ইউনিক’ড, অসমীয়া ভাষা , গুগল অনুবাদ আৰু মাইন উদ্দিন

সাজিদা খাতুন : 

কম্পিউটাৰ:- কম্পিউটাৰ সাধাৰণতে গাণিতিক সমস্যা সমাধানৰ বাবে ব্যৱহাৰ কৰা হয় । আৰু কম্পিউটাৰে কেৱল গাণিতিক সমীকৰণহে বুজি পায় । এটা আখৰ কম্পিউটাৰত উপস্থাপন কৰিবলৈ হ’লে ডট(.) আৰু ডেছ(-) ৰ সহায় লোৱাৰ প্ৰয়োজন । আৰু প্ৰত্যেকতো আখৰৰ বাবে দ্বৈত সংখ্যা নিৰ্ধাৰণ কৰি লোৱা হয় । আৰু আমি যেতিয়া কোনো এটা আখৰ টাইপ কৰো তেতিয়া কম্পিউটাৰে তাৰ দ্বৈত সংখ্যাৰ দ্বাৰা প্ৰচেচিং কৰে । এনে ধৰণৰ দ্বৈত সংখ্যাৰ সংকেত হ’ল ASCII (American Standards Coded for Information Interchange)। ASCII সংকেত আজি কালিও কম্পিউটাৰ হাৰ্ডৱেৰ আৰু ছফটৱেৰত ব্যৱহাৰ কৰা হয় । আমি নজনা কৈ আমাৰ কম্পিউটাৰ প্ৰায়বোৰ প্ৰ’গাম ASCII সংকেতত চলি আছে । নোটপেড, ৱৰ্ডপেড, আদিত লিখা সকলো কথাই আমি ASCII ত লিখা মেলা কৰো । ASCII সংকেত সমূহ যেনে- A=65, B=66, a=97, b=98 আদি । ASCII সংকেতৰ দৰে অন্য কেইটামান সংকেত হল – BCD (Binary Coded Decimal), ইউনিক’ড আদি ।
ইউনিক’ড:- যেতিয়া আমি আন্তঃজালত কোনো অ-ইংৰাজী পৃষ্ঠা খোলো তেন্তে আমি বেবেৰিবাং আখৰ হে দেখা পাওঁ । সেয়েহে তেনে আন্তঃজালৰ পৃষ্ঠা পঢ়িবলৈ আমি কোনো বিশেষ ফ’ন্ট ডাউনল’ড কৰিব লগীয়া হৈছিল । ফ’ন্ট হৈছে আখৰৰ সংকেত প্ৰকাশ কৰা এটা প্ৰক্ৰিয়া । আৰু এনে ধৰণৰ ফ’ন্ট হল .ttf আদি । কম্পিউটাৰৰ ব্যৱহাৰ ব্যাপক হৈ উঠাৰ লগে লগে বিশ্বৰ উন্নত দেশসমূহে নিজৰ ভাষাত কম্পিউটাৰ ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিলে আৰু তেতিয়াই আৰম্ভ হল এটা সমস্যা, যে আমি কম্পিউটাৰত ব্যৱহাৰ কৰা ASCII সংকেত সমূহে মাত্ৰ ২৫৬টা আখৰ হে প্ৰকাশ কৰিব পাৰে । তেনে ক্ষেত্ৰত বিশ্বৰ ইমানবোৰ আখৰ কেনেকৈ প্ৰকাশ কৰিব ? এই সমস্যাৰ সমাধান সূত্ৰ হিচাপেই ইউনিক’ডৰ অৱতাৰণা হল । ইউনিক’ড হ’ল এনে এটা পদ্ধতি যাৰ দ্বাৰা বিশ্বৰ প্ৰায় সকলো ভাষাৰ লিখনি বা লিপি সমূহ পৰ্য্যায় ক্ৰমে একো একোটা বিশেষ মানদণ্ডত ৰখাৰ প্ৰয়াস কৰা হৈছে । এই পদ্ধতিটো ১৯৯১ চনত Unicode inc নামৰ এটা অপেচাদাৰী সংগঠনে আৰম্ভ কৰিছিল । ইউনিক’ডে বিশ্বৰ প্ৰতিটো ভাষাৰ বৰ্ণমালাৰ বাবে একোটা সুকীয়া স্থানৰ সৃষ্টি কৰিছে, যেনে, বাংলা ভাষাৰ বাবে– U+0980 ৰ পৰা U+09FF, দেৱনাগৰী(হিন্দী)– U+0900 ৰ পৰা U+097F, তামিল ভাষাৰ বাবে– U+0B80ৰ পৰা U+0BFF আদি | এনেদৰে বিশ্বৰ প্ৰতিটো চিহ্নৰ বাবে একোটো বিশেষ স্থান নিৰ্ধাৰণ কৰাৰ বাবে বৰ্তমান বিশ্বত ব্যৱহাৰ হৈ থকা সকলো ইলেক্ট্ৰনিক সামগ্ৰীত বিশ্বৰ সকলো ভাষা ব্যৱহাৰ কৰিব পৰাটো সম্ভৱ পৰ হৈ পৰিছে । ইউনিক’ড এনে এটা পদ্ধতি যাক এৰাই পৃথিৱীৰ কোনো ভাষাই ভৱিষ্যতে জীয়াই থাকিব নোৱাৰে বা থাকিলেও সেই ভাষাই বিশ্ব দৰবাৰত সসন্মানে নিজৰ সুকীয়া অস্তিত্ব দখল কৰিবলৈ অসমৰ্থ হ’ব |
