মাইন উদ্দিন: আগতে বহুবাৰ লিখিছো বা বিভিন্ন মেল-মিটিঙত কৈছো যে আমি (মই) মইনবাৰী অঞ্চলৰ সন্তান হিচাবে “মিনি ইন্ডিয়া ” ত আমাৰ বাল্যকাল অতিবাহিত কৰিছিলো। প্রতিটো লোক উৎসৱত জাতি-ধর্ম , ভাষা নির্বিশেষে অংশ গ্রহণ কৰিছিল আৰু সেই পৰম্পৰা আজিও অক্ষত আছে বুলি বন্ধুবৰ Sudip Kumar Choudhury জনাইছে।

বসন্তকালৰ আৰম্ভৰ লগে লগে গছে-বনে নতুন কুঁহিপাত মেলে। ফাগুনৰ পছোৱাই আচল উৰুৱাই মানুহৰ মন-প্ৰাণত শিহৰণ তোলে। হোলীৰ মূল উদ্দেশ্য হৈছে মানুহ, জীৱ-জন্তুৰ উৰ্বৰতা বৃদ্ধি কৰা উৎসৱ। এই উৎসৱৰ মূল আধাৰ হৈছে ফাকুগুড়ি ছটিয়াই দিয়া হয়। বসন্ত কালত প্ৰকৃতিত ফাকুগুড়ি ছটিয়ালে পৃথিৱীৰ প্ৰজনন শক্তি বৃদ্ধি হয়। আমাৰ মইনবাৰীতো হোলীৰ কেইদিন আনন্দ মূখৰ হৈ উঠিছিল যদিও আজকালি কিছু পৰিমানে ম্লান হৈছে বুলিও কব পাৰি। ফাকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হ’ল দৌল উৎসৱ৷ ইজনে সিজনক গাত ৰং সানি চাইকেল চলাই বৰপেটালৈ দেউল চাব যোৱা আমাৰ নিয়ম আছিল। ঘৰত নজনোৱাকৈও কেতিয়াবা গৈ বহু ৰাতি চুচুক-চামাককৈ ঘৰ সোমাইছিলো। আজিকালি মাত্র ১৬ কিঃমিঃ দূৰত থাকো তথাপি নিজা চাৰিচকীয়া বাহন থকাৰ পিছতো যাবলৈ ভয় অনুভৱ হয় কিন্তু আগত ৪০ কিঃমিঃ চাইকেল চলাই আহিছিলো। বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌলোৎসৱৰ সূচনা কৰিছিল যদিও বৰপেটা ধামত ১৫১৮ শকত বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে ইয়াক প্ৰচলন কৰে। সেই দিনাৰ পৰা পৰম্পৰাগভাৱে ইয়াক পালন কৰি অহা হৈছে। দেউল উৎসৱৰ এমাহমানৰ আগৰে পৰা ইয়াৰ প্ৰস্তুতি আৰম্ভ হয়৷ ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু সমন্বয়ৰ উৎসৱ হিচাপে বৰপেটাৰ দেউল উৎসৱ চিহ্নিত হৈ আহিছে৷ দৌল উৎসৱৰ জৰিয়তে মানৱ মনক শান্তিৰ নিৰ্বাস বিলোৱাৰ বাবে যেন ভক্তিৰসেৰে আপ্লুত কৰি তোলে।
ভাৰতবৰ্ষৰ এই উৎসৱক বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে পালন কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে। বিশেষকৈ বসন্তোৎসৱ, মদনোৎস, ফল্পু উৎসৱ, ফাকুৱা, হোলী উৎসৱ, হোলিকা উৎসৱ আৰু দেউল উৎসৱ বুলি কোৱা হয়। দৌল উৎসৱত মানুহৰ মন ৰং আৰু আনন্দৰে ভৰি পৰে। ধনী-দুখীয়া, উচ্চ-নীচ মনোভাৱ পাহৰি ফাকুৱাৰ ৰঙৰ আনন্দত মতলীয়া হৈ পৰে। ব্যক্তিগত জীৱনৰ দুখ-দুৰ্দশা অভাৱ-অভিযোগ পাহৰি ৰঙৰ আবীৰ সানি মন-প্ৰাণ আনন্দত নাচি উঠে। আমি জানিছিলো যে দৌল উৎসৱ হৈছে ৰং, আনন্দৰ উৎসৱ আৰু সম্প্ৰীতিৰ উৎসৱ। এই উৎসৱ ভাতৃত্ববোধ সম্প্ৰীতিৰ এনাজৰী ডাল অধিক কটকটীয়া কৰক সেই কামনাৰে আজিলৈ সামৰিছো।