ভাষা, মাতৃভাষা আৰু কিছু অধ্যয়ন

মাইন উদ্দিন: ভাতৃ প্রতীম Abdul Mozid Sheikh অসমীয়া ভাষা সাহিত্যৰ এজন গৱেষক কিন্তু আজি বিশেষ কাৰণত ৰাজহুৱা ভাবে প্রশ্ন কেইটামান কৰিছিল। সেয়ে উত্তৰো ৰাজহুৱা ভাবে দিলো।

Image may contain: 2 people, people standing and night

মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা বুলিব পাৰি। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ্বনি-সঙ্কেত বুজাসকলকে এক ভাষাভাষী বোলা হয়। ব্যক্তিসত্তাৰ পৰিচয়ৰ জটিল গাঁথনি, গঠন প্ৰক্ৰিয়াত ভাষাও অন্যতম উপাদান৷ ব্যক্তিৰ অস্তিত্ব যিহেতু বহু পৰিমাণে সামাজিক আৰু ৰাজনৈতিক, সেয়েহে ব্যক্তিসত্তাৰ ভাষিক পৰিচয়ৰ নিৰ্ণয়ত এই দিশ দুটা নাকচ কৰিব নোৱাৰি৷ ৰাষ্ট্ৰসংঘই ৬ টা ভাষাক চৰকাৰী ভাষাৰূপে স্বীকৃতি দিছে৷ সেইকেইটা হ’ল: আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰুছ আৰু স্পেনীছ৷ ৰাষ্ট্ৰসংঘ গঠনৰ সময়তেই ইয়াৰে পাঁচটা ভাষাক নিৰ্বাচিত কৰা হৈছিল (ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ দেশীয় ভাষাসমূহৰ লগতে স্পেনীছ ভাষাক)৷ আৰবী ভাষাক ১৯৭৩ চনত যোগ কৰা হৈছিল৷

যি সঙ্কেতৰ দ্বাৰা একোটা ধ্বনি প্ৰকাশ কৰা যায়, তাকে বৰ্ণ বোলে। বৰ্ণৰ সমষ্টিয়েই বৰ্ণমালা। বৰ্ণ কৰ্ণেন্দ্ৰিয়বেদ্য। বৰ্ণৰ চাক্ষুষ ৰূপেই অক্ষৰ বা আখৰ। অৱশ্যে বৰ্ণ আৰু আখৰ দুয়োতাকে প্ৰায় একে অৰ্থত ব্যৱহাৰ কৰা দেখা যায়।

বৰ্ণঃ- বৰ্ণ ধ্বনিৰ এেকোটা গোট। বৰ্ণ উচ্চাৰণ নহয়। বৰ্ণৰ অন্তৰ্গত ধ্বনিবোৰহে উচ্চাৰণ হয়।

ধ্বনিঃ- বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত যাদৃচ্ছিক প্ৰতীকেই হল ধ্বনি।

আখৰঃ- বৰ্ণৰ চাক্ষুষ ৰূপেই হল আখৰ।

কোনো এটি ভাষা যদি বৃহৎ অঞ্চলত কোৱা যায়, সেই অঞ্চলৰেই ভিন ভিন ঠাইত সেই ভাষাটোৱে ভিন্ন ৰূপ লয়। ভিন ভিন ঠাইৰ ভাষাৰ ৰূপবোৰক উপ-ভাষা বোলে।উপ-ভাষাসমূহৰ ভিতৰত আটাইকেইটাই কিতাপ লিখাত, দপ্তৰৰ কামত ব্যৱহৃত হয় জানো? কোনো এটা উপ-ভাষাকহে পাঠ্যপুথি লিখাত বা চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰা হয়। তেনেকৈ ব্যৱহৃত সেই উপ-ভাষাই মান্য ভাষা। আকৌ ভিন ভিন ভাষা কোৱা লোকে একেলগে বাস কৰিলে, তেওঁলোকৰ মাজতে কেইবাটাও ভাষা মিশ্ৰিত হৈ এটি ভাষাৰ সৃষ্টি হয়। সেই ভাষাক মিশ্ৰিত ভাষা বোলা যায়।
ইভান ইলিচৰ

