অসমত মিঞা শব্দৰ উৎপত্বি আৰু বিকাশ

গুৱাহাটী, মাইন উদ্দিন : অসমৰ চৰ-চাপৰিত বসবাস কৰা মুছমান মানুহক বহুতে বহুত নামেৰে নামাকৰণ কৰা দেখা যায় যেনে মিঞা, ভাটিয়া, পমুৱা, শ্বেখ, অভিবাসী মুছলমান , পূৰ্ব-বঙ্গীয় মুছলমান আদি৷ যদিও ‘মিঞা’ শব্দটো বেছি চৰ্চিত হোৱা দেখা যায়৷ মোৰ “তথাকথিত মিঞা আৰু কিছু অপ্রিয় চিন্তা” নামৰ প্রবন্ধত বহল ভাবে ব্যাখ্যা কৰিছিলো । প্ৰকৃততে মিঞা হৈছে এটা পাৰ্চী মূলীয় সম্ভোদন সূচক শব্দ যাৰ অসমীয়া প্রতি শব্দ হয় – সন্মানীয়, ডাঙৰীয়া, মহাশয় আদি। অসমৰ বাহিৰত এই শব্দটো প্রকৃত অর্থতেই ব্যৱহাৰ কৰা হয় যদিও অসমত কিন্তু এটা নির্দিষ্ট ভাষা-বাসী জনগোষ্ঠীৰ মানুহক ঠাট্টা বা উপলুঙা বা নীচ বুলি দেখুৱাবৰ বাবেই ব্যৱহাৰ কৰা হয়। এইখিনিতে আন এটা কথা কৈ থব বিচাৰো যে – কোনো জনগোষ্ঠীয়েই বিশেষ নাম লৈ সৃষ্টি হোৱা নাই , পৰিবেশ, পৰিস্থিতি আৰু বাসস্থানৰ অবস্থানে নতুন নাম লোৱাত কাৰক হিচাবে কাম কৰিছে। ইতিহাসৰ পাত লুটিয়ালেই এনে হাজাৰ টা উদাহৰণ পোৱা যায়। এনেকি আমাৰ অসমত ও ২০০ বছৰ আগলৈ বর্তমান দপদপাই থকা বহু কেইটা জনগোষ্ঠীৰ নাম গোন্ধ ও নাছিল।ইতিহাসৰ পাত খুলিলে দেখা যায় যে ১৮৫৭ চনত কিছু সংখ্যক বঙ্গবাসী জমিদাৰ বংশৰ লোক ইংৰাজ সকলক সহায় কৰিবলৈ লৈ আহে আৰু এই মানুহখিনি উচ্চ বংশৰ পদবীধাৰী হোৱা কাৰণেই ইংৰাজ বিষয়া সকলে মিঞা বুলি সম্বোদন কৰিছিল। সেয়া আছিল আৰম্ভণি।

জ্যোতিপ্ৰসাদ আগৰৱালাই চৰ-চাপৰিত বসবাস কৰা মুছমান মানুহক ‘ন-অসমীয়া মৈমনচিঙিয়া’ অভিধাটো প্রথমে ব্যৱহাৰ কৰে যদিও ই পিছত নিজেই ব্যৱহাৰ কৰিবলৈ এৰে৷

হোমেন বৰগোহাঞিয়ে এই সম্প্ৰদায়টোক প্ৰথমে ‘ ন-অসমীয়া ‘ অভিধাটো ব্যৱহাৰ কৰে যদিও পিছলৈ ‘আমাৰ অসম’ৰ এক সম্পাদকীয় পৃষ্ঠাত উক্ত সম্প্ৰদায়টোৰ নাম ‘মিঞা অসমীয়া’ হব লাগে বুলি মন্তব্য আগবঢ়ায়৷ কিন্তু অসমৰ বিদ্বৎ সমাজে এই নামটো গুৰূত্ব নিদিয়াত অসম সাহিত্য সভাৰ ৬৬তম ডিব্ৰুগড় অধিৱেশনত সভাপতিৰ অভিভাষনত উক্ত মুছলমান সম্প্ৰদায়টোক ‘মিঞা অসমীয়া’ৰ সলনি ব্যবহাৰ কৰিল ‘মিঞা মুছলমান’ বুলি৷ অৱশ্যে তেওৰ অভিভাষনত উল্লেখ কৰি কয় যে এই মুছলমান সম্প্ৰদায়টো আন্তৰিকতাৰে অসমীয়া সমাজৰ লগত মিলি অসমীয়া মানুহৰ সংখ্যা বৃদ্ধি কৰিছে৷ পিছলৈ ই ৰাজনৈতি আৰু অৰাজনৈতিক দল সংঘঠন মহলত মিঞা মুছলমান’ শব্দটো অধিক জনপ্ৰিয় হয় তাৰে একমাত্ৰ কাৰণ আছিল হয়তো মিঞাৰ লগত অসমীয়া শব্দ বাদ পৰা ৷ নগেন শইকীয়া ডাঙৰীয়াই আকৌ এই মানুহ খিনিক লোহিত্য সম্প্রদায় বুলি কৈছিল।

এই সম্প্ৰদায়টো অতদিনৰ পৰা আজিলৈ মিঞা, ভাটিয়া, পমুৱা,শ্বেখ,অভিবাসী মুছলমান , পূৰ্ব-বঙ্গীয় মুছলমান আদি সব নাম পাব পাৰে কিন্তু অকল অসমীয়াৰ বাদে৷ কিয়? যদিও নিজৰ লৰা-ছোৱলীক অসমীয়া মাধ্যমত পঢ়ায় আৰু অসমীয়া সাংস্কৃতি গ্ৰহণ কৰে৷তথাপিও………
ইহত বাংলাদেশী আৰু ইহতক যিয়ে নেতৃত্ব দিব সি হবগৈ বাংলাদেশীৰ এজেন্ট৷ এই অপবাদ কিয় আৰু কিমান দিনলৈ ?

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.