মতিউৰ ৰহমান : ডিটেনচন কেম্পত বন্ধী মানৱতা ! এইসকলো কাৰোবাৰ শ্ৰদ্ধাৰ মা¸ কাৰোবাৰ মৰমৰ বাই¸ভনী¸ কাৰোবাৰ অৰ্ধাংগিনী স্ত্ৰী¸ যি সকলৰ অনুপস্হিতিত এখন ঘৰ সংসাৰৰ এক মূহুৰ্তও নচলে। যি সকলৰ সম্ভ্ৰমক অন্য কোনাবাই সামান্য আঘাত কৰিলে হয়তো মূহুৰ্ততে হৈছিল লংকাকাণ্ড। কিন্তু আজি তেওঁলোকৰ সম্ভ্ৰম, কমনীয়তা গঢ়ালত বন্ধী বন্য প্ৰানীৰ দৰে। আৰু অপৰাধ ?
ফটো : মতিউৰ ৰহমান
আজি অসমত যিবোৰ ৰাজনৈতিক সমস্যাই দেখা দিছে তাৰ মূল কাৰনটো হৈছে এটা বিশেষ জনগোষ্ঠীৰ মাত্ৰাধিক জনসংখ্যা বৃদ্ধি। যিটো সমস্যাক বহুতে অবৈধ অনুপ্ৰৱেশৰ কাৰনে হৈছে বুলি ভাৱে আৰু সেই হিচাপে প্ৰচাৰো কৰে । কিন্তু পৰিসংখ্যাই এই কথা প্ৰমান নকৰে। মাত্ৰ স্বাধীনতাৰ পিছত বাল্য বিবাহৰ কাৰনে এটা বিশেয জনগোষ্টীৰ ২ টাকৈ বংশ অতিৰিক্তকৈ বৃদ্বি পাইছে। এই “Generation Jump” য়ে গনতান্ত্ৰিক শাসন ব্যৱস্হাত কোনো বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ মাত্ৰাধিক জনসংখ্যা বৃদ্বিৰ কাৰক আৰু অন্য সকলৰ কাৰনে উদ্বেগৰ কাৰন হ’ব পাৰে। আৰু জনসংখ্যা বৃদ্বিৰ মূল কাৰনটো হৈছে অশিক্ষা আৰু বাল্য বিবাহ। বাল্য বিবাহ আৰু উচ্চ শিক্ষা এটা আনটোৰ পৰিপন্থী ।
বিয়া হৈ যেতিয়া স্বামী গৃহত গৈছে পিছৰ বছৰৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ঠ হৈছে। নতুন নাম । নিশ্চয় বাংলাদেশৰ পৰা বিয়া কৰাই আনিছে বুলি সন্দেহ কৰিলে ভিত্তিহীন ভাৱে সন্দেহ কৰাৰ দায়িত্ব বহন কৰা ভণ্ড দেশপ্ৰেমী সীমান্ত পুলিচে। একো তদন্ত নকৰাকৈ মিছা ৰিপ’ৰ্ট এটা পঠাই দিয়া হ’ল বিদেশী ন্যায়াধিকৰণলৈ । গোচৰ পঞ্জীয়ন হ’ল। মোকৰ্দমা চলিল। বিদেশী ন্যাধিকৰণত বিচাৰকৰ দায়িত্বলৈ বহি থকা মাননীয় সদস্য সকলৰ বেছি ভাগেই আছিল আদালতত মাখি মৰা উকিল । যি সকলক ক্লায়েন্টে ভাল উকিল নহয় বুলি কোনো দিনে মোকৰ্দমা চলাবলৈ দিয়া নাছিল। বিদেশী ন্যায়াধিকৰণত চাকৰিটো পাই নতুনকৈ উকালতি কৰিবলৈ আৰম্ভ কৰিলে। সৰল সোজা বেছি ভাগেই গাৱলীয়া ৰক্ষনশীল পৰিয়ালৰ বোৱাৰীয়ে হাকিমৰ উপৰ্য্যপুৰি জেৰাৰ সদুত্তৰ দিব নোৱাৰি বিদেশী সাজিব লগা হ’ল।