মতে ক্যাথলিক পূজাৰী সকলে লাতিন ভিন্ন অন্য কোন ভাষাক
বুজাবলৈ “মাতৃভাষা” শব্দৰ প্রথম ব্যবহাৰ কৰিছিল। কেনিয়া, ভাৰত আৰু পূর্ব এছিয়াৰ কিছু দেশত মাতৃভাষা বুলিলে কোনো নির্দিষ্ট
জনগোষ্ঠীৰ ভাষাক বুজায়। আনহাতে চিঙ্গাপুৰত পাৰদর্শিতাৰ ওপৰত মাতৃভাষা নির্ণীত হয়।

মাতৃভাষাৰ সহজ, সৰ্বসাধাৰণৰ পছন্দৰ সংজ্ঞাটোৱে(মাকৰ ভাষা) কিছুমান খেলিমেলি, কিছুমান পৰিস্থিতিত মাতৃভাষাৰ প্ৰকৃত স্বৰূপবিলাক উদঙাই দিব নোৱাৰে৷ সেয়েহে মাতৃভাষাৰ সঠিক ধাৰণাটোৰ বাবে মাতৃভাষা মানে ‘মাকৰ ভাষা’ নামৰ সহজ আৰু প্ৰচলিত বুজাবুজিটোৰ পৰা আগুৱাই গৈ অলপ আহল-বহল পৰিসৰত ইয়াক প্ৰতিষ্ঠা কৰা ভাল৷ অতীজতে শিশুৱে আহৰণ কৰা প্ৰথম ভাষাটো, অধিকাংশ ক্ষেত্ৰতে মাকে বা ঘৰৰ সকলোৱে কোৱা ভাষাটোকেই, মাতৃভাষা বোলা হৈছিল৷ মানুহৰ বিশাল আৰু খৰতকীয়া প্ৰব্ৰজনৰ আগতে, বিয়া বাৰু আদি ঘাইকৈ একে ভাষা-ভাষী মানুহৰ মাজত হওঁতে ধাৰণাটো মুঠেও বে-ঠিক নাছিল৷ কিন্ত সময়, সন্তান ডাঙৰ দীঘল কৰাৰ চিন্তা, অভ্যাস, পদ্ধতি,আচাৰ-ব্যৱহাৰ আদিৰ লগতে ব্যাপক সামাজিক পৰিবৰ্তনে মাতৃভাষাৰ সৰল ধাৰণাটোক নিশকতীয়া আৰু আজিৰ সময়ত সকলো পৰিৱেশত বৰকৈ খাপ নোখোৱা বিধৰ কৰি পেলালে৷ ই কিছুমান পৰিস্থিতিত উদয় হোৱা সকলো জটিল প্ৰশ্নৰ উত্তৰ দিয়াত অপাৰগ হ’ল৷ এই অসুবিধাবিলাক আঁতৰাবলৈকে মাতৃভাষাৰ পুৰণি ধাৰণাটোক কিছুমান নতুন অভিজ্ঞতাৰ সৈতে সাঙুৰি বহলাই পেলোৱা প্ৰয়োজন আছে৷ বৰ্হিজগতৰ সৈতে সংযোগ স্থাপন কৰিবলৈ, মনৰ অতি ক্ষুদ্ৰতম অনুভূতিবোৰ প্ৰকাশ কৰিবলৈ; দুই বা ততোধিক ভাষা জানিলে যিটো ভাষাৰে জটিল চিন্তা ভাৱনা কৰিব পাৰে বা কৰে, নিজকে যিটো ভাষাৰ বুলি পৰিচয় দিবলৈ বিচাৰে, যিটো ভাষা দৈনন্দিন কাম কাজত সঘনাই ব্যৱহাৰ কৰে, যিটো ভাষাক বেছি আপোন বুলি ভাবে সেইটোৱেই মাতৃভাষা৷ মাতৃভাষাৰ সমাৰ্থক ধাৰণা কিছুমান (প্ৰথম ভাষা; ঘৰুৱা, পৰিয়ালৰ ভাষা; সাম্প্ৰদায়িক বা সামূহিক ভাষা) যোৰা লগাই, এই আটাইবোৰ একেলগে মিলাই মাতৃভাষাৰ বহল ধাৰণাটো অংকন কৰা ভাল৷ কিয়নো সময়, পৰিস্থিতি সাপেক্ষে এই বহল ভাবটোৱেহে আমাক সঠিক অৱস্থান এটা দিব পাৰে৷ এই বহল ভাবটো আৰু সমাৰ্থক ধাৰণা বোৰেই মাতৃভাষাৰ বহল পৰিসৰটো উনুকিয়াই৷ অৰ্থাত মাতৃভাষা মানে কেৱল মাকে কোৱা ভাষা নহয় বৰং পিতৃভাষা, ধাইভাষা বা এইবিলাক কাৰকৰে সৈতে কোনো সম্পৰ্ক নথকা আন কোনো ভাষাও হ’ব পাৰে৷

