অভিযোগ: মিঞা’ ৰ অবাধ বংশবৃদ্ধিয়ে অসমৰ সকলো সমস্যাৰ সৃষ্টি কৰিছেনে ?

মাইন উদ্দিন :

মিঞা’ ৰ অবাধ বংশবৃদ্ধিয়ে অসমৰ সকলো সমস্যাৰ সৃষ্টি কৰিছেনে ?

উপৰোক্ত প্রশ্নটোৰ  উত্তৰত প্রায় অসমৰ সকলো শ্ৰেণীৰ মানুহেই হয় বুলি কব কিন্তু সেয়া সচাঁ নহয়।  সত্যক উৎঘাটন কৰিবলৈ আমি অলপ ইতিহাসৰ পাত আৰু তথ্যৰ মাজেৰে গমণ কৰিব লাগিব।  ঐতিহাসিক ভাবে কোনোবাই মানি নললেও কথাটো সচাঁ যে তথাকথিত ‘মিঞা’ সকল তদান্তীন ভাৰতবৰ্ষৰ ‘দলিত’ (নিম্ন জাতি) আছিল। ৰজাঘৰীয়া তোষণ, উচ্চ বর্ণৰ শোষণ আৰু ইছলামৰ সৰল পন্থাক সাৰথি কৰি মুছলমান হৈছিল কিন্তু আর্থিক অৱস্থাৰ কোনো পৰিবৰ্তন হোৱা নাছিল। ইংৰাজ শাসন কালত আর্থিক অৱস্থা আৰু বেয়া হৈছিল। সেয়ে চৰকাৰী পৃষ্টপোষকতাত অসমৰ অনাবাদী ভূমি লৈ এই দুর্বল শ্ৰেণীটোক আমদানী কৰা হৈছিল। (এই বিষয়ে বহলাই আগতেই লিখিছো) । এই মানুহ খিনিক যি কামৰ বাবে ১২০ বছৰ আগতে আমদানী কৰা হৈছিল আজিও সেই একেই কামকে কৰি আছে।

এই মানুহ খিনিৰ মাজৰ পৰাই বুজন সংখ্যকে শিক্ষা-দীক্ষা গ্রহণ কৰি আধুনিক জীৱন ব্যৱস্থাক আকোঁৱালি লৈছে কিন্তু শিক্ষাৰ পোহৰ নোপোৱা সকলে আজিও খাব লাগে , পিন্ধিব লাগে আৰু সন্তান জন্ম দিব লাগে – ইয়াকেই জীৱন বুলি কোৱাটোকে শিকিলে। এতিয়া প্রশ্ন হয় – এই মানুহ খিনিক উদ্ধাৰৰ চেষ্টা নকৰা নহয় আৰু কিঞ্চিৎ হলেও সফল হৈছে বুলিও কব পাৰি। আজিৰ তাৰিখত ৪০ বছৰ বা আসে পাশে থকা বয়সৰ যিকোনো ‘মিঞা’ ৰ এটাতকৈ বেছি পত্নী নাই আৰু ২ টাতকৈ বেছি সন্তানো নাই। উদাহৰণ বিচাৰি দূৰলৈ যোৱাৰ প্রয়োজন নাই – আমাৰ দুয়োৰে বয়স ৪০+ কিন্তু সন্তান মাত্র এজন আৰু দ্বিতীয় সন্তানৰ কল্পনা ও কৰিব পৰা নাই। আমি দুয়ো উপার্জনক্ষম। গতিকে ‘অবাধ’ শব্দটো সেয়ে স্বীকাৰ কৰি লোৱাত টান পাইছো। আমি দিন ৰাতি , হাটে -ঘাটে , পেপাৰে পত্রিকাই , ফেচবুক, টুইটাৰ আদিত চিয়ঁৰি থাকি বহু খিনিয়েই পৰিবৰ্তন কৰিবলৈ সক্ষম নহলেও কিবা এটা কৰিব পাৰিছো যে সেয়া নিশ্চিত। মোৰ সমবয়সীয়া শিক্ষিত চামৰ মাজত ‘অবাধ’ শব্দটোকে বিচাৰি নাপায়। জনসংখ্যা বৃদ্ধিৰ পৰিসংখ্যা বিভাগৰ তথ্য মতে (২০১১) অন্যান্ন জনগোষ্ঠীৰ তুলনাত ০.০৩% কম।