ইনিক’ডত অসমীয়া লিপিৰ নামকৰণ, লণ্ডনত সভা, নতুনত্ব ?
কথাবোৰ বেছি দীঘল নকৰি পোনপটীয়াকৈ মোৰ খু-দুৱনিটো ব্যক্ত কৰোঁ- বৰ্তমান (২০১৮ চনত) Unicode 11.0 Character Code Charts টো আছে অসমীয়া ভাষা লিখা হয় Bengali and Assamese লিপিৰে (ভিতৰত কিন্তু character বোৰ Bengali বুলিয়েই এতিয়াও আছে )৷
No photo description available.
উল্লেখনীয় যে Unicode 6.0 Character Code Charts (২০১১ চন) টো উল্লেখ আছে অসমীয়া ভাষা Bengali and Assamese লিপিৰে লিখা হয় (বাহিৰত)৷ ইয়াৰ মানে ইউনিক’ডে ২০১১ চনতে Unicode 6.0 Character Code Charts ৰ জৰিয়তে Bengali লিপিৰ নাম সলনি কৰি Bengali and Assamese লিপি কৰিছিল বহুকেইজন ব্যক্তিৰ আৱেদন আৰু যুক্তি অনুসৰি [তথ্য আমাৰ হাতত মজুত আছে]৷ অৱশ্যে চাৰ্ট খনৰ ভিতৰত বৰ্ণবোৰৰ নাম তেতিয়াও Bengali আছিল, আজিও Bengali বুলিয়ে আছে৷
No photo description available.
তেতিয়াই ( ২৭ ছেপ্টেম্বৰ ২০১১ চনতে) ইউনিক’ডে Bengali and Assamese নামকৰণ কৰি অসমীয়া ভাষাৰ বাবে সুকীয়া ঠাইৰ বাবে BIS জৰিয়তে আৱেদন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল৷
পিচত ৫ ফেব্ৰুৱাৰী ২০১৪ তাৰিখে নতুন দিল্লীত অসম চৰকাৰে গঠন কৰি দিয়া expert commitee ৰ লগত BIS ৰ সভা হৈছিল৷ তাৰ পিচত আকৌ লণ্ডনত হোৱা সভাৰ নতুনত্ব কি? লণ্ডনত অসমীয়া লিপিক ইউনিক’ডে স্বীকৃতি দিয়াটো এক ঐতিহাসিক ঘটনা বুলি মিডিয়াত কোৱা বক্তব্যৰ অৰ্থ বুজিবলৈ টান হৈছে৷কিবা যেন আহুকলীয়া অংক!
অসমীয়া:- আমি জানো যে ইউনিক’ড হল এনে এটা পদ্ধতি যাক এৰাই পৃথিৱীৰ কোনো ভাষাই নিজৰ সুকীয়া অস্তিত্ব দখল কৰিবলৈ সক্ষম নহ’ব । আমি আগতে উল্লেখ কৰিছো যে ইউনিক’ডে পৃথিৱীৰ প্ৰতিতো ভাষাৰ বাবে একোটাক সুকীয়া স্থান সৃষ্টি কৰিছে । কিন্তু ইউনিক’ডৰ আগৰ প্ৰতিবেদন সমূহত অসমীয়া ভাষাৰ বাবে অন্য কোনো সুকীয়া স্থান নিৰ্ণয় কৰা নাছিল । অসমীয়া ভাষাক বাংলা ভাষাৰ উপভাষা বুলিহে ইউনিক’ডে উল্লেখ কৰিছিল । কিন্তু সেই ক্ষেত্ৰত ‘অসম সাহিত্য সভা’ আৰু ‘Delex’ নামৰ এজন ব্যক্তিৰ অবিৰত প্ৰচেষ্টা তথা অকল্পিত ই-পত্ৰ(তথ্য সহ)ৰ বিনিময়ত ইউনিক’ডে তেওঁ লোকৰ পিছৰ প্ৰতিবেদন(ver. — Unicode 6.0) সমূহত বাংলা ভাষাৰ পৰিৱৰ্তে “Bengali and Assamese” বুলি উপস্থাপন কৰিলে । যিয়ে অসমীয়া বাবে এক প্ৰকাৰৰ সকাহ বুলিব পাৰি । কিন্তু আজি পৰ্যন্ত ইউনিক’ডে সলনি কৰা “Bengali and Assamese” লিপিৰ অন্তৰ্গত বিষয়ত, বাংলা বুলিয়ে আছে । আমাৰ আশা ইউনিক’ডে অতি সোনকালে সেয়াও সলনি কৰিব । বৰ্তমান আমি (অসমীয়া) আন্তঃৰাষ্ট্ৰীয় ভাষাৰ মৰ্য্যদা পোৱাৰ দিশে অগ্ৰসৰ, আৰু ইউনিক’ডে আমাক অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় ভাষাৰ মৰ্য্যদা দি আমাক অগ্ৰসৰ হোৱাত সহায় কৰক । এয়াই আমাৰ আশা । জয় আই অসম ।