কিছুমান পাক লগা, একা-বেঁকা পৰিস্থিতিত প্ৰচলিত অৰ্থত মাতৃভাষা চিনাক্ত কৰা অসুবিধাজনক আৰু গণ্ডগুলীয়া কেইটামান কাৰক আগতে উনুকিয়াইছিলোঁ৷ সেইবিলাকৰ সৈতে সমাজ, ৰাজনীতি, ৰাজ্য, দেশভেদে থকা language (planning) policy আদিও আছে৷ তাৰোপৰি আজিকালি বহুভাষীক অঞ্চল, পৰিৱেশত ডাঙৰ হোৱা বহু শিশুৱে একেসময়তে সহজাত প্ৰক্ৰিয়াৰে কেইবাটাও ভাষা শিকে আৰু প্ৰায় আটাইকিটা ভাষাতে সম পাৰদৰ্শিতা দেখুৱাই; এটাতকৈ অধিক ভাষাত চিন্তা চৰ্চা কৰিব পাৰে; ঘৰতো এটাতকৈ অধিক ভাষাত কথা বতৰা পাতে, নিজকে বহু সময়ত নিজৰ ‘আচল’ মাতৃভাষাৰ পৰিবৰ্তে আন কোনো মান্যভাষাৰ (standard language) সৈতে সাঙুৰি ভাল পায়৷ আমাৰ পৃথিৱীখনো আগতকৈ জটিল হৈছে৷

এনে পৰিস্থিতিতনো কাক মাতৃভাষা বোলা যায়? কথাটো দুটা দৃষ্টিকোণেৰে চাব পাৰি : প্ৰথমে ল’ৰা-ছোৱালী/ব্যক্তিৰ স্ব-নিৰ্ধাৰিত বা স্ব-আৰোপিত কোনো এটা ভাষা৷ এই সিদ্ধান্ত শিশুৰ ক্ষেত্ৰত মাক-বাপেক বা পৰিয়ালৰ লোকে আৰু সুস্থ প্ৰাপ্তবয়স্ক বেলিকা সাধাৰণতে নিজেই লয়৷ ভাৰত আদি দেশত সাধাৰণতে মাতৃভাষা এই দিশৰ পৰা সামাজিকভাৱে স্থিৰ কৰা হয়৷ অৰ্থা্ৎ আমাৰ বাবে মাতৃভাষা নিৰূপণৰ কথাটো অধিকাংশ ক্ষেত্ৰতেই, অন্ততঃ এতিয়ালৈকে, সামাজিক৷ এইক্ষেত্ৰত মাতৃভাষা বুলিলে সাধাৰণতে জৈৱিক মাকে কোৱা ভাষাটোতকৈয়ো মাক-বাপেকে প্ৰতিনিধিত্ব কৰা পৰিয়াল, সমাজ বা জাতিটোৱে কোৱা ভাষাটোহে বুজোৱা হয়৷ অসমীয়া অঞ্চলত থকা আৰু অসমীয়া লোকৰ সৈতে বিয়াত বহা বঙালী ভাষী মহিলা এগৰাকীৰ সন্তানে নিজৰ মাতৃভাষা সাধাৰণতে অসমীয়া বুলিয়েই কয়৷ ইয়াত বহল অৰ্থত মাতৃভাষাই প্ৰথম ভাষাহে বুজাইছে, ঠিক মাকে নিজে কৈ ভাল পোৱা ভাষাটো নহয়৷ তাৰোপৰি ইয়াত আচলতে পিতৃভাষাহে মাতৃভাষা হ’ল৷ (মাতৃভাষা বা নিজৰ ভাষাটোক পিতৃভাষা বুলি নোকোৱাৰ কোনো ভাষা বৈজ্ঞানিক কাৰণ নাই, ই এটা পৰম্পৰাহে৷)

