মাইন উদ্দিন:
সেয়া কিজানো ১৯৮৪-৮৫ চনৰ কথা, কোনটো ভাল , কোনটো বেয়া বুজি পোৱাৰ সক্ষমতা নাছিল। অন্য আঠ -নবছৰীয়া কোমলমতীয়ে বুজি পালে ও এই নিঃকিনৰ সেই যোগ্যতা নাছিল। এটা কথা কিন্তু অৱচেতন মনত সোমাই গৈছিল যে অসমৰ এচাম মানুহতকৈ আমি বোৰ ভিন্ন কাৰণ সেই চাম মানুহে “আমি বোৰ” ৰ ঘৰ বোৰ জ্বলাই দিছিল আৰু বেঘৰ হোৱা এটা পৰিয়াল অস্থায়ী ভাবে আমাৰ ঘৰত আশ্রয় লৈছিল। সেই ভুক্তভোগী পৰিয়ালৰ এগৰাকী বুঢ়ী আছিল যাৰ পৰা গল্প শুনা দি তেখেতৰ পৰিয়ালৰ দুঃখ বোৰ শুনিছিলো আৰু বুঢ়ীয়ে কন্দা আৰম্ভ কৰিলে আমি আমোদ পাইছিলো।

মগজুত অধিক জোৰ দি মনত পেলাবলৈ চেষ্টা কৰিছো – মাইক লগাই জিন্দাবাদ /মুর্দাবাদ দিয়া শ্লোগানবোৰ -বেলেগে চিয়ঁৰি থাকে বাবেই আমিও গাইছিলো –
কংগ্রেছ আই মুর্দাবাদ
গোলাম ওছমানী জিন্দাবাদ
ইউ এম এফ জিন্দাবাদ
নুৰুল আমিন জিন্দাবাদ
আদি। …..
বহু পিছত গম পাইছিলো – সেই জিন্দাবাদ / মুর্দাবাদ বোৰৰ অর্থ কি আছিল আৰু কিয় দিয়া হৈছিল। সেই নিৰ্বাচনত কংগ্রেছৰ শোচনীয় অৱস্থা আছিল যদিও অসম গণ পৰিষদৰ প্রার্থীও কিছু ভোট পাইছিল।
44 নং জনীয়া বিধান সভা সমষ্টিৰ একেবাৰে দক্ষিণ পশ্চিম প্ৰান্তৰ অন্তিম টো গাওঁৰ বাসিন্ধা আমি। গতিকে ওচৰে পাজৰে থকা আন দুটা সমষ্টিও আমাৰ নখ দর্পনত আছে /থাকে। স্বাধীন ভাৰতবৰ্ষৰ মাত্র কেইখন মান সমষ্টিয়ে বহন কৰা কৃতিত্ব এই জনীয়াই বহন কৰে। ১৯৫৭ চনত ২৪ নং জনীয়া সমষ্ঠি আছিল কিন্তু ১৯৬২ ত ২৯ নং জনীয়া সমষ্ঠি হৈছিল সেইদৰে ১৯৭২ ত ৪০ নং , ১৯৭৮ ত ৪৪ নং, ১৯৮৩ ত ৪০ নং হৈছিল যদিও ১৯৮৫ ৰ আজিলৈ ৪৪ নং জনীয়া সমষ্ঠি হৈয়ে আছে।
বহুতেই কিজানো জানে যে প্রাগ স্বাধীনতা কালত আমাৰ আজোককা আৰু আতা দুয়োজনে স্বাধীনতা সংগ্রামী হোৱা সূত্রে বহু কংগ্ৰেছ কর্মী আমাৰ অঞ্চল লৈ আহা যোৱা আছিল। সেই সকলৰ মাজত ফখরুদ্দিন আলী আহমেদ ডাঙৰীয়া ও এজন আছিল। ১৯৪৬-৫০ লৈ ছেগ-চেৰেকা কৈ চলা সাম্প্রদায়িক দাঙ্গাত অশিক্ষিত দুখীয়া মানুহৰ কাষত থকা ব্যক্তি জন আছিল এইজন ফখরুদ্দিন আলী আহমেদ। এই সময়ত অসমাজিক ব্যক্তি কিছুমানৰ দ্বাৰা তেখেতে দুবাৰকৈ নিগৃত হব লগা হৈছিল। জনীয়া বাসীয়ে তেখেতৰ মৰমৰ প্রতিদান স্বৰূপে দুবাৰকৈ বিধায়ক নির্বাচিত কৰিছিল। তেখেতক বৰপেটা লোকসভাৰ পৰা ও নির্বাচিত কৰিছিল। তেখেতেৰ অকাল বিয়োগত সপোনবোৰ আধৰুৱা হৈ থাকিল।
আবুল ফজল গোলাম ওছমানী কেৱল এজন উচ্চ শিক্ষিত ব্যক্তিয়েই আছিল জানো ? তেখেতে লাঞ্চিত , বঞ্চিত , অৱহেলিত সকলে প্রতিবাদ কেনেকৈ কৰিব লাগে সেই ধাৰাটোক প্রতিষ্ঠা কৰি গৈছে।যাৰ কাৰণেই কিজানো জনীয়া বাসীয়ে তেখেতক এবাৰ বিধায়ক আৰু দুবাৰকৈ সাংসদ কৰি পঠাইছিল। এইটোও সত্য যে – তেখেতে প্রতিষ্ঠা কৰা মতবাদত নিজেই অন্তিম লৈকে অটুট থাকিব পৰা নাছিল।
জনীয়া সমষ্ঠিৰ অঘোষিত ৰাজধানী তথা অসমৰ সংখ্যালঘু আন্দোলনৰ আঁতুৰঘৰ (labour room) হ’ল- কলগাছিয়া আৰু এই ঠাইত হাই স্কুল এখন নথকা অৱস্থাত বি, এ / বি এছ ছি পঢ়িব পৰা কলেজ স্থাপন হৈছিল।
কোনোবাই গোলাঘাটৰ পৰা আহিছে নে দিল্লীৰ পৰা আহিছে নে কাছাড়ৰ পৰা আহিছে নে শিৱসাগৰৰ পৰা আহিছে সেয়া চাবলৈ সময় নাই। কিন্তু নিশ্চিত ভাবেই গণনা কৰিবই , তেখেত কি উদ্দেশ্য লৈ আহিছে – তেখেতৰ অতীতৰ কর্মৰাজি কি ? ভৱিষ্যতৰ পৰিকল্পনা কি আৰু তাৰ সুদূৰ প্রসাৰী প্ৰভাৱ কি হব পাৰে ?
সমষ্টিৰ উন্নয়ন হওঁক বা নহওঁক সেয়া ডাঙৰ কথা নহয় কিন্তু সংখ্যালঘুক বন্ধকত থোৱাৰ নজিৰ জনীয়া বাসীয়ে এতিয়ালৈ সৃষ্টি কৰা নাই।
২৪ বছৰ হ’ল – পৈতৃক গাওঁ এৰি আহিছো যদিও স্থায়ী ঠিকনা সেই একেখন গাওঁ আৰু এতিয়াও ভোট দিবলৈ যাও আৰু নিজৰ মানুহৰ লগত ক্ষন্তেক সময় অতিবাহিত কৰো। আজিও সুখে-দুঃখে নিজৰ মানুহ খিনিৰ কাষত থিয় দিও।