ছফিউৰ ৰহমান আহমেদ : ভাৰতত ( বিশেষ কৈ অসমত) মুছলমান হৈ জন্ম লোৱাটো যেন এটা বিৰাট অপৰাধ ৷ এই জাতিটোক তুচ্ছ-তাচ্ছিল্য কৰি সকলোৱে বেছ আমেজ পায় ৷ প্ৰকৃতিৰ নিদাৰুণ যন্ত্ৰণা সহ্য কৰি হাড়ক মাটি কৰি জীৱন নিৰ্বাহ কৰা এওঁলোক যেন মানুহ নহয় অন্য গ্ৰহৰ বীভৎস ৰূপৰ ৰাজ হাড়হীন,তেজহীন,মজ্জাহীন,মগজুহীন জন্তুহে ৷ ইংৰাজৰ দৰে দমন নীতি অহৰহ চলাই গৈছে দেশীয় বগা বণিকে ৷ সকলোৱে ভৰিৰ ওপৰত ভৰি তুলি নচোৱাই এই নিম্ন শ্ৰেণীৰ(বিশেষকৈ পূর্ববঙ্গীয় মূলৰ খিনিক) ওপৰত বীৰত্ব দেখুৱাই নায়ক ও দেশপ্ৰেমীক সাজিছে ৷

ফটো : ফৰহাদ ভুঞা
নিৰ্বাচনত উন্নয়নৰ শ্লো গানৰ প্ৰয়োজন নাই মাথো বাংলাদেশীয়ে অসমখন বেদখল কৰিলে, গিলি পেলালে বুলি কৈ দিলেই হ’ল –
“আহ ঐ আহ! ওলাই আহ! খেদ ঐ খেদ বাংলাদেশী খেদ ৷”
কিযে ভয়ংকৰ মন্ত্ৰ ৷ এই সহজ সৰল জাতিটো ঘাত-মাউৰা ৷ কোনোবাই অলপ সহানুভূতি দেখুৱালে তেওঁলোককে মন প্ৰাণ দি বিশ্বাস কৰে যাৰ বাবেই হয়তো অসমত কংগ্ৰেছে অতদিন ক্ষমতাৰ বাঘজৰী হাতত ৰাখিব পাৰিলে ৷ কিন্তু IMDT আইনখন বাতিল হোৱাৰ পিছত AIUDF দলৰ জন্ম হ’ল সংখ্যালঘুৰ ত্ৰাণকৰ্তা ৰূপে ৷ কিন্তু সংখ্যালঘুক বন্ধকত থৈ বহু নেতা মুকলি বজাৰত নিলাম( বিক্ৰি ) হ’ল ৷
শিক্ষাৰ অভাৱত 12 বছৰতে বিয়া হৈ এই জাতিটোৰ ছোৱালীবোৰ 30 বছৰতে আইতাক (নানী,দাদী) হ’ল ৷ সকলো বুদ্ধিজীৱিয়ে মাথো এই জাতিটোক গোৱাল গালি দি গ’ল ৷ কোনেও নকয় শিক্ষা-স্বাস্থ্য-অৰ্থনৈতিক-ৰাজনৈতিক অধিকাৰৰ কথা, নকয় সমস্যা সমাধানৰ কথা ৷ মাথো অপবাদ আৰু অপবাদ ! এই জাতিটোৰ যোগ্যতা থকাৰ পিছতো 3% তকৈয়ো কম চাকৰিয়াল ৷ মুছলিম অঞ্চলত সমূহতো অমুছলিম চাকৰিয়ালেৰে ভৰপূৰ ৷100 টকাৰ চৰকাৰী আঁচনিৰ বাবেও দিব লগা হয় ভেটি ৷
নামত যদি “মহম্মদ” শব্দৰ গোন্ধ থাকে তেতিয়া হ’লে আৰম্ভ হয় খুজৱতি ৷ হিমন্ত বিশ্ব শৰ্মা যেতিয়া সাম্প্ৰদায়িক দল বিজেপি লৈ গ’ল ৷ তেতিয়া এই জাতিটোৱে মনতে ভাৱিছিল যে অসম বিজেপিৰ দৃষ্টিয়ে নতুন মুৰ ল’ব , সাম্প্ৰদায়িক দলৰ ভাৱ ভঙ্গী পৰিৱৰ্তন হ’ব মুছলমানক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব কিন্তু আৰ এছ এছ ভক্ত(?), আলফা নেতা(?), ছাত্ৰ নেতা(?), কংগ্ৰেছ নেতা(?) জনৰ প্ৰকৃত ৰূপ ৰাইজৰ আগত ভয়ংকৰ ৰূপে প্ৰকাশ পালে ৷ সাম্ৰাজ্যবাদী