দ্বিতীয়তে, চৰকাৰী বা প্ৰশাসনিক ভাবে (বা তেনে আন কোনো অধিকৰ্ত্তাৰ) মনোনীত কোনো ভাষা৷ মূলতঃ ৰাজনৈতিক হিচাপ-নিকাচৰ বাবে বহু সময়ত শক্তিশালী ৰাজনৈতিক-ভাষিক গোষ্ঠীয়ে নিজৰ ভাষা জোৰ-জবৰদস্তি (অৰ্থনৈতিক)ৰাজনৈতিকভাৱে দুৰ্বল ভাষা গোষ্ঠীৰ কওঁতাক জাপি দিয়ে৷ বিশ্বৰ ভাষিক ইতিহাসত ভাষিক মানৱ অধিকাৰৰ (Linguistic Human Rights) উলংঘন আৰু ভংগৰ উদাহৰণ দেধাৰ৷ বিশ্বৰ কেইবাহাজাৰ ভাষাৰ মাত্ৰ কেইশটামান ৰাজনৈতিক, সামাজিক অগ্ৰাধিকাৰ পোৱা ভাষাইহে এই অধিকাৰ ভোগ কৰিব পাৰিছে৷ আইনত মানৱ অধিকাৰ (Human Rights) বিষয়ৰ অংশ হিচাপে মানুহক নিজৰ মাতৃভাষাৰ পৰা বঞ্চিত কৰাৰ চক্ৰান্ত, পৰিকল্পনা আৰু ইয়াৰ কুটিল ৰূপায়ণৰ বিষয়ে পঢ়োৱা হয়৷ (অৱশ্য ভাৰতীয় আইন পাঠ্যক্ৰমৰ প্ৰেক্ষাপটত মই জনাত এই অংশটোৰ ওজন কম৷) মাতৃভাষাৰ অধিকাৰ আজিকালি মানৱ অধিকাৰৰ গুৰুত্বপূৰ্ণ অংশ৷

মাতৃভাষাৰ এই দ্বিতীয়, বলপূৰ্বক ভাবে জাপি দিয়া ৰূপটো অত্যন্ত উগ্ৰ, হিংসুক আৰু বজ্জাত ৰাজনৈতিক মনোভাব অবিহনে সাধাৰণতে দেখা নাযায়৷ কোনো ভাষিক (জন)গোষ্ঠীক দমন আৰু তেওঁলোকৰ ভাষিক পৰিচয় নিঃশেষ কৰাৰ মতলবতহে শাসক গোষ্ঠীয়ে এনে পদক্ষেপ লয়৷
অসমীয়া ভাষা সাধাৰণতে সংস্কৃত ভাষাৰপৰা ওলোৱা বুলি কোৱা হয়। সংস্কৃতৰপৰা লাহে লাহে কোনো কোনো স্তৰ পাৰ হৈ সৃষ্ট প্ৰাকৃত ভাষাসমূহ। মাগধীপ্ৰকৃত ভাষাৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে। অসমীয়া ভাষা অন্ততঃ সপ্তম শতিকাৰ আগত সৃষ্ট।অসমীয়াৰ প্ৰাচীন সাহিত্যৰ প্ৰথম চৰ্যাপদসমূহ বৌদ্ধ সাহিত্য।

