চক্ৰবেহুত আবদ্ধ অসমৰ মিঞা

মাইন উদ্দিন: CAB বিৰোধী আন্দোলনক পৰিকল্পিতভাৱে “মিঞা” বিৰোধী আন্দোলনলৈ পর্যবেশিত হবলৈ বেছি পৰ নালাগে। স্পর্শকাতৰ ফটকা ফুটুৱা অঞ্চল লৈ গমণ নকৰাটোৱে উত্তম। অসম আন্দোলন ও, প্রথমে এনেকৈয়ে বিভিন্ন জনগোষ্ঠীয়ে সহযোগ কৰিছিল কিন্তু পিছলৈ সেয়া ‘বঙালী বিদ্বেষী’ আৰু সর্বশেষত ‘মিঞা বিদ্বেষী’ আন্দোলনত পৰিণত হৈছিল।
তথাকথিত মিঞাই ১৯২৬ তেই “অসমীয়া গ্রহণ” আন্দোলন কৰিছিল , ১৯৫১ ত হাতে কামে প্রমাণিত কৰিছিল , ১৯৬১ ত লিখিত ভাবে জনাই দিয়া হৈছিল আৰু ১৯৭২ ত প্রাণ বিসর্জন দি প্রমাণ দি থৈছে। এতিয়াও এই তথাকথিত মিঞাৰ অগ্রজ বুদ্ধিজীৱি সকলে প্রায় প্রতিদিনে ঘোষণা কৰিয়েই আছে যে ভাষাৰ ক্ষেত্রত ১৯২৬ ৰ স্থিতিত অটল আছে আৰু আগলৈ থাকিব তেন্তে কিয় এই শঙ্কা আৰু কাকলৈ এই শঙ্কা ?


এটা অৱহেলিত জনগোষ্ঠীৰ এই ঘটনাবোৰৰ বিশ্লেষণ কৰিবৰ প্রয়োজন আছে , ইতিহাস অবিহনে এটা জাতি/জনগোষ্ঠী মূল্যহীন।
১. গৌৰিনাথ সিংহ আৰু কেপ্তেইন ৱেলছৰ মাজত মাজত সম্পাদিত চুক্তি- ১৭৯৩
২. বেংগল প্রভিঞ্চ প্রশাসনৰ অসম প্রব্রজন আনুষ্ঠানিক ফৰমান – ১৮৫৩
৩. অসমত বৰভূইকপ আৰু মৰাপাট উদ্যোগ- ১৮৯৭
৪. মৈমানসিংহ জিলাৰ উচ্চপদস্থ চৰকাৰী বিষয়া A.J. Moffatt Mills ৰ ‘Colonisation Scheme’- ১৯০৬
৫. কামৰ পৰিবৰ্তে খাদ্য আঁচনি – ১৯১১
৬. কংগ্রেছ চৰকাৰে ‘লাইন প্রথা’ৰ প্রবৰ্তন -১৯২০
৭. লোকপিয়লৰ অধীক্ষক C.S. Mullan ৰ উদ্দেশ্য জড়িত ৰিপোৰ্ট -১৯৩১
৮. W Hockenhull-ৰ জনসংখ্যাৰ প্রতিবেদন-১৯৩৯
৯. ছাৰ ছাদুল্লাৰ “Grow More Food Scheme” – ১৯৪৩
১০. গোপীনাথ বৰদলৈ (কংগ্রেছ)ৰ ‘ট্রাইবেল বেল্ট আৰু ব্লক’ গঠন-১৯৪৬
১১. গোপীনাথ বৰদলৈ (কংগ্রেছ)ৰ “Assam Land Revenue Regulation”ৰ এক প্রাৰম্ভিক সংশোধণি- ১৯৪৭
১২. গোপীনাথ বৰদলৈ (কংগ্রেছ)ৰ “The Immigrants (Expulsion from Assam) Act, 1950”-১৯৫০
১৩. সাম্প্রদায়িক সংঘাত (Riot )-১৯৫০