মন্দিৰ, মছজিদ , সত্র আদিৰ সান্নিধ্যত বাল্যকাল কটাইছো আৰু আজিও সময় পালে অহা যোৱা চলিয়েই থাকে । ধর্মক ময়ো বিশ্বাস কৰো আৰু দৈনিক নামাজ আদায়ত ও কৃপণালি নকৰো। সেই বুলি মোক ধর্মান্ধ নিশ্চয় কব নোৱাৰে। হয়, শিক্ষিত চামৰ কৰিব লগীয়া বহু খিনিয়েই আছে। পৰিবৰ্তন বল কৰি কৰিব নোৱাৰি, এয়া প্রাকৃতিক ঘটনা আৰু প্রাকৃতিক ভাবেই হৈয়েই আছে। সময় লাগিব আৰু সেই দিনটোলৈ অপেক্ষা কৰাৰ বিকল্প নাই, যদি আছে বুলি ধৰি লয় তেন্তে হিতে -বিপৰীত হোৱাৰ সম্ভবনা নুই কৰিব নোৱাৰি।

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

One Comment

  1. প্রায় প্রত্যেক দহ বছৰৰ মূৰে মূৰে যেতিয়া ভাৰতৰ জনগণনা বা লোকপিয়লৰ প্রতিবেদন প্রস্তুত কৰা হয় আৰু ধর্মৰ ভিত্তিত জনসংখ্যা বৃদ্ধিৰ হাৰৰ কথা উঠে, তেতিয়া আলোচনা প্রায় কিছু বিশিষ্ট সম্প্রদায়ৰ জনসংখ্যাৰ ‘অনিয়ন্ত্রিত’ বৃদ্ধিৰ প্রসংগতে সীমাবদ্ধ থাকে৷ ২০১১ চনৰ লোকপিয়লৰ ধর্ম ভিত্তিক জনসংখ্যা বৃদ্ধিৰ প্রতিবেদনখন ২০১৫ চনৰ আগষ্ট মাহতহে প্রকাশ কৰা হৈছিল আৰু একেধৰণৰ বিতর্ক গা কৰি উঠিল৷ ৯০ ৰ দশকৰ কুখ্যাত শ্ল’গান ‘হম দো হামাৰে দো ঔৰ ৱ পাঁচ ঔৰ উনকে পচিশ’ আজিও বহুতে বিশ্বাস কৰে৷ এইধৰণৰ শ্ল’গানৰ জৰিয়তে মুছলমান সম্প্রদায়ৰ জনগাঁথনি বিশ্লেষণ কৰা হয় আৰু তেওঁলোকৰ জন্মৰ হাৰ বেছি হোৱাৰ একমাত্র কাৰণ ধর্ম বুলি ধৰি লোৱা হয়৷ কিন্তু আছল কাৰণবোৰ অনুধাৱন কৰা দেখা নাযায়। বিশেষকৈ অসমৰ প্ৰেক্ষাপটত দেখা যায় যে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰস্তুত কৰা আঁচনি সমুহ সংখ্যালঘু অঞ্চল সমূহত সম্পূৰ্ণৰুপে ৰুপায়ণ নহয়। যাৰ ফলত আঁচনি সমূহৰ জৰিয়তে চৰান্চল বা গাৱঁলীয়া অঞ্চল ৰাইজে সুফল নাপায়। হাম দো হামাৰি দো শ্লোগান বহুপূৰণি যদিও কাৰ্য্যক্ষেত্ৰত দেখা যায় যে এয়া অকল শ্লোগান হৈয়ে ৰৈ গল। জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিফল হোৱাৰ মূখ্য কাৰণটো হল শিক্ষাৰ অভাৱ। অতি দূৰ্ভাগ্যজনক বিষয়টো হল যে বিগত চৰকাৰ বা বৰ্ত্তমানৰ চৰকাৰেই হওক সংখ্যালঘু অঞ্চল সমূহত পৰ্য্যাপ্ত পৰামাণে M.E,H.S H.S.S বিদ্যালয়ৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সংখ্যালঘু অঞ্চল সমূহত শিক্ষিত হাৰ যথেষ্ঠ কম। এতিয়ালৈ চৰান্চল বা গাৱঁলীয়া অঞ্চল সমূহত পৰ্য্যাপ্ত পৰিমাণে বিদ্যুত যোগান ধৰা হোৱা নাই। অসম মুলকত এতিয়াও এনেকুৱা অঞ্চল আছে যত চৰকাৰৰ কোনো আচনিয়েই ঢুকি পোৱা নাই।