বড়ো, কছাৰী আদি ভাষা কোৱা লোক অসমতে থাকে। তেওঁলোকো থলুৱা। এই ভাষাসমূহৰ লগত অসমীয়া ভাষাৰ মিল আছেনে? এই ভাষাকেইটা ভাৰতীয় আৰ্য ভাষা হয়নে? অসম ভাষিকভাৱেও সঁচাকৈ বিচিত্ৰতাপূৰ্ণ আৰু চহকী।
স্ব-আৰোপিত মাতৃভাষা গ্ৰহণৰ কিছুমান (প্ৰাথমিক দৃশ্যত) অৰাজনৈতিক কিন্তু ব্যৱহাৰিক সমস্যালৈ৷ সমাজ ভাষাবিজ্ঞানৰ দৃষ্টিভংগীৰ পিনৰ পৰা এইটোও ওজন থকা সমস্যা৷ এটা উদাহৰণ দিছোঁ৷ ধৰা হওক ‘অ’ অসমীয়া আৰু ‘ফ’ জাপানী কোৱা পুৰুষ মহিলা৷ তেওঁলোকে এজনে আনজনৰ ভাষা নাজানে, সেয়েহে ইংৰাজীত ভাব বিনিময় কৰে আৰু কামৰ বাবে জাপানত থাকে৷ তেওঁলোকৰ সন্তান ‘অফ’ই আই-বোপাইৰ লগতে আনৰ লগতো কথা পাতিবৰ লগতে চিন্তা কৰা, আনকি সপোন দেখিবলৈকো ইংৰাজী ব্যৱহাৰ কৰে৷ ‘অফ’ই জাপানীও থলুৱা মানুহৰ দৰেই ক’ব-পঢ়িব-লিখিব পাৰে আৰু কেতিয়াবা সণ্ঢালনিকৈ একেবিলাক কামৰ বাবে (মাক বাপেকৰ লগত কথা পতাৰ বাহিৰে) জাপানীও ব্যৱহাৰ কৰে৷ ‘অফ’ই অসমীয়া নাজানে৷ ‘অফ’ৰ প্ৰেমিকা ‘প’ আকৌ কেৱল স্পেনীচ আৰু ভঙা ভঙা ইংৰাজী জনা জাপানী গাভৰু আৰু তেওঁলোক বিয়াৰ পিছত জাৰ্মানত নিগাজীকৈ থাকিব৷ এতিয়া ‘অফ’ আৰু ‘অফ’ৰ সন্তানৰ মাতৃভাষা কি হ’ব? মাতৃভাষাৰ ঠেক অৰ্থই ইয়াৰ উত্তৰ দিব নোৱাৰে৷

আৰু এটা উদাহৰণ দিওঁ৷ ধৰক, ‘ক’ৰ মাকৰ মাতৃভাষা ‘ব’, বাপেকৰ ভাষা ‘অ’৷ ‘ক’ আকৌ বেংককত থকা ককাক-আইতাকৰ লগতহে থাকে৷ ‘ক’ৰ ককাকে ‘ব’ ভাষাৰ এটা উপভাষা কয়, আইতাকে কয় ‘অ’ ভাষাৰ এটা উপভাষা আৰু দুয়ো দুয়োৰ ভাষা বুজি পাই৷ ‘ক’ক সৰুৰেপৰা আকৌ ডাঙৰ দীঘল কৰিছিল ‘ফ’ ভাষা কোৱা মহিলা (ধাই) এগৰাকীয়ে৷ ‘ক’য়ে আটাইকিটা ভাষা সমান ভালকৈ জানে আৰু যেতিয়াই যিটো মন যায় তাকে ব্যৱহাৰ কৰে৷ এতিয়া যদি ‘ক’য়ে নিজৰ মাতৃভাষাটো কি জানিব বা থিৰ কৰিব লাগে তেনে (১)মাক বাপেকে কোনটো ভাষা নিৰ্বাচন কৰিব? (২)কয়ে নিজে বা কোনটো ভাষা নিৰ্বাচন কৰে? আৰু (৩) এই নিৰ্বাচনটো ‘ক’ৰ কোনো এটা ভাষাত থকা বিশেষ দখলৰ বাবে বা কোনো এটা ভাষালৈ থকা বিশেষ আপোন ভাৱৰ কাৰণে? উদাহৰণবিলাক এক ভাষিক সমাজত কাল্পনিক যেন লাগিলেও কিন্ত বহুভাষীক সমাজত ভাষা বিজ্ঞানীক বিমোৰত পেলোৱা সমস্যা৷ নিৰ্বাচনৰ সমস্যাৰ কাৰণ কেৱল ব্যক্তিৰ এটা ভাষাত থকা দখল আৰু পাৰদৰ্শিতাই নহয়৷ কাৰোবাৰ কেইবাটাও ভাষাত সমানে দখল আৰু পাৰদৰ্শিতা থাকিব পাৰে৷ তেনেক্ষেত্ৰত ইহঁত অৰ্থাত ভাষাগত ব্যুৎপত্তি বা ভাষাবিজ্ঞানৰ কথাবোৰ বিশেষ গুৰুত্বপূৰ্ণ নহয়৷ মাতৃভাষাকে ধৰি যিকোনো ভাষাত অন্তৰ্ভুক্তি (এটা ভাষাক নিজৰ বুলি কোৱা আৰু লোৱা)ব্যক্তিৰ নিজৰ সামাজিক, সাংস্কৃতিক, ধাৰ্মিক পৰিচয়ো ওলাই বা লুকাই থাকে৷ কোনো বিশেষ সমাজ, সাংস্কৃতিক, (ধাৰ্মিক, নৃ)গোষ্ঠীৰ প্ৰতি থকা আপোন ভাবটো আৰু সেই বিশেষ গোট বোৰৰ মূল্যবোধ, মতাদৰ্শ আদি গ্ৰহণ কৰাৰ ইংগিতো স্পষ্ট হৈ পৰে৷ বিভিন্ন জটিল ৰাজনৈতিক, ঐতিহাসিক, সামাজিক কাৰণতো আকৌ কোনো কোনো গোটে নিজে একাত্ম বোধ কৰা গোষ্ঠী, জাতিৰ ভাষা জানিও ব্যৱহাৰ নকৰাকৈ থাকিব লগীয়া হ’ব পাৰে৷ কিন্তু তেওঁলোকৰ পিছৰ প্ৰজন্ম সমূহে পূৰ্বপুৰুষৰ ভাষা একেবাৰে নজনাকৈয়ো সেই ভাষাটোৰ সৈতে একাত্ম বোধ কৰিব পাৰে৷ নিজৰ মূল ভাষিক, গোষ্ঠীগত পৰিচয় অক্ষুন্ন ৰাখিবলৈ সেই ভাষাটোকে নিজৰ মাতৃভাষা বুলি ক’ব পাৰে (আৰু দৰকাৰত শিকি লোৱাৰো সম্ভাৱনা থাকে)৷ এই মেৰ-পেচ বিলাকে বহুসময়ত সকলোৱে হয় বুলিবপৰা বা এইটোৱেই ইয়াৰ নিৰ্দিষ্ট, একমাত্ৰ খাটাং উত্তৰ বুলি ক’বলৈ নিদিয়ে৷ বিদ্যায়তনিক দিশত মাতৃভাষাত কৈ আজিকালি ‘প্ৰথম ভাষা’ৰ প্ৰয়োগ অধিক৷ মাতৃভাষাৰ বহল অৰ্থটোতেই ভাষা শিক্ষণৰ ক্ষেত্ৰত প্ৰথম ভাষা ব্যৱহাৰ কৰা হয়৷

শেষত শ্ৰীৰামপুৰ উনিভার্সিটিত পঢ়ি থকা অৱস্থাত আমাৰ সন্মানীয় আশীষ গাঙ্গুলী ছাৰে দিয়া মন্তব্য এটা হুবহু তুলি দিলো –

” একটি শিশুর মাতৃভাষা হল তার ব্যক্তিগত, সামাজিক ও সাংস্কৃতিক পরিচয়ের অংশ। মাতৃভাষা সফলভাবে কাজ ও কথা বলার সামাজিক ধরনকে প্রতিফলন ঘটাতে সাহায্য করে। মাতৃভাষা বা স্থানীয় ভাষা বলে কিছু নেই এমন যুক্তিও রয়েছে। গবেষণায় বলা হয়ে থাকে নির্দিষ্ট স্থানের বাইরের লোকজনও দুই বছরের মধ্যে সেই ভাষার উপর দক্ষতা অর্জন করতে পারেন।”

তথ্য উৎস :

১. মোৰ ব্যক্তিগত টোকা
২. প্রথম আলো
৩. সাহিত্য ডট অর্গ
৪. উইকিপেডিয়া

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.