১৪. দহ বছৰত (১৯৬১-১৯৭১ চনৰ) সময়ছোৱাত ৯,৬৭,০০০ জন অনুপ্রবেশকাৰীয়ে অসমত প্রবেশ কৰাৰ কথা কেন্দ্রীয় কংগ্ৰেছ চৰকাৰে আছুক অৱগত কৰে। – ১৯৭১
১৫. অসম আন্দোলন আৰম্ভ – ১৯৭৯
১৬. নেলী হত্যাকাণ্ড -১৯৮৩
১৭. অসম চুক্তি স্বাক্ষৰ -১৯৮৫
১৮. বড়োল্যান্ড আন্দোলন আৰম্ভ -১৯৮৯
১৯. বাঁশবাড়ী ৰিলিপি কেম্প হত্যাকাণ্ড -১৯৯৪
২০. নাৰায়ণগুড়ি হত্যাকাণ্ড – ২০১২
আন এটা কথা কবলৈ বাধ্য হৈছো যে – তিনিটা পুৰুষৰ (generation) ৰ জন্ম এই অসম ভূমিত আৰু এতিয়া আমাৰ দৰে নিঃকিন সকল চতুর্থ পুৰুষ(fourth generation), গতিকে অন্য দহজন অসমবাসীৰ দৰেই আমি অসমৰ আৰু অসম আমাৰ।
আমি বহুত আন্দোলন চালো একো লাভ নহল, আচলতে সাম্প্ৰদায়িক মেৰুকৰণৰ কবলত পৰিছোঁ। অসমখন মুছলমান প্ৰধান হৈ থাকিল নে হিন্দু প্ৰধান হৈ থাকিল, তাৰ লগত সাধাৰণ মুছলমানৰ কোনো সম্পর্ক নাই। এইটো আমাৰ বাবে কোনো সমস্যাও নহয় । অন্ন, বস্ত্ৰ, বাসস্থানেই হৈছে আমাৰ মূল সমস্যা কিন্তু এই সমস্যাক ঢাকি থৈ নতুনকৈ সৃষ্টি কৰিছে ৩ডি সমস্যা। তাৰোপৰি ভূতৰ ওপৰত দানব লম্ভা দি ৰৈ আছে সংখ্যাগুৰুৰ মাজৰ জন বিন্যাস পৰিবৰ্তনৰ শঙ্কা।

১. নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ ৰ জৰিয়তে ২০১৪ ৰ ডিচেম্বৰলৈ ভাৰতভূমিত প্রবেশ কৰা সকলো অমুছলমানক নাগৰিকত্ব দিয়া হব।
২. নতুন NRC ৰ জৰিয়তে ১৯৫১ চন ভিত্তি বর্ষ কৰি সকলো মুছলমানৰ নাগৰিকত্ব প্রমাণ কৰা হব আৰু কাগজ পাতিত অলপ বিসংগতি থাকিলে বিতাড়ন কৰা হব নতুবা ডিটেনচন কেম্পত ভৰাই থোৱা হব। (যিহেতু বাংলদেশে ইতিমধ্যে চৰকাৰী ভাবে ঘোষণা কৰিছে যে অসমত তেখেত সকলৰ কোনো নাগৰিক অবৈধ ভাবে বসবাস কৰা নাই। )
৩. অসম চুক্তিৰ আধাৰ মতে ১৯৭১ চনৰ ২৪ মার্চ বা তাৰ আগৰ বৈধ নথি থকা সকলে ভাৰতীয় নাগৰিক বুলি স্বীকৃতি পাব।
৪. উচ্চতম ন্যায়ালয়ৰ আদেশ মতে বঙ্গমূলৰ বাদে বাকী সকলোৱে পোনে পোনে “ডিফল্ট খিলঞ্জীয়া” হিচাবে NRC ত নাম অন্তর্ভুক্ত হব।
৫. অসম চুক্তিৰ ৬ নং দফা মতে অসমীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব কিন্তু আজিলৈ “অসমীয়া” গ্রহণযোগ্য সূত্র কোনোৱে দিব নোৱাৰিলে।