চৰকাৰে অকল নিৰ্ব্বাচনৰ সময়ত ভোটৰ স্বাৰ্থত সেই অঞ্চল সমূহৰ কথা মনত পৰা দেখা যায়। এই বিষয় সমূহ জন্ম নিয়ন্ত্ৰণ লগত জডিত হৈ আছে। এই বিষয় সমূহ গুৰুত্ব সহকাৰে লোৱাৰ নিশ্চয় প্ৰয়োজন আছে। পিছে ২০১১ৰ লোকপিয়লৰ প্রতিবেদনে কিছু ইতিবাচক ধাৰাৰ উমান দিছে৷ প্রত্যেক সম্প্রদায়ৰ জন্মৰ হাৰ কমিছে আৰু মুছলমান সম্প্রদায়ৰ ক্ষেত্রত এই হ্রাসৰ অনুপাত সবাতোকৈ বেছি৷ পূর্বৱর্তী দশকৰ তুলনাত এইবাৰ মুছলমান সম্প্রদায়ৰ বৃদ্ধিৰ হাৰ আছিল ০.৮ হিন্দু আৰু মুছলমান সম্প্রদায়ৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰৰ ব্যৱধান ক্রমশঃ কম হৈ আহিছে৷ কিন্তু তাৰ পিছতো মুছলমান সম্প্রদায়ৰ জনসংখ্যা বৃদ্ধিৰ হাৰক লৈ বহুতো ৰাজনৈতিক দলে আন সম্প্রদায়ক শংকিত কৰাৰ ৰাজনীতি কৰা দেখিবলৈ পোৱা যায়। এনে ধাৰণাই প্রায়ে জনসংখ্যাৰ বৃদ্ধিৰ সমস্যাৰ বিষয় এটাৰ নিৰপেক্ষ আলোচনা অসম্ভৱ কৰি তোলে৷ ৰাজনৈতিক দলবোৰে বিভিন্ন সম্প্রদায়ৰ পক্ষলৈ বোকা ছটিওৱাৰ ৰাজনীতিত লিপ্ত হৈ পৰে৷ Economic and Political Weeklyত ৰবিন আৰু পেট্রিছিয়া জেফ্রীৰ প্রকাশিত প্রবন্ধ ‘Saffron Demography, Common Wisdom, Aspirations and Uneven Governmentalities'ৰ মতে কিছু দক্ষিণপন্থী হিন্দুত্ববাদী ৰাজনৈতিক নেতাই হিন্দু আৰু মুছলমান সম্প্রদায়ৰ জনগণৰ বৃদ্ধিৰ পার্থক্যৰ বিষয়ে মিথ্যাচাৰ প্রচাৰ কৰে৷ তেনে মিথ্যাচাৰ ইমানবাৰ দোহৰাই থকা হয় যে এইবোৰ সাধাৰণ জ্ঞানৰ অংশ হৈ উঠে৷ অৱস্থা এনে হয় যে নীতি ৰচনা কৰাৰ সময়তো চৰকাৰে এটা সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ কথাই বেছিকৈ চিন্তা কৰে আৰু নিদিষ্ট সম্প্ৰদায়ৰ মানুহ খিনিক দমন কৰি ৰখাৰ ষড়যন্ত্ৰ কৰা পৰিলক্ষিত হয় ।

    নুৰ ইছ্লাম
    সাধাৰণ সম্পাদক ইত্তেহাদ ফ্ৰন্ট,অসম ৰাজ্যিক সমিতি

Leave a Reply

Your email address will not be published.