাম উজলাই তোলা অভিনেতা আদিল হুছেইনলৈ বহুতে অভিনন্দন জ্ঞাপন কৰি আছে। বহুতে গৌৰব কৰা পৰিলক্ষিত হৈছে।

Image may contain: 2 people, people smiling, people standing
ফটো: আদিল হুছেইনৰ লগত মেঘনা শ্বাহী।

কিন্তু আমাৰ গৌৰব কৰিব মন থকা স্বত্বেও গৌৰব কৰিব পৰা নাই। অভিনন্দন জ্ঞাপন কৰিব ইচ্ছা থকা স্বত্বেও অভিনন্দন জ্ঞাপন কৰিব মন গৈ থকা নাই। কাৰন নামনি অসমৰ গোৱালপাৰাৰ একেখন ঘৰৰে এজনৰ কৃতিত্বক লৈ গৌৰব কৰে, তেখেতক অভিনন্দন-শুভেচ্ছাৰে ওপচাই পেলাই। একেঘৰৰে অৰ্থাৎ আদিল হুছেইনৰ ভ্ৰাতৃৰ কন্যা ভতিজী মেঘনা শ্বাহী, D voter নামৰ অভিশাপেৰে অভিশপ্ত সন্দেহজনক নাগৰিক।

অসম গৌৰব আদিল হুছেইনৰ আন এজন দাদা অসম বিধান সভাৰ প্ৰাক্তন বিধায়ক, বিশিষ্ট অধিবক্তা মনোৱাৰ হুছেইনে (জাহাংগীৰ) দৰিদ্ৰ অশিক্ষিত সংখ্যালঘু লোকৰ অধিকাৰৰ সপক্ষে মাত মাতে বাবেই তেখেত তথাকথিত “বিদেশীৰ ৰক্ষক” বা “অবৈধ বাংলাদেশী”ৰ ৰক্ষক বুলি আখ্যায়িত হৈ আহিছে।

মেঘনা শ্বাহীৰ আন এক পৰিচয় হল গৌৰীপুৰৰ প্ৰখ্যাত সংস্কৃতি প্ৰেমী ৰজা তথা ভাৰতীয় চলচিত্ৰ জগতৰ পথিকৃত প্ৰমথেশ বৰুৱাৰ নাতি দিলশ্বাহী বৰুৱাৰ বৰ কন্যা। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা হল D voter নামৰ অভিশাপেৰে অভিশপ্ত মেঘনা শ্বাহীৰ Grand Aunty.

ওপৰোক্ত আলোচনাখিনি এই কাৰনেই কৰিলো যে আমি একে অসমীয়া ৰাইজে একেঘৰৰে তিনিজন সদস্যক তিনি ধৰনৰ ব্যৱহাৰ কৰি আছো, তিনি ধৰনৰ দৃষ্টিৰে চাই আছো। আমাৰ চিন্তাধাৰা কেনেকুৱা আমি এবাৰ অনুধাৱন কৰা প্ৰয়োজন বুলি অনুভৱ কৰি আছো। কাৰন এজনে দেশৰ হকে ৰাজ্যৰ হকে সুনাম কঢ়িয়াই অনা বাবে তেখেতক লৈ গৌৰব কৰো, আন এজনে নিপীড়িতৰ হৈ মাত মাতে কাৰনে তেখেতক তুচ্ছ তাচ্ছিল্য কৰো আৰু একে পৰিয়ালৰ আন এজনক চৰকাৰী যন্ত্ৰই বিনা বিচাৰে সন্দেহজনক বুলি কৈ সকলোধৰনৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে আমি অসমীয়া ৰাইজ কিন্তু নিমাত হৈ আছো। এয়াই আমাৰ মানসিকতা, এয়াই আমাৰ চিন্তাধাৰা।

আহক আমি সকলোৱে চিন্তাধাৰা পৰিবৰ্তন কৰো। প্ৰকৃত সত্যৰ হকে আহক আমি ঐক্যবদ্ধহৈ মাত মাতো। খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দোৱাৰ মৰা নীতি পৰিহাৰ কৰো। আদিল হুছেইন, মনোৱাৰ হুছেইন আৰু মেঘনা শ্বাহীক সমদৃষ্টিৰে চাওঁ আহক। আহক সকলোকে অসমীয়া হিচাপে জীয়াই থাকিব অনুপ্ৰেৰণা দিওঁ। ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে অসমীয়া আহক আমি এই মনোভাৱেৰে আগবাঢ়ো, তেতিয়াহে অসম আৰু অসমীয়াৰ প্ৰকৃত উন্নতি সাধন হব।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.