দলৰ সৈতে বিলীন হৈ দানৱৰ ভাও ল’লে ৷ লাচিত বৰুৱা,বাবা চংকৰদেউ,চুকাফাই 17 বাৰ মোগলক পৰস্ত কৰিছিল আদি কলংকিত ভাষণেৰে অসমৰ ইতিহাসক উপলুঙা কৰা সকলৰ ভৰি চুই আশীৰ্বাদ লৈ ক্ষমতা লাভৰ স্বপ্ন ৷ য’তে ত’তে কৈ ফুৰিছে ধুবুৰীৰ পৰা নগাওঁ, নগাওঁৰ পৰা কাজিৰঙা লৈ বাংলাদেশীৰ দখলত ৷ 2016 ৰ বিধান সভা নিৰ্বাচন শৰাইঘাটৰ শেষ ৰণ ৷ বদৰুদ্দিন আজমলক বিধান সভাৰ আশে পাশে আহিব নিদিয়ে ৷ অসমখন বাংলাদেশী মুক্ত কৰিব লগতে 20 লাখ হিন্দু বাংলাদেশী আমদানি কৰিব ৷ ইয়াৰ পৰা বুজা যায় যে আচলতে বিজেপি দলে বাংলাদেশী মুক্ত অসম বিচৰা নাই , বিচাৰিছে সহজ সৰল দুৰ্বল মুছলমান মুক্ত অসম ৷ স্বাধীনতাৰ পিছৰে পৰা এটা পিছত এটা কৈ সাম্প্ৰদায়িক সংঘৰ্ষ লগাই মুছলিম সকলক কুকুৰ-মেকুৰীৰ দৰে হত্যা কৰিছে ,কিন্তু নাই বিচাৰ ৷নেলী , চাউলখোৱা , নাৰায়ণগুড়ি , আমটেঙ্গা , নাগবান্ধা, আদি হত্যাযজ্ঞৰ এজন অপৰাধী ও আজিলৈ শাস্তি নোপোৱাৰ ৰহস্য সকলোৱে জানে কিন্তু মুখ খুলি নকয়।
সততে কিছু সংখ্যক বুদ্ধিজীবী আৰু সংবাদ মাধ্যমে প্রচাৰ কৰা প্রোপাগান্ডা (ভিত্তিহীন অভিযোগ)- মাদ্ৰাছা সমূহ সন্ত্ৰাসবাদীৰ ঘাটি,মুছলমান সকলৰ অধিক সংখ্যকেই অপৰাধী , বেছি সংখ্যক মুছলমানেই বাংলাদেশী , আদি ৷ মুছলিম নিৰীহ যুবকক সন্ত্ৰাসবাদী সজাই অযথা হাৰা-শাস্তি কৰি জীৱন ধংস কৰি আমোদ পোৱা সকললৈ প্ৰশ্ন: মুছলমানে অসমত কেইটা বোমা ফুটাইছে ? কেইজনৰ প্ৰাণ কাঢ়িছে? আলফা ,এন ডি এফ বি ৰ কথা পাহৰি গ’ল কিয়? কাৰণ তেওঁলোক মুছলিম নহয় ৷ তেজস্বী নায়ক – মহানায়ক- বীৰ- মহাবীৰ সকলক এটাই আনুৰোধ বিভাজনৰ নীতি পৰিহাৰ কৰি মানৱীয় দৃষ্টিৰে চাই এই ইতৰ- দুৰ্বল জাতিটোৰ ভুল সমূহ আঁতৰাই হাতত ধৰি আপোনালোকৰ পিছে পিছে লৈ যাওক দেখিব অসমখন বিশ্ব দৰবাৰত নক্ষত্ৰৰ দৰে জিলিকি উঠিব ৷
অৱশেষত স্বনামধন্য শঙ্কৰী সাধক তথা ধর্মনিৰপেক্ষতাৰ প্রতীক ইছমাইল হোছেইন চাহাবৰ “আমি কিদৰে অসমীয়া হ’লো” কিতাপৰ শেষ পৃষ্টাৰ পৰা দুটামান বাক্য তুলি দিলো।
“আমি ইছলাম ধর্মী হলেও আমাৰ অন্য্ কোনো দেশ নাই , প্রদেশ নাই ,গৃহ নাই ,ভাষা নাই, আত্মীয় নাই। অসমখনেই আমাৰ দেশ-প্রদেশ, অসম খনেই আমাৰ মাতৃ-ধাত্রী , অসমীয়া ভাষাই আমাৰ মাতৃভাষা, অসমৰ থলুৱা ৰাইজেই আমাৰ আত্মীয়, অসমৰ প্রতিখন ঘৰেই আমাৰ ঘৰ।”