৬. ভাৰতৰ সংবিধানৰ অধ্যায় ১৪, ১৫, ১৬, ১৭,আৰু ১৮ ত সমতাৰ কথা কোৱা হৈছে কিন্তু নির্দিষ্ট ভাষা বা ধার্মিক গোষ্ঠীৰ ওপৰত ডি ভোটাৰ, ডিটেনছন কেম্প, ডি এন আৰ ছি আদি বাৰে বাৰে জাপি দিয়া হৈ আছে।
৭. ভাৰতীয় সংবিধানৰ ২৯, ৩০ আৰু ৩৬ অধ্যায়ত সংখ্যালঘু সম্প্রদাযয়ৰ অধিকাৰ ৰাষ্ট্ৰৰ দ্বাৰা সুৰক্ষিত কথা কোৱা হৈছে যদিও বর্তমানে সংখ্যালঘু সকলক শাৰীৰিক, মানসিক আৰু আর্থিক হাৰাশাস্তিৰ নতুন নতুন ফর্মুলা ডি ভোটাৰ, ডিটেনছন কেম্প, ডি এন আৰ ছি আদিৰ জৰিয়তে উলিয়াই থকা হৈছে।
৮. বিদেশী মুক্ত অসম লাগে বুলি ও দাবী কৰে আকৌ CAB জৰিয়তে সকলো অমুছলমানক নাগৰিকত্ব দিলেও সুখী হয়।
৯. অসম আন্দোলনৰ দৰেই বিদেশী বিতাড়নক প্রতক্ষ ভাবে মুছলমান বিতাড়ন আন্দোলন লৈ পর্যবেশিত কৰাত প্রায় সকলোৱে হাত উজান দিয়ে।
১০. তথ্যক গুৰুত্ব নিদি কেৱল আৱেগেৰে এটা জনগোষ্ঠীৰ ওপৰত আন এটা জনগোষ্ঠীৰ প্রভুত্ব বিস্তাৰ কৰাৰ মানসিকতা গঢ় দিয়াত প্রায় সকলোৱে আগভাগ লোৱা দেখা গৈছে।
বঙ্গমূলীয় কওক বা চৰ চাপৰি বাসী বুলি কওক বা গেদা বুলিয়েই কওক নতুবা মিঞা বুলিয়েই কওক, এই ইছলাম ধর্মী মানুহ খিনিক লৈ সকলোৱে নিজৰ ইচ্ছামতে খেল খেলি ৰাতি টোৰ ভিতৰত নেতা হৈ পৰে। এনেকি কিছুমানে মন্ত্রী, এম এল এ হোৱাৰ উপৰিও জাতীয় নায়ক উপাধিও পায়। অতীতলৈ অকণমান ঘূৰি চালেই দেখা যায় –
১৯১৯ চনত কিছুমানে এই মানুহ খিনিৰ অন্ন -বস্ত্র -বাসস্থানৰ বিৰোধ কৰাৰ কাৰণে বহু জনে সন্মানীয় উপাধি লাভ কৰিছিল আৰু সেই সময়ৰ চৰকাৰে “লাইন প্রথা -১৯২০” জাপি দিছিল। অসম বিধান সভাৰ সদস্য মৌলনা আব্দুল হামিদ খান ভাসানীৰ প্রচেষ্টাত কিছু সকাহ পাইছিল যদিও “চেগু খান” খ্যাত ভাসানীৰ “পাকিস্তান” প্ৰীতিয়ে আকৌ অসুবিধাত পেলাইছিল। ভূতৰ ওপৰত দানৱ দেখা দিয়া দি “লোকপিয়লৰ অধীক্ষক C.S. Mullan ৰ উদ্দেশ্য জড়িত ৰিপোৰ্ট -১৯৩১” আৰু “W Hockenhull-ৰ জনসংখ্যাৰ প্রতিবেদন-১৯৩৯” এ এই মানুহ খিনিক বেছিকৈ ক্ষতিগ্রস্ত কৰিছিল। ছাৰ ছাদুল্লাই কিছু পৰিমানে আশাৰ বতৰা দিছিল যদিও, তেখেতৰ “Grow More Food Scheme” – ১৯৪৩ এ মানুহ খিনিক অধিক জুৰুলা কৰিছিল কাৰণ এই মানুহ খিনিৰ কামৰ (খেতি-বাতি) বাদে অন্য কোনো সুবিধা দিয়া নাছিল। গোপীনাথ বৰদলৈ (কংগ্রেছ)ৰ ‘ট্রাইবেল বেল্ট আৰু ব্লক’ গঠন-১৯৪৬ প্রক্রিয়াই এই মানুহ খিনি আৰু জনজাতীয় সকলৰ মাজত এক বৃহৎ প্ৰাচীৰ সৃষ্টি কৰিছিল যিটো আজিও বিদ্যমান হৈ আছে। চলিহা আৰু মেধি ডাঙৰীয়াই চৰকাৰী ভাবে প্রয়োগ কৰা “কুইট ইন্ডিয়া আসাম” অভিযানে কম নুগুৰ নাকতি কৰা নাছিল।
১৯৭১ চনত কেন্দ্রীয় কংগ্ৰেছ চৰকাৰে আছুক অৱগত দহবছৰীয়া অনুপ্রবেশকাৰীৰ পৰিসংখানে (১৯৬১-১৯৭১ সময়ছোৱাত ৯,৬৭,০০০ জন ) পৰিস্থিতি অধিক ভয়াবহ কৰি তুলিছিল। আওপকীয়াকৈ কব গলে – “অসম আন্দোলন’ ৰ অন্যতম কাৰক আছিল এই পৰিসংখান। কোনোটো জনগোষ্ঠীয়ে নতুন কৈ প্রব্রজন কৰিছিল সেয়া সকলোৱে জানে যদিও আক্রমণৰ লক্ষ্য মাত্র এই মানুহ খিনিয়েই হৈছিল। এই মানুহ খিনিৰ নূন্যতম মানবাধিকাৰৰ কথা উত্থাপন কৰা বাবে বহু কেইজন বাঁও মানবাধিকাৰ কর্মী লাঞ্চিত হব লগা হৈছিল। নেলী,নাগবান্ধা,চাউলখোৱা, মুকালমুৱা, বাঁশবাড়ী, আমটেঙ্গা, নাৰায়ণগুৰি আদি সৃষ্টি কৰি আতংকিত কৰিয়েই ৰাখিছে। ১৯৮৮ চনৰ পৰা আৰম্ভ হোৱা “হেয়াৰিঙ” প্রক্রিয়া প্রতি বছৰে আহে নতুন নতুন নাম লৈ। আমোদজনক ভাবে বর্তমানে – এই জনগোষ্ঠীৰ সকলোৱে অঘোষিত ভাৱে উপাধি এটা পায় “সন্দেহযুক্ত নাগৰিক” বা “সন্দেহজনক বাংলাদেশী”, সাৰি নাযায় ১৭৯৩ চনৰ গৌৰিনাথ সিংহ আৰু কেপ্তেইন ৱেলছৰ মাজত মাজত সম্পাদিত চুক্তি মর্মে অহাখিনিৰ সতি-সন্ততি ও।

১৯৯৭ চনত ‘ডি ভোটাৰ ‘ক এজিপিয়ে জন্ম দিছে,কংগ্ৰেছে তাক পোহ-পাল দি জীয়াই ৰখিছে,ইউডি এফে তাক শেষ কৰাৰ প্ৰতিশ্ৰুতি দি ৰক্ষা কৰিব নোৱাৰিলে এতিয়া বিজেপিয়ে ‘ডি’ ৰ গইনালৈ এই মানুহ খিনিক যমৰ যাতনা দিছে। আনহাতে গেৰুৱা বাহিনীয়ে “CAB-২০১৯”” নামৰ “দিল্লী কা লাড্ডূ” টোৰে অসমৰ মানুহৰ মাজত ভাগ বতৰা কৰা অভিযানত সম্পূর্ণ সফল হৈছে।