গুগল অনুবাদত (Google Translate) অসমীয়া ভাষা যোগ হোৱাত মাইন উদ্দিনে (Main Uddin) গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ মূল অৱদানসমূহ হ’ল:

  1. ভাষাৰ ডেটা সংগ্ৰহ আৰু প্ৰদান: মাইন উদ্দিনে অসমীয়া ভাষাৰ বাবে বিপুল পৰিমাণৰ বাক্য, শব্দ আৰু অনুবাদ সংগ্ৰহ কৰি গুগলক দিছিল। এই ডেটা গুগলৰ Neural Machine Translation (NMT) সিস্টেমক শিকোৱাত সহায় কৰিছিল।
  2. অনুবাদৰ মানদণ্ড উন্নত কৰা: তেওঁ গুগলৰ স্বেচ্ছাসেৱক (Google Crowdsource) প্ৰ’গ্ৰামত অংশগ্ৰহণ কৰি অসমীয়া অনুবাদবোৰ শুদ্ধ কৰাত সহায় কৰিছিল।
  3. ভাষা প্ৰযুক্তিৰ বিকাশত অৱদান: গুগলৰ ভাষা সংযোজন প্ৰক্ৰিয়াত তেওঁ স্থানীয় ভাষা বিশেষজ্ঞ হিচাপে কাম কৰিছিল, যিয়ে অসমীয়াক গুগল অনুবাদত অন্তৰ্ভুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।মাইন উদ্দিনে গুগল অনুবাদত অসমীয়া ভাষা যোগ হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, বিশেষকৈ:
    • ডেটা সংগ্ৰহ: তেওঁ অসমীয়া ভাষাৰ হাজাৰ হাজাৰ বাক্য, শব্দ আৰু অনুবাদ সংগ্ৰহ কৰি গুগলক দিছিল।
    • গুগল ক্রাউডস’ৰ্ছ (Crowdsource): গুগলৰ এই প্লেটফৰ্মত স্বেচ্ছাসেৱক হিচাপে অসমীয়া অনুবাদবোৰ শুদ্ধ কৰাত সহায় কৰিছিল।
    • স্থানীয় ভাষা বিশেষজ্ঞ: তেওঁ অসমীয়া ভাষাৰ প্ৰযুক্তিগত দিশত (যেনে ইউনিক’ডৰ সৈতে খাপ খোৱাকৈ) গুগলৰ দলক পৰামৰ্শ দিছিল।
    • ইউনিক’ডে অসমীয়াক ডিজিটেল মাধ্যমত সঠিকভাৱে দেখুৱাব পাৰে।
    • গুগল অনুবাদে এই ইউনিক’ড-ভিত্তিক ডেটা ব্যৱহাৰ কৰি অসমীয়া অনুবাদ কৰে।
    • মাইন উদ্দিনে এই ডেটা সংগ্ৰহ আৰু প্ৰয়োগত সহায় কৰি অসমীয়াক গুগল অনুবাদলৈ অনাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

    মাইন উদ্দিনৰ দৰে ব্যক্তিসকলৰ অৱদানৰ বাবেই অসমীয়া ভাষাই ডিজিটেল জগতত স্থান পাইছে। ইউনিক’ড, গুগল অনুবাদ আৰু স্থানীয় ভাষা বিশেষজ্ঞৰ সহযোগিতা নোহোৱাহ’লে অসমীয়া ভাষাৰ বাবে আধুনিক অনুবাদ সেৱা সম্ভৱ নহ’লহেঁতেন।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.