১৯৪৬ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ নৌ-বিদ্রোহ সংগঠিত হৈছিল। সেই সময়ত সলিল চৌধুৰী নামৰ ডেকা গীতিকাৰ এজনে এটি গীত ৰচনা কৰিছিল আৰু নিজেই ১৩ টা ভাষালৈ অনুবাদ কৰিছিল। আমাৰ ককাদেউতা এজন স্বাধীনতা পিয়াসী উৰন্ত তৰুন হিচাবে অসমত বাদ্য যন্ত্র নোহোৱাকৈ নিজেই এই গীতটো গাইছিল আৰু মানুহক বুজাই ফুৰিছিল। কিবা কথা প্রসঙ্গত আমাৰ দেউতা (আব্বাই) যোৱাকালি সেই গানটোৰ কেইটামান কলি গাই শুনালে। আমাৰ ককাদেউতাক স্বশৰীৰে দেখাৰ সৌভাগ্য হোৱা নাছিল (১৯৫১ চনতে ইহলীলা ত্যাগ কৰিছিল) কিন্তু তেখেতৰ বহু চিন্তাধাৰা আব্বাৰ মূখত শুনি তবোধ মানিলো।আমাৰ ককাদেউতা (আক্কেল আলী শ্বেখ ) এজন স্বল্প শিক্ষিত ব্যক্তিও বহু বিচক্ষণ আৰু দূৰদৰ্শী হব পাৰে, সেয়া বুজি পাইছিলো । আগলৈ তেখেতে লিখা কিছুমান কথা আৰু কাম ৰাজহুৱা ভাবে মুদ্রণ কৰিম, আজিলৈ ককাদেউতাৰ প্রিয় সলিল চৌধুৰীৰ মূল গীতটো আগবঢ়ালো।

ফটো : ভাসানী ডিজিটাল লাইব্রেৰী
ঢেউ উঠেছে কারা টুটেছে
@ সলিল চৌধুরী
ঢেউ উঠেছে কারা টুটছে আলো ফুটছে প্রাণ জাগছে
ঢেউ উঠেছে কারা টুটেছে আলো ফুটেছে প্রাণ জাগছে জাগছে জাগছে
গুরু গুরু গুরু গুরু ডম্বর পিনাকী বেজেছে বেজেছে বেজেছে
মরা বন্দরে আজ জোয়ার জাগানো ঢেউ তরণী ভাসানো ঢেউ উঠেছে।
শোষণের চাকা আর ঘুরবে না ঘুরবে না
চিমনীতে কালো ধোঁয়া উঠবে না উঠবে না।
বয়লারে চিতা আর জ্বলবে না জ্বলবে না
চাকা ঘুরবে না, চিতা জ্বলবে না, ধোঁয়া উঠবে না
লাখে লাখ করতাল হরতাল হেঁকেছে, হরতাল, হরতাল, হরতাল।
আজ হরতাল, আজ চাকা বন্ধ।।
আর পারবে ভোলাতে মধুমাখা ছুরিতে
জনতাকে পারবে না ভোলাতে।
আর পারবে না দোলাতে মরীচিকা মায়াতে
বিভেদের ছলনায় ছলিতে
মিছিলের গর্জন, দুর্জয় শপথে গরজে ঐ গরজে
আজ হরতাল, আজ চাকা বন্ধ।।
===========
ঢেউ উঠিছে শৃঙ্খলা ভাঙিছে
@ সলিল চৌধুৰী
অনুবাদ : মাইন উদ্দিন
ঢেউ উঠিছে শৃঙ্খলা ভাঙিছে , পোহৰ হৈছে প্রাণ পাইছে
ঢেউ উঠিছে শৃঙ্খলা ভাঙিছে , পোহৰ হৈছে প্রাণ পাইছে পাইছে পাইছে
গুৰু গুৰু গুৰু গুৰু ডম্ভৰু বাহী বাজিছে বাজিছে বাজিছে
মৃত বন্দৰত আজি জোৱাৰ ভাটা আহিছে, পাৰভঙা ঢেউ উঠিছে
শোষণৰ চকা আৰু নুঘূৰে , নুঘূৰে
চিমনীত কলা ধোৱা নুঠে নুঠে
বয়লাৰত চিতা আৰু নজ্বলে নজ্বলে
চকা নুঘূৰে ,চিতা নজ্বলে,ধোৱা নুঠে
লাখে লাখ কৰতাল হৰতাল মাতিছে হৰতাল, হৰতাল, হৰতাল।
আজি হৰতাল আজি চকা বন্ধ।
আৰু পাৰিব জানো মিঠা কথাত পতিয়ন নিয়াব
জনতাক পতিয়ন নিয়াব নোৱাৰে
আৰু নোৱাৰে মৰীচিকা বিচাৰি নচুৱাব নোৱাৰে
ভাগ বতৰাৰ ছলনাময়ী খেলত
শোভাযাত্রাৰ গর্জন, দুর্জয় শপথ গৰজি উঠিছে ঐ গৰজি উঠিছে
আজি হৰতাল আজি চকা বন্ধ।