জাতীয়তাবাদী শিবিৰে বাংলাদেশী খেদিব নোৱাৰে সেয়া ধুৰূপ সত্য, এনেকি এই সময়ত চৰকাৰে ও নোৱাৰে। লাখ লাখ বিদেশী(যদি আছে) খেদাৰ কিছুমান আন্তর্জাতিক নিয়ম আছে যিটো কেৱল দিল্লীৰ কেন্দ্রীয় চৰকাৰ মান্তি হলেই নহব সংশ্লিষ্ট দেশ আৰু আন্তর্জাতিক মহল(মানবাধিকাৰ গোষ্ঠী) সম্মত হব লাগিব।
আন এটা অপ্রিয় সত্য উনুকিয়াব বিচাৰো – এই মানুহখিনি পেটৰ তাড়নাতেই হওক বা অন্য যিকোনো কাৰণেই প্রব্রজনৰ আদিতেই নিজস্ব কলা-কৃষ্টি , ভাষা-সংস্কৃতি ত্যাগ কৰিছে, সেয়া আছিল এক প্রাকৃতিক পৰিঘটনা। অন্য বস্ত্র আৰু বাসস্থানৰ তাগিদাত এই প্রব্রজন ঐতিহাসিক ভাবেই চলিয়েই আছে আৰু আগলৈ ও থাকিব। যিটো জনগোষ্ঠীৰ নিজস্ব ভাষা সংস্কৃতি নাই সেই জনগোষ্ঠী কোনো দিনেই জাতি হিচাবে পৰিচয় দিব নোৱাৰে , মানৱ সভ্যতাৰ ৫০০০ বছৰৰ ইতিহাসে এই কথাকেই কৈ আছে। গতিকে অসমীয়া জাতিত সম্পূর্ণ ৰূপে লীন যোৱাটোকে বহুতেই উত্তম বুলি মত প্রকাশ কৰিছে। ১২০+ অতিক্রম কৰাৰ পিছত এতিয়া আৰু পিছফালে উভতি যোৱাৰ পথ বন্ধ হৈ পৰিছে। যিসকল লোক এই অসম ভূমিলৈ ‘বাঙালি’ হিচাবে আহিছিল সেই সকলোৰ এজন ও জীৱিত নাই।
CAB নামৰ ব্যাধি টোৱে প্রতক্ষ্য ভাবে মিঞাৰ বিশেষ ক্ষতি নকৰিলেও ভাতে মৰাৰ যথেষ্ট থল আছে – কাৰণ – ভূমিহীন এই শ্রমজীবী সকলে ‘বাঙ্গালী জাতীয়তাবাদ’ কি জনা নাছিল আৰু আজিও তেখেত সকলৰ উত্তৰ পুৰুষেও নাজানে কিয়নো এই মানুহখিনি নিজৰ ইচ্ছাত অসমীয়া হৈছিল আমাৰ তথাকথিত মূলসুঁতিৰ দৰে ভাগ্যৰ বলত অসমীয়া হৈ জন্ম লোৱা নাই। যিখিনি জানে বা বুজি পায় , সেয়া সম্পূর্ণৰুপে ‘অসমীয়া জাতীয়তাবাদ’ বা অসমীয়াত্ব যদিও বহুতে মানি লব নিবিচাৰে । সেয়ে স্বতঃস্ফূর্ত ভাবে আন্দোলনলৈ আগুৱাই গৈছে কিন্তু মিঞা আন্দোলনত যোৱাৰ বাবে বহুতে ইচ্ছা নাথাকিলেও CAB সমর্থন কৰি ফটকা ফুটাই আছে বা নীৰৱে আছে।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.