সন্দেহজনক ব্যক্তিৰ নাগৰিকত্বৰ সমৰ্থনত আদালতত দাখিল কৰা ৰাজহুৱা তথ্যত বানানৰ ভুল¸ নামৰ খেলিমেলি, বয়সৰ খেলিমেলি ইত্যাদিৰ কাৰনেই নিৰানব্বৈ শতাংশ ভোক্তভূগী বিদেশী ঘোষিত হৈ বন্ধীত্বৰ জীৱন কটাব লগা হৈছে। কিন্তু প্ৰশ্ন হয় স্বাধীনতাৰ পিছৰ পৰা এই ৰাজহুৱা তথ্য সমূহ (১৯৫১ চনৰ এন¸আৰ¸চি অথবা ১৯৬৫ ,১৯৭১ৰ ভোটাৰ তালিকা ) প্ৰস্তুত কৰাৰ দায়িত্ব কাৰ আছিল ? আজি ৪০/৫০ বছৰ আগত (যেতিয়া নিৰক্ষৰতাৰ হাৰ আছিল ৯৫% , সেইদিনা )চৰকাৰী দায়িত্বত কোনোৱা মহাপণ্ডিতে প্ৰস্তুত কৰা তথ্যৰ ভুলৰ বাবে আজিৰ দিনৰ বোৱাৰী এগৰাকীয়ে ভূগিবলগীয়া হোৱাটো কিমান যুক্তিসংগত ? আনকি আজিও ৰাজহুৱা তথ্য প্ৰস্তুত কৰাৰ দায়িত্বত থকা সকলে ১০০% শুদ্ধ তথ্য প্ৰস্তুত কৰি আছে বুলি চৰকাৰে বুকুত হাত ৰাখি ক’ব পাৰিবনে ? তেন্তে কাৰ ভুলৰ যন্ত্ৰনা কোনে ভূগীৱ লগা হৈছে ?
দ্বিতীয়তে¸ অপৈনত বিবাহৰ অজুহাতত এই ধৰনৰ অপৰাধৰ মাত্ৰা বাঢ়িছে। ১৪/১৫ বছৰত বিয়া হৈ বাপেকৰ ঘৰৰ পৰা স্বামীগৃহলৈ যাওঁতে স্বামীগৃহৰ মানুহে ভোট এটা বাঢ়িলে কোনোৱা ৰাজনৈতিক নেতাৰ পৰা টকা ২০০ বেছিকৈ লোৱাৰ লালসাত ১৪/১৫ বছৰীয়া ন বোৱাৰীৰ নাম ১৮/১৯ বছৰ কৰি ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰে । (পিছত আদালতত সংযোগী প্ৰমান পত্ৰত সন্দেহৰ সৃষ্টি হয়। ২৮ বছৰীয়া মাতৃৰ ১৯ বছৰীয়া কন্যা কেনেকৈ থাকিব পাৰে ? ৯ বছৰতে জন্ম দিছিল নেকি কন্যাৰ ? নাই ! এইজনী বাংলাদেশী।) ই আইনত অপৰাধ আৰু তাৰ বাবে স্বামীগৃহৰ মানুহে শাস্তি পাব লাগে । পিতৃয়েও শাস্তি পাব লাগে কম বয়সত বিয়া দিয়াৰ বাবে । কিন্তু তাৰ বাবে ন বোৱাৰী গৰাকী বিদেশী হৈ ডিটেনচন কেম্পত বন্ধিত্বৰ জীৱন কটাবলগীয়া হোৱাটো অযুক্তিকৰ আৰু অমানৱীয় । চৰকাৰৰ Border Police, SB, SIB আদি থকাৰ পাছতো এই সামান্য সত্যটো আৱিস্কাৰ কৰিব নোৱাৰি দেশৰ নাগৰিক সকলক ন্যায় বঞ্চিত কৰাটো চৰকাৰী বাহিনীৰ সীমাৱদ্ধতা নে গভীৰ ষড়যন্ত্ৰ ? আমি আইনৰ শাসন মানি চলা মুখাপিন্ধা তথাকথিত ভদ্ৰলোক সকলে আৰু কিমান দিন সহ্য কৰি থাকিম বিদেশী ন্যায়াধিকৰণে চলাই যোৱা ইচ্ছাকৃত অপৰাধ আৰু ভণ্ডামীবোৰ ?