অসমীয়া ভাষা আৰু অসমৰ মুছলমান সমাজৰ আত্মীয়তা

মাইন উদ্দিন: অসমীয়া ভাষা সাহিত্যৰ বাবে মুছলমানসকলে কম ত্যাগ স্বীকাৰ কৰা নাই তাৰ উদাহৰণ বহুত আছে। মুছলমানসকলৰ পৱিত্ৰ ধৰ্ম গ্ৰন্থ কোৰআন শ্বৰীফত স্পষ্ট ভাষাত উল্লেখ আছে –

‘ইন্না জাআ’লনাহু ক্কোৰআনান আৰাবিয়্যাল লাআ’ল্লাকুম তা’ক্কিলূন’ (ছুৰা জুখৰুফ আয়াত ৩)

অৰ্থাৎ ‘নিশ্চয় ক্কোৰআনখনি উপস্থাপন কৰা হৈছে আৰবী ভাষাত, যাতে তোমালোকে বুজি পোৱা।’

তেনে ক্ষেত্ৰত মুছলমান সকলে আৰবী ভাষা ত্যাগ কৰি, নিজৰ মাতৃভাষা বাংলা ত্যাগ কৰি অসমীয়া ভাষা-সাহিত্য সংস্কৃতিক আদৰি লৈছে। এনে ত্যাগৰ নিদৰ্শন বিশ্বৰ দৰবাৰত বিৰল। অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ হকে ১৯৬০ চনৰ পৰা১৯৭২ চনলৈকে যি ভাষা আন্দোলন হৈছিল, সেই ভাষা আন্দোলনত অসমীয়া লোকৰ সৈতে বংগীয় মিঞা মুছলমানসকলে সমানে সহযোগিতা আগবঢ়াইছিল ।

যদি সেই সময়ত বংগীয় মিঞা  মুছলমানসকলে অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা গ্ৰহণ কৰিলেহেতেন, তেন্তে অসমীয়া ভাষাই চৰকাৰী ভাষা হিচাপে স্বীকৃতি পোৱাৰ পৰা বঞ্চিত হ’লহেতেন । একমাত্র ভাষাৰ বাবে পাকিস্তানৰ পৰা বাংলাদেশ পৃথক হোৱাৰ দৰে, একমাত্র ভাষাৰ বাবেই মুছলমানসকলক বিদেশী বুলি কোৱা হয় কিন্তু আজি অসমত বাংলাভাষা থকা হ’লে মুছলমানসকলক বাংলাদেশী বুলি ক’ব নোৱাৰিলে হেতেন ।

অসমৰ বহু কেইজন স্বনামধন্য সাহিত্যিক – বুদ্ধিজীবিৰ লগত ব্যক্তিগত চিনাকি সূত্রেই হওক বা ফেচবুকৰ জৰিয়তেই হওক কথা কোৱাৰ সুযোগ হৈছে ! অসম আৰু অসমীয়াৰ প্রতিটো সমস্যা লৈ কোনোবা নহয় কোনোবাৰ লগত প্রতি দিনেই আলোচনা হয় !

গতানুগতিক ভাবে আজিও ৭ জনৰ লগত টেলিফোনিক বার্তালাপ হয় আৰু প্রতিজনেই বিভিন্ন সমস্যাৰ লগতে বঙ্গমূলীয় চৰ -চাপৰিৰ মানুহ খিনিৰ ভবিষ্যত সম্পর্কেও আলোচনা হয় !
” বঙ্গমূলীয় চৰ -চাপৰিৰ মানুহ খিনি এনেই ১০০ বছৰ তথাকথিত মূলসুঁতিৰ তুলনাত পিছপৰা তাৰোপৰি কিছু স্বার্থন্বেষী মানুহৰ কাৰণে আৰু ১০০ বছৰ পিছুৱাই দিয়াৰ ষড়যন্ত্র চলি আছে ! “
কথাষাৰ যদি ও মই বুজি পোৱাত কষ্ট হোৱা নাছিল তথাপি বিতং কৈ বুজাই দিবলৈ খাটনি ধৰাত –
“১০০+ বছৰ হল মানুহ খিনিয়ে নিজৰ ভাষা সংস্কৃতি ত্যাগ কৰি অসমীয়া জাতীয় জীৱনৰ লগত মিলি গৈছে বা যাবলৈ চেষ্টা কৰি আছে , ইয়াৰ পোনপটীয়া অর্থ হল – এই মানুহ খিনি এতিয়া আৰু বঙালী হৈ থকা নাই ! এনেকি বহতকে পাইছো – বঙালী কব নোৱাৰে আৰু কলেও ৭০% অশুদ্ধ হয় ! অর্থাৎ এই মানুহ খিনিক কিছুমানে আকৌ বঙালী বনাব বিচাৰি আছে , ১০০+ বছৰ আগতে এৰি আহা স্থানৰ পৰা আৰম্ব কৰিব লৈ উচটাই আছে ! গতিকে এই মানুহ খিনি মুঠ ২০০ বছৰ পিছুৱাই যাব !”
এয়া মৌলিক সত্য, ইয়াত বিতৰ্কৰ অৱকাশ নাই। কিন্তু বৰ্তমান গান্ধীৰ দেশ নাই, শান্তিৰ দেশ নাই। অসমৰ বিভিন্ন ঠাইত সংখ্যালঘু মুছলমানক হত্যা, মাৰপিট, ঘৰ-বাৰী জ্বলাই দিয়া ঘটনাবোৰ ধাৰাবাহিক ভাৱে সংগঠিত হ’বলৈ লৈছে। নেলিত কিমান মুছলমানক হত্যা কৰা হ’ল? তাৰ প্ৰতিজন মুছলমানৰ প্ৰতিটোপাল তেজৰ উচিত মূল্য অসম তথা ভাৰত চৰকাৰে দিব লাগিব।

এই সত্য প্ৰতিজন তথাকথিত মূলসুঁতিৰ অসমীয়াই জানে যদিওঁ অসমৰ পৰিশ্ৰমী অন্যতম বৃহত্তম জনগোষ্ঠিটোক দুৰ্বল কৰি ৰাখিবলৈ অহৰহ চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে ৷ সহজ সৰল অসমীয়া সৰ্বসাধাৰণ ৰাইজৰ নেপথ্যত থাকি এচাম অসাধু চক্ৰই উল্লেখিত জনগোষ্ঠীটোৰ ইতিহাস বিকৃত কৰি নেতিবাচক ছবি এটা অসমীয়া ৰাইজৰ জনমানসত প্ৰতিষ্ঠা কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰাটো বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে নিশ্চতভাৱে অশুভ সংকেত ৷

অৱশেষত এই নিঃকিনৰ প্রত্যক্ষ মতামত – ” আমাক মানি ললেও অসমীয়া আৰু মানি নললেও অসমীয়া ! অসম আৰু অসমীয়াৰ স্বাৰ্থত অনিল-মুজ্জামিল হোৱাত অকণো কুন্ঠাবোধ নকৰোঁ !”

Posted in Miya People.

Main Uddin

Columnist , Author, Blogger, E-marketer, Entrepreneur, Day dreamer

Leave a Reply

Your email address will not be published.